নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈৰ ঘাট উকা কৰি অজান দেশলৈ অপূৰ্ব বেজবৰুৱা

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ নৈৰ ঘাট উকা কৰি অজান দেশলৈ গলগৈ অপূৰ্ব বেজবৰুৱা। কপৌ পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি গীতেৰে অনুৰাগীৰ হদয়ত স্থান দখল কৰি তেওঁ অজান দেশলৈ গুচি গল। উকা হৈ পৰিল অসমীয়া সংগীত জগত। অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্র অপূৰ্ব বেজবৰুৱা আৰু নাই। আজি সন্ধিয়া ৬.৪০ বজাত তেওঁ দিছপুৰ পলিক্লিনিকত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১। সংগীত জগতখনৰ গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু এজন আবৃত্তিকাৰ হিচাপে অনুৰাগীৰ হদয়ত স্থান দখল কৰা বেজবৰুৱাই আজি সকলোকে কন্দুৱাই ইহসংসাৰ ত্যাগ কৰে। ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ কিছুদিন চিকিসাধীন হৈ থকা বেজবৰুৱাই আজি জীৱন নাটৰ সামৰণি মাৰে ৷

শিৱসাগৰৰ নাজিৰা চহৰত ১৯৫১ চনৰ ৫ অক্টোবৰত জন্মগ্রহণ কৰে অপূর্ব বেজবৰুৱাই৷ পিতৃ নিৰানন্দ বেজবৰুৱা আৰু মাতৃ প্রতিভা বেজবৰুৱা৷ নাজিৰাৰ বৰপুখুৰীপাৰ এল পি স্কুল আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ ১৯৬৯ চনত উচ্চ শিক্ষা গ্রহণৰ বাবে গুৱাহাটীলৈ আহে৷ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত বুৰঞ্জী বিভাগত নামভর্তি কৰি ১৯৭৩ চনত তেওঁ স্নাতক ডিগ্রী লাভ কৰে৷

১৯৭৬-৭৭ চনত ডিব্রুগড অনাতাঁৰ কেন্দ্রৰ পৰা সংগীত শিল্পী হিচাপে স্বীকৃতি লাভ কৰে৷ বাল্যকালত তেওঁ গুৰু জগন্নাথদেৱৰ প্রচেষ্টাত সংগীতৰ বুনিয়াদী শিক্ষা গ্রহণ কৰিছিল৷ গুৱাহাটীত আহি তেওঁ গুৰু দেৱেন শর্মা আৰু গুৰু বীৰেন ফুকনৰ ওচৰত আনুষ্ঠানিক শিক্ষা লাভ কৰে৷

মন হীৰা দৈ, মায়াৱিনী মৰীচিকা, কাষত গাগৰি লৈ, মন নাচে বহাগতে, ৰাংঢালী, চম্পাৱতী, ৰূপহী, মৰম তৃষ্ণা আদি শ্ৰব্য কেছেট প্ৰযোজনা কৰিছিল বেজবৰুৱাই। বেজবৰুৱাৰ দ্বাৰা ৰচিত গানৰ ভূপেন হাজৰিকাৰ কণ্ঠত নানা ৰহণীয়া বাৰেবৰণীয়া কৃষ্টিৰ নাই শেষ, এই মোৰ অসম দেশ, বিহুসুৰীয়া গীত কোন কত আছে আহ ঐ আহ ৰংপুৰ বাকৰিলৈ যাওঁ, সন্ধ্যা মেননে কণ্ঠদান কৰা তোৰে মন পাবলৈ চেনাই মই বলিয়া অন্যতম।

তেওঁৰ অন্যতম সৃষ্টি মাইজান গীতটোত কণ্ঠ নিগৰাইছিল ৰিদীপ দত্তই৷ অণিমা চৌধুৰীৰ সুমধুৰ কণ্ঠত প্রাণ পাই উঠিছিল লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত, লুইতপৰীয়া মই গাভৰু ইত্যাদি৷

অসমীয়া চলচ্চিত্ৰ ৰঙানদী, আই কিল্ড হিম ছাৰ, অভিশপ্ত প্রেম, সোণৰ খাৰু নালাগে মোক, বুকুৰ মাজত লে, কাজলি আদিৰ বাবে গান লিখিছিল বেজবৰুৱাই।

You might also like