🔹 নৱম শ্রেণীৰ ছাত্র–ছাত্রীক ৩.৭০ লাখ বিনামূলীয়া চাইকেল বিতৰণ
🔹 অহা বছৰৰ পৰা অষ্টম শ্রেণীৰ ছাত্র-ছাত্রীকো চাইকেল প্রদান কৰা হ’ব : মুখ্যমন্ত্রী
🔹 দূৰণিবটীয়া বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীকো দিব স্কুটী
বার্তা ব্যুৰ’, ১৪ অক্টোবৰ : বিদ্যার্থীৰ কল্যাণেৰে জ্ঞান অন্বেষণৰ যাত্রাপথ সুগম কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়ত অধ্যয়নৰত নৱম শ্রেণীৰ ছাত্র–ছাত্রীক প্রদান কৰা হ’ল বিনামূলীয়া চাইকেল৷ তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত কালি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চাইকেল বিতৰণ কার্যসূচীৰ শুভাৰম্ভ কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রীৰ ঘোষণা– অহা বর্ষৰ পৰা অষ্টম শ্রেণীৰ শিক্ষার্থীকো প্রদান কৰা হ’ব চাইকেল৷ তদুপৰি যিসকল শিক্ষক–শিক্ষয়িত্রীৰ বিদ্যালয়সমূহ দূৰণিবটীয়া হোৱাৰ বাবে বিদ্যালয়লৈ অহাত পলম হয়, তেওঁলোকৰ বাবেও স্কুটী দিয়াৰ আঁচনি লোৱা হ’ব৷ উল্লেখ্য যে বিনামূলীয়া চাইকেল বিতৰণ আঁচনিৰ অধীনত ১,৬০,৬১২গৰাকী ছাত্র আৰু ২,০৮,৮৪২গৰাকী ছাত্রীক (মুঠ ৩,৬৯,৪৫৪গৰাকী) বিনামূলীয়াকৈ চাইকেল প্রদান কৰা হ’ব৷ ইয়াৰ বাবে সর্বমুঠ ব্যয় হ’ব ১৬১ কোটি টকা৷ এই আঁচনিৰ অধীনতে শোণিতপুৰ জিলাৰ ১২,৮৪৮গৰাকী ছাত্র–ছাত্রীৰ মাজত চাইকেল বিতৰণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রীয়ে৷ এই অনুষ্ঠানতে ভাষণ দি মুখ্যমন্ত্রীগৰাকীয়ে চাইকেল পোৱাৰ পিছত স্কুল খতি নকৰিবলৈ আহ্বান জনাই ছাত্র–ছাত্রীসকলক উদ্দেশ্যি কয়– পঢ়া–শুনাৰ লগতে খেল–ধেমালিতো সকলোৱে গুৰুত্ব দিব লাগিব৷ তদুপৰি নিজৰ বিদ্যালয়খন পৰিষ্কাৰ আৰু সেউজীয়া কৰি ৰখাত ছাত্র–ছাত্রীসকলে মনোযোগ দিব লাগিব৷ শ্রমৰ কোনো পার্থক্য নাথাকে৷ সেয়েহে ছাত্র–ছাত্রীসকলক দৈনন্দিন কামৰ ক্ষেত্রত কোনোধৰণৰ অৱহেলা নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীৰ মন্তব্য– চাইকেল পালেই নহ’ব, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব লাগিব৷ শিক্ষার্থীসকলক উদ্দেশ্যি পুনৰ তেওঁ কয়– আজি আমাৰ বাবে এটা আনন্দৰ দিন৷ অসমৰ ছাত্র–ছাত্রীসকল স্কুললৈ যাওঁতে অলপ হ’লেও সহায়ক হ’ব৷ আজি ৰাজ্যৰ নৱম শ্রেণীৰ সকলো ছাত্র–ছাত্রীক চাইকেল দিবলৈ সক্ষম হৈছোঁ৷ অতি সোনকালে অষ্টম শ্রেণীৰ ছাত্র–ছাত্রীকো প্রদান কৰা হ’ব চাইকেল৷ অনুষ্ঠানত ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যখনৰ শৈক্ষিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে৷ এই প্রয়াসৰ অংশ হিচাপে বিনামূলীয়া চাইকেল প্রদান কৰা হৈছে৷ ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তিৰ প্রক্রিয়াটোও ধাৰাবাহিকভাৱে চলাই আহিছে৷ চলিত