🔹 গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনত মৃণালিনী দেৱী
নিয়মীয়া বার্তা, হাৱাজান, ১৩ নৱেম্বৰ : ‘গুৰু ব্রহ্মা গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ’ জ্ঞানৰ শ্লোকেৰে আৰম্ভ কৰি অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি তথা বিশিষ্টা লেখিকা মৃণালিনী দেৱীয়ে গহপুুুৰ মহকুমাৰ সোলেঙীৰ এখন সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বক্তব্য আগবঢ়ায়৷ তেওঁ ভাষণ প্রসংগত কয়, ‘সুন্দৰ আৰু পৱিত্র চিন্তাৰ গৰাকী হ’বলৈ হ’লে মানুহৰ আধ্যাত্মিক জ্ঞান আৰু নৈতিক শিক্ষাৰ অতি প্রয়োজন৷ মানৱীয় গুণ আৰু সৎ জ্ঞানৰ আধাৰ হ’ল নৈতিকতা৷ আমি সঁচাকৈয়ে আদর্শ মানৱ জীৱনৰ লক্ষ্যত উপনীত হ’ব লাগিব৷ তাৰ বাবে লাগিব মার্গ দর্শনৰ চিন্তাধাৰা৷ বর্তমান আমাৰ সমাজত ইয়াৰ অৱক্ষয় ঘটিছে৷ ইয়াৰ উন্নতিৰ চিন্তা কৰিলে প্রথমে আমি আধ্যাত্মিক শিক্ষাৰ প্রচাৰ আৰু প্রসাৰ কৰিব লাগিব৷ এইক্ষেত্রত গহপুুৰ মহকুমাৰ শংকৰদেৱ শিক্ষা নিকেতনে যুগান্তকাৰী ভূমিকা গ্রহণ কৰিছে’ বুলি উল্লেখ কৰি তেওঁ তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ উল্লেখ্য যে অসমৰ অন্যতম ব্যতিক্রমী শিক্ষানুষ্ঠান গহপুুৰস্থিত শংকৰদেৱ শিক্ষা নিকেতনৰ বার্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাখন সম্পন্ন হয়৷ অধিৱেশনৰ মূল সভাখন পৰহি অনুষ্ঠিত হয়৷ বিস্তৃত কার্যসূচীৰে সম্পন্ন হোৱা মূল সভাৰ কার্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, ভেশচন প্রতিযোগিতাৰ পিছত ১০ বজাৰ পৰা মূল সভা অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰে নিকেতনৰ মুখ্য পৃষ্ঠপোষক স্বর্ণপ্রভা গোস্বামীয়ে৷ ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ, লেখক ড০ অঞ্জন কুমাৰ ওজাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ মৃদুল হাজৰিকাই অংশগ্রহণ কৰি মননশীল বক্তব্য প্রদান কৰে৷ ছাত্র–ছাত্রীক উদ্বুদ্ধ কৰি তেওঁ ভাষণ প্রসংগত ছাত্র–ছাত্রীৰ সফলতা কেনেদৰে লাভ কৰিব পাৰি আৰু শিক্ষার্থীয়ে জ্ঞানৰ গভীৰতালৈ গৈ শিক্ষা আহৰণ কৰি কৃতকার্যতা লাভ কৰা বিষয়সমূহ উল্লেখ কৰে৷ নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াই আঁত ধৰা সভাখনত উত্তৰ অসমৰ বহুকেইখন শিশু নিকেতনৰ প্রধান আচার্যই অংশগ্রহণ কৰে৷ নিকেতনখনৰ সবল বিদ্যায়তনিক দিশৰ লগতে সমান্তৰালভাৱে আধ্যাত্মিক শিক্ষাৰে ছাত্র–ছাত্রীসকলক প্রভান্বিত কৰি শৈক্ষিক উত্তৰণত ছাত্র–ছাত্রীক আগুৱাই নিবলৈ সক্ষম হোৱা বুলি শলাগ লৈ মন্তব্য প্রদান কৰে অভিভাৱক সমাজে৷ নিকেতনৰ প্রেক্ষাগৃহত অনুষ্ঠিত প্রথম দিনৰ কার্যসূচীত ‘বর্তমান প্রেক্ষাপটত যুৱ প্রজন্মৰ চিন্তা’ শীর্ষক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয়৷ উক্ত আলোচনাত বক্তব্য প্রদান কৰে যুৱ বক্তা প্রিয়ানু প্রিয়ংকা কাশ্যপে৷ উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ তৰণী ডেকাই বিশিষ্ট অতিথি হিচাপে যুৱ প্রজন্মৰ মানসিক চিন্তাৰ উত্তৰণৰ বিকাশ সন্দর্ভত বক্তব্য প্রদান কৰে৷ সেইদৰে দ্বিতীয় দিনা নিকেতনৰ বার্ষিক আলোচনী উন্মোচন আৰু বৌদ্ধিক উত্তৰণ সভা অনুষ্ঠিত হয়৷ বার্ষিক আলোচনী ‘কৰতল কমল’ শীর্ষক আলোচনীখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ তেওঁ আলোচনীখন উন্মোচন কৰি ভাষণ প্রসংগত ছাত্র–ছাত্রীক শিক্ষাৰ লগতে সাহিত্য চর্চা কৰাৰ আহ্বান জনায়৷ ইয়াৰ পিছত ‘গুণগত শিক্ষাৰে বিশ্বমুখী শৈক্ষিক যাত্রাত ছাত্র–ছাত্রীৰ কৰণীয়’ শীর্ষক আলোচনা–চক্র অনুষ্ঠিত হয়৷ উক্ত আলোচনা–চক্রত লণ্ডনৰ বিশিষ্ট চিকিৎসক ড০ জয়ন্ত বিশ্ব শর্মাই আলোচক হিচাপে অংশগ্রহণ কৰি বত্তৃণতা প্রদান কৰে৷ তেওঁ ভাষণ প্রসংগত ছাত্র–ছাত্রীক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ ভাষণত কয়, ‘এফালে আমি বিশ্বমুখী হ’ব বিচাৰিছোঁ, আনফালে আমি আমাৰ চিৰন্তন সভ্যতা–সংস্কৃতি এৰিব খোজা নাই৷ আমি তাতে সংপৃক্ত হৈ বিশ্বমুখী হ’ব বিচাৰিছোঁ৷ বেলেগ দেশৰ ছাত্র– ছাত্রীসকলৰ ওপৰত এনে প্রত্যাশা নাই৷ তোমালোক এনে এখন দেশৰ ছাত্র–ছাত্রী, য’ত তোমালোকৰ ওপৰত প্রত্যাশা বহুত বেছি৷ আমি প্রাচীন চিন্তাধাৰা, পৰম্পৰাৰ প্রতি নিষ্ঠা ৰাখি বিশ্বমুখী হ’ব লাগিব৷ এয়া সহজ কথা নহয়৷ তাৰ বাবে তোমালোকে কিছু অগতানুগতিক চিন্তা কৰিব পাৰিব লাগিব৷’ গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বৌদ্ধিক উত্তৰণ সভাত ড০ জয়ন্ত বিশ্ব শর্মাই ছাত্র–ছাত্রীৰ লগতে অভিভাৱক–অভিভাৱিকা, শিক্ষক–শিক্ষয়িত্রীক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ তিনিও দিনৰ সমূহ কার্যসূচীত নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামী, উপ–সভাপতি উজ্জ্বল গোস্বামীৰ লগতে বিশিষ্ট ব্যক্তি, অভিভাৱক সমাজে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