নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ অধীনস্থ বৃহত্তৰ বামুন দংৰা অঞ্চলত বছৰ বছৰ ধৰি হৈ থকা ব্ৰক্ষ্মপুত্ৰ নদীৰ খহনীয়া ৰোধ কৰিবলৈ এতিয়া ৰাইজে নিজেই হাতে- কামে ওলাই আহিছে। জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতিৰোধী কামলৈ অপেক্ষা নকৰি ৰাইজে নিজেই গাঁঠিৰ ধন ব্যয় কৰি বাহঁ পুতি খহনীয়া প্ৰতিৰোধৰ বাবে চলাইছে আপ্ৰান প্ৰচেষ্টা।নৈৰ পাৰত সকলোৱে একত্ৰিত হৈ বৃহত্তৰ অঞ্চলটো যাতে অনাগত দিনত খহনীয়াৰ কালৰূপৰ পৰা ৰক্ষা পৰে তাৰ বাবে সকলোৱে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়। স্থানীয় যুৱক ছফিউৰ ৰহমানৰ সহযোগত আৰু বামুন দংৰা খহনীয়া প্ৰতিৰোধ সমিতিয়ে প্ৰাৰম্ভিক পৰ্য্যায়ত তিনিশ মিটাৰ খহনীয়াগ্ৰস্ত এলেকাত বাহঁ পুতি উক্ত প্ৰতিৰোধী কামৰ শুভাৰম্ভণি কৰে। অৱশ্যে পৰৱৰ্তী সময়তো ৰাইজৰ দান-বৰঙণিৰে চলিব এই প্ৰতিৰোধী কাম। সেয়ে এতিয়া নৈপৰীয়া দুৰ্ভোগীয়া ৰাইজে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা জলসম্পদ বিভাগক স্থায়ী বাবে খহনীয়া ৰোধ কৰিবলৈ অনুৰোধ জনাইছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