বর্ষতে পুনৰ ১০ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব৷ দাক্ষিণাত্যৰ শিক্ষা সংস্কৰণৰ মূল মন্ত্র একত্রীকৰণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে শৈক্ষিক মান, আন্তঃগাঁথনি অধিক শক্তিশালীকৰণৰ বাবে একত্রীকৰণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এনেবোৰ বিষয়ত বৌদ্ধিক সমাজে ঋণাত্মক দৃষ্টিভংগীৰে চোৱাৰ পৰিৱর্তে ইতিবাচক দৃষ্টিভংগীৰে চাব লাগিব৷ স্বাধীনতাৰ ৭৫ বছৰ পিছত ৰাজ্য চৰকাৰে চাহ বাগিচা এলেকাত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছে৷ চাহ বাগিচা এলেকাৰ ছাত্র–ছাত্রীয়ে যাতে শৈক্ষিক দিশত পাৰদর্শিতা দেখুৱাব পাৰে, তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্যখনৰ বিভিন্ন প্রান্তত প্রতি কিলোমিটাৰ দূৰত্বত উন্নতমানৰ আন্তঃগাঁথনিৰে এখন ডাঙৰ বিদ্যালয় নির্মাণ কৰা হ’ব৷ দাক্ষিণাত্যৰ কর্ণাটক আৰু তামিলনাডুত উন্নতমানৰ শৈক্ষিক ব্যৱস্থাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ বৌদ্ধিক সমাজে বিদ্যালয়সমূহৰ একত্রীকৰণৰ প্রচেষ্টাৰ ক্ষেত্রত ঋণাত্মক দৃষ্টিভংগী গ্রহণ কৰাৰ পৰিৱর্তে ইতিবাচক দৃষ্টিভংগীৰে চোৱাৰ প্রয়োজন আছে৷ অসমত ১২খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বিপৰীতে তামিলনাডুত ১৫০খন চিকিৎসা মহাবিদ্যালয় আছে৷ শিক্ষাৰ নৱজাগৰণ তেওঁলোকে কেতিয়াবাই আৰম্ভ কৰিছিল৷ এইক্ষেত্রত আমি পিছুৱাই আছোঁ৷ স্বাধীনতাৰ ৭৫ বছৰ পিছত চাহ বাগিচাৰ ল’ৰা–ছোৱালীয়ে হাইস্কুল দেখা পাইছে৷ অসমত এচাম ব্যক্তি আছে, যিয়ে ধনাত্মক দৃষ্টিভংগীৰে কথাবোৰ চাব নিবিচাৰে৷ ভোটাৰৰ দৃষ্টিভংগীৰে নহয়, সময় মতে নিজ নিজ বিদ্যালয়ত যাতে উপস্থিত হ’ব পাৰে, তাৰ বাবেহে চাইকেল বিতৰণ কৰা হৈছে৷ এই কথা আমি গুৱাহাটীত বহি অনুভৱ কৰিব নোৱাৰোঁ৷ কাৰণ, মোৰ ল’ৰা–ছোৱালীৰ চাইকেলৰ দৰকাৰ নাই৷ কিন্তু চাহ শ্রমিক, ৰিক্সাৱালা, কৃষকৰ বাবে এখন চাইকেলৰ কিমান গুৰুত্ব মই তাক যদি জীৱনত সমাহিত কৰি ল’ব নোৱাৰোঁ, তেন্তে মোৰ মুখ্যমন্ত্রী হোৱাৰ অধিকাৰ নাই, মন্ত্রী–বিধায়ক হোৱাৰো অধিকাৰ নাই৷ আনহাতে, মুখ্যমন্ত্রীয়ে ৰাজ্যজুৰি ৰূপায়ণ কৰা গছপুলি ৰোপণ কার্যসূচী সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰে৷ একাংশই গছপুলি ৰোপণক লৈ ঋণাত্মক দৃষ্টিভংগীৰে বিষয়টো উত্থাপন কৰা বুলি আঙুলিয়াই মুখ্যমন্ত্রীয়ে কয়– মই গছপুলি ৰোপণ কৰিবলৈহে দিছোঁ৷ গছ কাটিবলৈ কোৱা নাই৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্রান্তৰ একাংশ বিদ্যালয়ত ছাত্র–ছাত্রীসকলে নিম্নমানৰ ইউনিফর্ম লাভ কৰাৰ কথা অকপটে স্বীকাৰ কৰে মুখ্যমন্ত্রীয়ে৷ একাংশ বিদ্যালয়ত অতি নিম্নমানৰ ইউনিফর্ম প্রদান কৰা ঘটনাই মনত কষ্ট দিয়ে বুলিও উল্লেখ কৰি