নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ বাহনীত শংকৰদেৱ সংগীত বিদ্যালয় স্থাপন

বিশেষ বাৰ্তা, ১৬ আগষ্টঃ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বাহনী অঞ্চলত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘শ্ৰীমন্ত শংকৰদেৱ সংগীত বিদ্যালয়’ নামেৰে এক সংগীত বিদ্যালয় স্থাপন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান সত্ৰীয়া সংস্কৃতিৰ নৃত্য-গীত-বাদ্য সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে এই অমূল্য সম্পদসমূহ নৱপ্ৰজন্মক শিকাই বুজাই পাকৈত কৰি সাংস্কৃতিক ক্ষেত্ৰখনত খোজ মিলাই আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে এই সংগীত বিদ্যালয়খন স্থাপন কৰা হৈছে। বাহনী চাহ বাগিচাত স্থাপন কৰা এই সংগীত বিদ্যালয়খন স্থাপনৰ সময়ত দবা, শংখ, কাঁ‌হ, হৰিধ্বনি, উৰুলি, মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে। বিশিষ্ট ক্ৰীড়াবিদ চিৰঞ্জীৱ শৰ্মাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো মুকলি কৰে। আনহাতে, বাহনী চাহ বাগিচাৰ পৰিচালক, সংস্কৃতিৱান যুৱক মনোজ বৰগোঁ‌হাইৰ সভাপতিত্বত এক সভাও অনুষ্ঠিত হয়। কৃতী শিক্ষক নগেন গগৈয়ে আঁত ধৰা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগীত বিদ্যালয়খনৰ অধ্যক্ষ নিতুমনি ফুকনে। বিদ্যালয়ৰখনৰ সভাপতি ৰশ্মি বৰগোহাঁইয়ে আদৰণী ভাষন প্ৰদান কৰাৰ অন্তত সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ সাধক বন্দনা গগৈয়ে সংত্ৰীয়া সংস্কৃতিৰ তাৎপৰ্য ব্যাখ্যা কৰে। বিজয় পুৰ অংকুৰ মইনা পাৰিজাতৰ মইনাসকলে সমবেত সংগীত পৰিৱেশন কৰাৰ পাছতে শিক্ষক সুৰেন চুতীয়া, সমাজকৰ্মী সমীৰন গগৈ, দিগন্ত গগৈ, বিদ্যুত হাজৰিকা আদিৰ লগতে কেইবাগৰাকীও অভিভাৱকে বক্তব্য প্ৰদান কৰি সীমামূৰীয়া অঞ্চলটোত সত্ৰীয়া সংস্কৃতিক আগুৱাই নিবলৈ কৰা প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানটোত প্ৰতিভাৱান শিল্পী ৰূপশিখা কলিতাই গীত পৰিৱেশন কৰাৰ পাছতে কেইবাগৰাকীও কণ কণ মইনাই গীত-নৃত্য পৰিৱেশন কৰে। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক সাগৰ নায়কে জানিবলৈ দিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like