নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নৈয়ে আমাক খেদিব বিচাৰিলেও আমি নৈক এৰিব নোৱাৰোঁ…’

🔹 চৰাইদেউত দিচাঙে চকুলো বোৱাইছে নৈপৰীয়াৰ
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : “নৈয়ে আমাক খেদিব বিচাৰিলেও আমি নৈক এৰিব নোৱাৰোঁ। কাৰণ আমাৰ দৰে নৈপৰীয়া মানুহৰ জীৱন-জীৱিকাৰ সৈতে নৈৰ সম্পৰ্ক অতি ঘনিষ্ঠ। সেয়ে নৈয়ে বান, খহনীয়া আদিৰে আমাৰ অনিষ্ট কৰি আহিলেও নৈক এৰি আমি থাকিব নোৱাৰোঁ।” চৰাইদেউ জিলাৰ অন্যতম প্ৰধান নৈ দিচাং নদীয়ে ব্যাপক খহনীয়া চলাই অহা সোণাৰিৰ হেলকাটুপৰ চফল যুৱক অংকুৰ দাসৰ এয়া সৰল উক্তি। অঞ্চলটোত দিচাং নৈয়ে ব্যাপক খহনীয়া চলাই অহা বিষয়টোৰ ওপৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ আগত নৈপৰীয়া যুৱকগৰাকীয়ে এনেদৰে মন্তব্য আগবঢ়ালে। “আমাৰ গাঁৱত ৬/৭ বিঘা মাটিত ঘৰ-বাৰী পাতি বসবাস কৰা মানুহৰ দিচাং নৈৰ খহনীয়াৰ বাবে এতিয়া ভেটি মাটি বুলিবলৈ ১ বিঘামানহে আছে। তৎসত্ত্বেও এই পৰিয়ালে আন ঠাইলৈ গুচি যোৱাৰ কথা চিন্তা নকৰে, কাৰণ নৈখনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আজন্ম বুলি তেওঁলোকে জ্ঞান কৰে আৰু আন ঠাইত মাটি ক্ৰয় কৰি ঘৰ পাতিবলৈ তেওঁলোক আৰ্থিকভাৱে সক্ষম নহয়” বুলি যুৱকগৰাকীয়ে মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ অন্যতম প্ৰধান নৈ দিচাং নদীয়ে দীৰ্ঘদিন ধৰি জিলাখনৰ একাধিক স্থানত ব্যাপক গৰাখহনীয়া সৃষ্টি কৰি বহু পৰিয়ালক গৃহহাৰা কৰি আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাত নৈপৰীয়া ৰাইজ দিশহাৰা হৈ পৰিছে। মন কৰিবলগীয়া যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা বৈ অহা খৰস্ৰোতা দিচাং নৈয়ে জিলাখনৰ বৃহত্তৰ বৰহাট, সাপেখাতী, ভজো, বৰাহী, হেলকাটুপ, দিচাংপানী, নঙলামৰা, লাকুৱা আদি অঞ্চলত ব্যাপক গৰাখহনীয়া কৰি আহিছে। জিলা সদৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ সীমা হিচাপে চিহ্নিত হৈ অহা নৈখনৰ প্ৰবল খহনীয়াত কেইবাশ পৰিয়ালে বিগত সময়ছোৱাত নিজৰ মাটি, ভেটি হেৰুৱাই অঘৰীৰ জীৱন যাপন কৰিবলগীয়া হৈছে। নৈখনে সৃষ্টি কৰা খহনীয়াত গৃহহাৰা হোৱা আৰু শংকিত হৈ পৰা জনতাই খহনীয়া ৰোধ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ সহযোগত ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংসদ তপন কুমাৰ গগৈক ইতিপূৰ্বে স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও আজি পৰ্যন্ত এই সমস্যা জ্বলন্ত হৈয়ে থাকিল বুলি খহনীয়াত সৰ্বস্বান্ত হোৱা নৈপৰীয়া ৰাইজে সাংবাদিকৰ আগত মন্তব্য আগবঢ়াইছে। প্ৰসংগক্ৰমে উল্লখ্য যে দীৰ্ঘদিন ধৰি নৈখনে সোণাৰিৰ ভজো পঞ্চায়তৰ অন্যান্য ঠাইৰ লগতে শিঙৰাজান, শিঙৰাজান চাহ বাগিচা অঞ্চলৰ লগতে চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ বৰাহী অঞ্চল, কছাৰী গাওঁ, হেলকাটুপ, নগাঁও, শুকতিটুপ, মনমোহন গাওঁ, চফ্ৰাই বৰপথাৰ আদি অঞ্চলত ধাৰাবাহিক খহনীয়া চলাই আহিছে। নৈখনৰ ব্যাপক খহনীয়াত আজি দুবছৰ কাল কেইবাশ বিঘা ভূমি নৈখনত জাহ গৈছে। চলিত বৰ্ষত হেলকাটুপ নামৰ গাওঁখনৰ কুৰিটা পৰিয়াল গৃহহাৰা হৈ পৰিছে বুলি জানিব পৰা গৈছে। পৰিতাপৰ বিষয় এয়ে যে এই খহনীয়া ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজ। পৰিতাপৰ বিষয় এয়ে যে বিগত বছৰসমূহত জিলাখনৰ কিছু কিছু স্থানত ব্যাপক ৰূপ ধাৰণ কৰা গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবদ বিভাগীয় কৰ্তৃপক্ষই কেৱল বাঁহৰ খুঁটা আদি পুতিয়েই দায়িত্ব সামৰিছে বুলি ক্ষুব্ধ জনতাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰিছে। সোণাৰি সমষ্টিৰ চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত হেলকাটুপ, গুজিবিল, নগাঁও আৰু বৰাহী গাঁৱত দিচাং নৈয়ে ব্যাপক খহনীয়া সৃষ্টি কৰাত নৈপৰীয়া গঞা ৰাইজৰ মাজত ব্যাপক শংকা নামি আহিছে। কৃষি নিৰ্ভৰশীল বৃহৎ অঞ্চলটোত নৈখনে সৃষ্টি কৰা খহনীয়া জিঅ’ বেগ বা শিলৰ স্পাৰ দিয়াৰ ব্যৱস্থা কৰি স্থায়ী প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ ওচৰত সংবাদ মাধ্যমযোগে গঞা ৰাইজে দাবী জনাইছে।
প্ৰেৰক দুষ্যন্ত নাথ
You might also like