মুখ্যমন্ত্রীয়ে অহা বর্ষৰ পৰা এইক্ষেত্রত বিহিত ব্যৱস্থা ল’ব বুলিও মন্তব্য কৰে৷ পৰিৱেশক লৈ গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে নিজ নিজ পিতৃ–মাতৃক মনত দুখ নিদিবলৈও আহ্বান জনায়৷ তদুপৰি মুখ্যমন্ত্রীয়ে ছাত্র–ছাত্রীসকলক একোটাকৈ গছপুলি ৰোপণৰ আহ্বান জনায়৷ আনহাতে বিদ্যালয় একত্রীকৰণকে ধৰি শিক্ষাৰ ক্ষেত্রত অনা নতুন সংস্কাৰক লৈ মুখ্যমন্ত্রী ড০ শর্মাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ উচ্চ প্রশংসা কৰে৷ তেওঁ কয়- যোৱা ৭৫ বছৰত কোনেও কৰিব নোৱৰা কাম এটা শিক্ষামন্ত্রী ডাঃ পেগুৱে সম্ভৱ কৰি তুলিছে৷ ইফালে, বিনামূলীয়া চাইকেল বিতৰণৰ এই কার্যসূচীত একাংশ বিদ্যালয়ত এক চক্রই চাইকেলৰ বিনিময়ত শিক্ষার্থীৰ পৰা ৫০–১০০ টকা নীতিবহির্ভূতভাৱে আদায় লোৱা অভিযোগ সন্দর্ভত মুখ্যমন্ত্রীৰ সকীয়নি– শিক্ষার্থীৰ চাইকেলৰ নামত এটকা ল’লেও জে’ললৈ যাব লাগিব৷ ছাত্র–ছাত্রীৰ পৰা চাইকেলৰ নামত ৫০ টকা ল’লে ৫০ হাজাৰ টকা ভৰিব লাগিব৷ কোনোবাই এটকা ল’লেও মোলৈ চিঠি লিখিলে হ’ল৷ বাকী ব্যৱস্থা মই ল’ম৷ অনুষ্ঠানত মুখ্যমন্ত্রীগৰাকীয়ে সাতগৰাকী ছাত্র–ছাত্রীক নিজ হাতে চাইকেল প্রদান কৰে৷ এই অনুষ্ঠানত শিক্ষা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংহল, সাংসদ পল্লৱলোচন দাস, বিধায়ক ক্রমে পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি অশোক ভট্টাচার্য, অসম পাঠ্যপুথি নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, আমট্রনৰ উপাধ্যক্ষ ঋতুবৰণ শর্মা, অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়কে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পূর্বে অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে চাইকেল প্রদানৰ এই আঁচনিৰ বাবে মুখ্যমন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে চৰকাৰী বিদ্যালয়সমূহত শিক্ষক–শিক্ষয়িত্রীৰ উপস্থিতিৰ তথ্যৰ বাবে টেবলেট প্রদানৰ আঁচনি তৈয়াৰ কৰিবলৈ দায়িত্ব দিয়াৰ বাবেও মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে সম্প্রতি ৰাজ্যখনত ৫৩ হাজাৰ টেবলেট প্রদান কৰা হৈছে৷ শিক্ষাসেতু এপৰ জৰিয়তে বিদ্যালয়সমূহত শিক্ষার্থীসকলৰ ৭০ শতাংশ উপস্থিতিৰ তথ্য আৰু ৯০ শতাংশ শিক্ষক–শিক্ষয়িত্রীৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছে৷ অনাগত দিনত শিক্ষার্থীসকলৰ উপস্থিতি ১০০ শতাংশ হ’ব বুলি আশা প্রকাশ কৰি শিক্ষামন্ত্রীগৰাকীয়ে ৰাজ্যখনত আৰু ১৯ হাজাৰ টেবলেট প্রদানৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ অনুষ্ঠানত ছাত্র–ছাত্রীসকলৰ উৎসাহ আছিল মন কৰিবলগীয়া৷ মামাক ওচৰতে পাই সাবটি ধৰি শিক্ষার্থীসকলে নানান সমস্যাৰ কথাও অৱগত কৰে৷
প্ৰেৰক পুলক ডেকা