নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীৰ মহৰিচুকত প:ৰাগ উৎসৱৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ :  নামনি মাজুলীৰ বৃহত্তৰ মহৰিচুক অঞ্চলৰ ৰাইজে ১৬ ডিচেম্বৰত ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে আগন্তুক প:ৰাগ উৎসৱৰ লাইখুঁটা স্থাপন কৰে। মিচিং জনজাতিসকলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ১৬ ডিচেম্বৰৰ পুৱা ৯.৪৫ বজাত নামনি মাজুলীৰ মলুৱাল-মালাপিন্ধা ডাইক বান্ধৰ কাষত প্ৰাক্তন বিধায়ক যোগেশ্বৰ দলেৰ সমন্বয় ক্ষেত্ৰত প:ৰাগ উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। মিচিং জনগোষ্ঠীৰ উপাস্য দেৱতা চন্দ্ৰ-সূৰ্যক পূজা কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে ১৬ ডিচেম্বৰৰ পুৱা উক্ত লাইখুঁটা স্থাপন কৰে মহৰিচুক প:ৰাগ উৎসৱৰ মিগম বৰা বীৰেন দলে, ডেকা বৰা নাগেশ্বৰ দলে আৰু তিৰি বৰা বাণীকান্ত পেগুৱে। মহৰিচুক উন্নয়ন সমিতি আৰু মহৰিচুক যুৱক সংঘৰ উদ্যোগত প:ৰাগ উৎসৱ উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত মহৰিচুক অঞ্চলৰ শ শ লোকে অংশগ্ৰহণ কৰে। প:ৰাগ উৎসৱৰ সকলো ধৰ্মীয় ৰীতি-নীতি সমাপনৰ পাছত মহৰিচুক অঞ্চলৰ ৰাইজে বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰে। মহৰিচুক অঞ্চলৰ শ শ যুৱক-যুৱতী, জী, বোৱাৰী আদিয়ে সমূহীয়া গুমৰাগ নৃত্য পৰিৱেশন কৰি অঞ্চলটো আনন্দমুখৰ কৰি তোলে। মিচিং ঐনিতমৰ সুৰ, গুমৰাগৰ ছন্দ, মিচিং ঢোল-তাল, পেঁপা, বাঁহীৰ শব্দত উক্ত লাইখুঁটা স্থাপনস্থলী এক উৎসৱ ক্ষেত্ৰত পৰিণত হয়। উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত মহৰিচুক অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে মহৰিচুকৰ সকলো মুখিয়াল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মহৰিচুক উন্নয়ন সমিতিৰ সভাপতি কিৰণ দলে, সম্পাদক পৰেশ দলে, প:ৰাগ উৎসৱ উদযাপন সমিতিৰ সভাপতি ভৱেশ মিচং আৰু সম্পাদক বিজয় পাহাদী আৰু মহৰিচুক যুৱক সংঘৰ সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে নামনি মাজুলীৰ মহৰিচুকত অহা ২৯ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উক্ত প:ৰাগ উৎসৱ উদযাপন কৰা হ’ব। ইতিমধ্যে প:ৰাগ উৎসৱৰ বাবে এখন বৃহৎ উদযাপন সমিতি গঠন কৰি উৎসৱৰ মিগম বৰা হিচাপে বীৰেন দলে, ডেকা বৰা হিচাপে নাগেশ্বৰ দলে, তিৰি বৰা হিচাপে বাণীকান্ত পেগুক দায়িত্ব অৰ্পণ কৰি কাম-কাজ আৰম্ভ কৰিছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 
You might also like