নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ কাজিপাৰাত নির্ভয় নিচামুক্তি কেন্দ্র স্থাপন

🔹 নিচাসক্ত  যুৱকক মানসিক–শাৰীৰিক চিকিৎসা প্রদান

নিয়মীয়া বার্তা, ১০ অক্টোবৰ : নলবাৰী জিলাৰ কাজিপাৰাত কম খৰচত উপলব্ধ হৈছে এটা নিচামুক্তি কেন্দ্র৷ নিচামুক্তি কেন্দ্রটোৰ দ্বাৰা এচাম নিচাগ্রস্ত যুৱকক মানসিক, শাৰীৰিক চিকিৎসা দিয়া হৈছে৷ বর্তমান নৱপ্রজন্মৰ বাবে মাৰাত্মক ব্যাধি হৈ পৰিছে নিচা৷ গাঁও, চহৰ সকলোতে এতিয়া নিচাসক্ত যুৱক৷ এতিয়া নিচাসক্ত যুৱকে নিজৰ পৰিয়ালৰ লগতে সমাজতো অৰাজক পৰিস্থিতি সৃষ্টি কৰি আহিছে৷ হাই–কাজিয়া বাঢ়িছে৷ আনকি নিচাসক্ত যুৱকৰ হাতত পিতৃ–মাতৃ লাঞ্ছিত হোৱাই নহয়, শাৰীৰিকভাৱেও নিগৃহীত হৈছে৷ অকালতে নিঃশেষ হৈ যাবলৈ ধৰিছে একাংশ যুৱক৷ পিতৃ–মাতৃ, ভাই–ভনীৰে ভৰি থকা এখন সুন্দৰ ঘৰ ধ্বংসৰ মুখলৈ লৈ গৈছে৷ উপায়হীন হৈ পৰিছে পিতৃ– মাতৃ৷ ফলত পিতৃ–মাতৃয়ে চকুপানী মচি থাকিবলগীয়া হৈছে৷ তেনে সময়তে নলবাৰী চহৰৰ কাজিপাৰাত এটা তিনি মহলীয়া ঘৰ ভাৰাত লৈ এটা নিচামুক্তি কেন্দ্ৰ আৰম্ভ কৰিছে সমাজ সংস্কাৰ কৰিব খোজা এজন যুৱকে৷ তেওঁ হ’ল গীতার্থ দেৱ শর্মা৷ উল্লেখ্য যে উক্ত নিচামুক্তি কেন্দ্রটোত নিচাসক্ত যুৱকসকলক উচিত চিকিৎসা কৰি সম্পূর্ণভাৱে নিচামুক্ত কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে নির্ভয় নিচামুক্তি কেন্দ্রত গুৱাহাটী, নলবাৰী, বৰপেটা, কলগাছিয়া, কার্বি আংলং, হাউলী, ধুবুৰী আদি বিভিন্ন ঠাইৰ প্রায় ২০গৰাকী নিচাসক্ত যুৱকক মানসিক, শাৰীৰিক, বৌদ্ধিক, যোগাসন আদিৰ দ্বাৰা চিকিৎসা চলাই আছে৷ কেন্দ্রটোত মানসিক চিকিৎসক কৃতিকা আগৰৱালা, যোগ প্রশিক্ষক দীপিকা দেৱীয়ে সেৱা আগবঢ়াই আহিছে৷ ইতিমধ্যে কেইবাজনো যুৱকক সুস্থ কৰি আপোন ঘৰলৈ পঠিয়াইছে৷ সুন্দৰকৈ চাফ–চিকুণ কৰি ৰখা, প্রত্যেক যুৱকৰ বাবে সুকীয়া বিছনা তথা খোৱাৰ ব্যৱস্থা উপলব্ধ নির্ভয় নিচামুক্তি কেন্দ্রটোত গীতার্থ দেৱ শর্মাক সকলো সময়তে সহায়–সহযোগ কৰি আহিছে শ্বাহিল ৰব্বানি ৰহমান, কাউন্সিলৰ পৰশমণি বুজৰবৰুৱা আদিয়ে৷

প্ৰেৰক বীৰেন কলিতা

You might also like