নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ফুলববা হুছেইনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ শিৱসাগৰ চহৰৰ গাতে লাগি থকা মেটেকা আমগুৰি গাঁৱৰ তিনি নং জি জি এচ পথ নিৱাসী অৱসৰপ্ৰাপ্ত অ এন জি চিৰ কৰ্মচাৰী ফুলববা হুছেইন( ৭৩) ৰ আজি সন্ধিয়া পাঁচ বজাত নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ ফুলববা হুছেইন বিগত দুটা বছৰ ধৰি গুৰুত্বৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল ৷ উল্লেখ্য যে, এগৰাকী সুদক্ষ টেস্কী চালক হিচাবে পৰিচিত ফুলববা হুছেইনে নিজৰ একগ্ৰতা- দক্ষতাৰ বলত অ এন জি চিত নিযুক্তি লাভ কৰি পৰৱৰ্তী সময়ত বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰিছিল ৷ অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজৰ লগত ওতপ্ৰোতভাৱে জড়িত ফুলববা হুছেইন এগৰাকী অতি সৰল প্ৰকৃতিৰ ব্যক্তি আছিল ৷ইহ সংহাৰত পত্নী সহ দুজন পুত্ৰ, দুগৰাকী জীয়াৰী, নাতি নাতিনী সহ এটা বৃহত পৰিয়াল এৰি থৈ যোৱা ফুলববা হুছেইনৰ জানাজা অহা কাইলৈ বিয়লি দুই বজাত ৰংপুৰ আঞ্চলিক কৱৰস্থানত সম্পন্ন কৰা হব বুলি পৰিয়ালৰ সূত্ৰই জনাইছে ৷তেখেতৰ মৃত্যুত আমগুৰি বৰ মচজিদ পৰিচালনা সমিতি, আমগুৰি যুৱ জামাত, কেন্দ্ৰীয় বজাৰ ব্যৱসায়ী সন্থাৰ লগতে বহু অনুস্থান- প্ৰতিস্থানে গভীৰ শোঁক প্ৰকাশ কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like