বিশেষ বাৰ্তা, ২২ অক্টোবৰ : ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাকক্ষত আজি গ্ৰন্থাগাৰিক, গ্ৰন্থাগাৰ বৃত্তিধাৰী, গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞানৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপ-গ্ৰন্থাগাৰিক তথা আজিৰ সভাৰ সভাপতি প্ৰকাশ গগৈয়ে বন্তি প্ৰজ্বলন কৰা সভাখন মাধৱদেৱৰ এটি ঘোষাৰে শুভাৰম্ভ কৰে আহ্বায়ক সমিতিৰ সমন্বয়ক তথা মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক যাদৱজ্যোতি শইকীয়া আৰু ডিব্ৰু মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক দীপিকা দাসে। ডি, এইচ, এছ, কে, মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° পল্লৱী গগৈয়ে আদৰণী ভাষণ প্ৰদান কৰা এই সভাতেই ডি এইচ এছ কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াক সভাপতি আৰু যাদৱজ্যোতি শইকীয়াক সম্পাদক হিচাপে লৈ ২১জনীয়া সমিতি বিশিষ্ট ডিব্ৰুগড় গ্ৰন্থাগাৰ সংস্থাৰ গঠন হয়। প্ৰণিধানযোগ্য যে তৰুণ সংঘ গ্ৰাম্য পুথিভঁৰাল, চহৰীকটাৰ গ্ৰন্থাগাৰিক ভোগেশ্বৰ সোণোৱাল, ইয়ং ব্লু ক্লাব আৰু পুথিভঁৰাল, চাবুৱাৰ গ্ৰন্থাগাৰিক প্ৰভাত চেতিয়া, বিশ্ববিদ্যালয় গ্ৰন্থাগাৰৰ ড° কাকলি দুৱৰা, অসম চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুৰজ কুমাৰ গগৈ, কৃষ্ণ চাহু, নাহৰকটীয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুৰজ গগৈ, মৰাণ বানিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক নয়নমণি বৰাকে আদি কৰি কেইবাগৰাকীও লোকে বক্তব্য আগবঢ়োৱা সভাখনত বৰ্তমান সময়ত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি, গ্ৰাম্য পুথিভঁৰালৰ শ্ৰীবৃদ্ধি, অসম গ্ৰন্থাগাৰ আইন প্ৰণয়ন আদিৰ বাবে পদক্ষেপ ল’বলৈ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰন্থাগাৰিক দীপিকা দাসে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা