৮০ শতাংশ ঔষধৰ দাম গড়ে ১৮%লৈ বৃদ্ধিঃ ৰাগী–পৰিয়ালৰ হাহাকাৰ
নিয়মীয়া বাৰ্তা, ১ মেঃ খাদ্যবস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যই সর্বসাধাৰণক দিশহাৰা কৰি তোলাৰ সময়তে এইবাৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিয়ে সাধাৰণ লোকৰ মূৰত আন এক ৰামটাঙোন শোধাইছে৷ প্রায় প্রতিদিনে খাদ্য–সামগ্রীৰ দাম বৃদ্ধি পাই থকাৰ সময়তে দুখীয়া আৰু মধ্যবিত্ত লোকৰ বাবে এইবাৰ চিন্তা বঢ়াইছে ঔষধৰ অভাৱনীয় দৰে৷ কাহ–জ্বৰ, ৰক্তচাপ, মধুমেহকে ধৰি প্রায় প্রতিবিধ ৰোগৰ ঔষধৰ দাম ১৫ৰ পৰা ২০ শতাংশলৈ বৃদ্ধিৰে ৰোগীকো চিন্তিত কৰি তুলিছে৷ উল্লেখ্য যে এক এপ্রিলৰ পৰা অত্যাৱশ্যকীয়, জীৱন ৰক্ষাকাৰী ঔষধৰ দাম বৃদ্ধি হ’ব বুলি ভাৰতীয় ৰাষ্ট্রীয় ফার্মাচিউটিকেল মূল্য নির্ধাৰণ কর্তৃপক্ষই ঘোষণা কৰিছিল৷
সংস্থাটোৱে ১০.৭ শতাংশ মূল্যবৃদ্ধিৰ সম্ভাৱনাৰ কথা ঘোষণা কৰিছিল যদিও এনে সম্ভাৱনাক অধিক উদ্বিগ্ন কৰি এপ্রিল মাহৰ শেষ সময়ছোৱাতে প্রায় প্রতিবিধ ঔষধৰ দাম ২০ শতাংশলৈ বৃদ্ধি পোৱাত সাধাৰণ ৰাইজৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ যি সময়ত খাদ্য–সামগ্রীৰ দামবৃদ্ধিয়ে মধ্যবিত্ত আৰু দৰিদ্র পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে, ভূতৰ ওপৰত দানহ পৰাদি ঔষধৰ মূল্যবৃদ্ধিয়ে একপ্রকাৰ অচলা অৱস্থাৰ সৃষ্টি কৰিছে৷ মন কৰিবলগীয়া যে ঔষধৰ বজাৰত সাধাৰণ জ্বৰৰ ঔষধৰ দাম ২০ শতাংশলৈ বৃদ্ধি পাইছে৷ সেয়াই নহয়, কাহ, ৰক্তচাপ আৰু মধুমেহ ৰোগৰ ঔষধৰ দামো ২০ শতাংশলৈ বৃদ্ধি হৈছে৷
একেদৰে সকলো ভিটামিনৰ দাম ১৫ শতাংশকৈ বৃদ্ধি পাইছে৷ মধুমেহত আক্রান্ত ৰোগীৰ অতি প্রয়োজনীয় গ্লাইক’মেট–৫০০ৰ দাম ৯৫ টকাৰ পৰা ১২৫ টকালৈ বৃদ্ধি আৰু লিভাৰৰ বাবে ব্যৱহাৰ হৈ থকা ইউডিলিভৰ দাম ৬৪১ৰ পৰা ৬৯৪ টকালৈ বৃদ্ধি পাইছে৷ সেইদৰে ইনছুলিন লৈ থকা ৰোগীসকলৰ বাবেও এই দামবৃদ্ধিয়ে আনিছে বেয়া খবৰ৷ ইনছুলিনৰ দাম ১০ শতাংশকৈ বৃদ্ধি পাইছে৷ একেদৰে ৰক্তচাপ ৰোগীৰ প্রতিবিধ ঔষধৰ দাম ১০ শতাংশকৈ বৃদ্ধি পাইছে৷ নভমিক্স–৩০ পেনফিলৰ দাম ৭৩০ টকাৰ পৰা ৭৭৪ টকালৈ বৃদ্ধি পাইছে৷ একেদৰে বৃক্ক অথবা কিডনীজনিত ৰোগৰ ঔধষৰ দামো ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাইছে৷ গেছৰ দৰব পান–ডি একোটা টেবলেটৰ দাম ১০ টকাৰ পৰা বৃদ্ধি হৈ ১২.৫০ টকা হৈছেগৈ৷ সেইদৰে কাহৰ ঔষধৰ দাম ১৫ শতাংশলৈ বৃদ্ধি পাইছে৷ গৰমৰ এই সময়ছোৱাত সাধাৰণ লোকে সেৱন কৰা একোটা অ’ আৰ এছৰ দাম ৪০ৰ পৰা ৪২ টকালৈ বৃদ্ধি হৈছে৷
এনে দামবৃদ্ধিয়ে সাধাৰণ জনতাৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে৷ ৰোগীৰ কথাই চিন্তা কৰিবনে, চিকিৎসাৰ ব্যয়ৰ কথা চিন্তা কৰিব, তাক লৈও দিশহাৰা হৈছে সাধাৰণ ৰাইজ৷ যোৱা ৪৮ ঘণ্টাত ঔষধৰ এনে দামবৃদ্ধিয়ে ঔষধ বিক্রেতাসকলকো যথেষ্ট বিবুধিত পেলাইছে৷ গুৱাহাটীৰ পাণবজাৰত পাইকাৰী ঔষধ বিক্রীৰ বজাৰৰ ব্যৱসায়ীসকলৰ মতে, ৮০ শতাংশ ঔষধৰ দাম গড়ে ১৮ শতাংশকৈ বৃদ্ধি পাইছে৷ অচিৰেই এই দাম হ্রাস পোৱাৰ সম্ভাৱনা নাই৷ এনে অৱস্থাত সাধাৰণ ৰাইজে খাদ্য–সামগ্রী ক্রয়ৰ চিন্তা কৰিবনে, পৰিয়ালৰ অসুস্থ সদস্যক সুস্থ কৰাৰ বাবে ঔষধ ক্রয় কৰিব, সেই চিন্তাই আউল লগাইছে৷ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে গুৱাহাটীকে ধৰি বিভিন্ন চহৰত সাধাৰণ ৰাইজে বিনামূলীয়া ঔষধ বিচাৰি চৰকাৰী চিকিৎসালয়ত ভিৰ কৰিবলগীয়া হৈছে৷ এই দিশত চৰকাৰৰ নীৰৱ স্থিতিক লৈও ক্ষুব্ধ হৈ পৰিছে সাধাৰণ ৰাইজ৷