নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভঙা প্ৰতিটো মথাউৰি কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মিত : ড০ শৰ্মা

🔹 ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

বিশেষ বাৰ্তা, ৫ জুলাই : ‘ৰাজ্যত ভঙা প্ৰতিটো মথাউৰি কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ হোৱা। যিবিলাক মথাউৰি ভাঙিছে, সেইবোৰ মথাউৰি আমি বনোৱা নহয়।’- ডিব্ৰুগড়ত বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি এনেদৰে কংগ্ৰেছক সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিস্থিতি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈকো প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ সমালোচনা কৰি কয়- কংগ্ৰেছৰ দিনত বনোৱা মথাউৰি ভঙাৰ বাবে আওপকীয়াকৈ নিজৰ দেউতাকক কোনোবাই যদি গালি পাৰে, মই কি কৰিম। এইক্ষেত্ৰত মোৰ হাতত কোনো উপায় নাই। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৃত্ৰিম বানত প্লাৱিত ডিব্ৰুগড় চহৰৰ এইচ এছ পথ আৰু মহালয়া পথেৰে খোজকাঢ়ি বানপীড়িত লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। স্থানীয় বাসিন্দাসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰীক ডুব যোৱা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰৰ বাবে এসপ্তাহজোৰা বিদ্যুৎ বিচ্ছিন্নতাকে ধৰি ৰাইজে সন্মুখীন হোৱা ভয়াৱহ কষ্টৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে গণ বেদখল আৰু ডিব্ৰুগড় টাউন প্ৰটেকচন (ডিটিপি)ৰ নলা বন্ধ হৈ পৰাটো চহৰখনত অভূতপূৰ্ব কৃত্ৰিম জলস্তৰ বৃদ্ধিৰ অন্যতম কাৰক। তেওঁ লগতে কয় যে বেদখলৰ বাবে প্ৰস্থ হ্ৰাস পোৱাৰ বাবে নলাটোৰ প্ৰচণ্ড বৰষুণৰ সময়ত অতিৰিক্ত পানী ফলপ্ৰসূভাৱে নিষ্কাশন কৰাৰ ক্ষমতা সীমিত হৈ পৰিছে, যাৰ ফলত ডিব্ৰুগড় চহৰত পানী জমা হোৱা সমস্যাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে কয়- দহ ফুট বহল ডিটিপি নলাটো বছৰ বছৰ ধৰি বেদখল আৰু নলাটোৰ দুয়োকাষে ঘৰ আৰু অট্টালিকা নিৰ্মাণৰ বাবে যথেষ্ট সংকুচিত হৈছে। সেয়ে ডিব্ৰুগড়ত পানী জমা হোৱাৰ সমস্যাটো ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ এটা সুচিন্তিত কৌশলৰ প্ৰয়োজন। ডিটিপি নলাটোৱে ডিব্ৰুগড় চহৰৰ বাবে মূল নিষ্কাশন চেনেল হিচাপে কাম কৰে, চহৰখনৰ সকলো নলাৰ পানী ইয়াৰ ভিতৰলৈ বৈ যায়। যোৱা ২৭ জুনৰ পৰা নলা বন্ধ হৈ পৰাৰ বাবে চহৰখনৰ অধিকাংশ ৰাস্তা আৰু ৱাৰ্ড পানীৰে ভৰি পৰিছে।অতিৰিক্ত বৰষুণৰ পানী ব্ৰহ্মপুত্ৰ নদীত নিষ্কাশন কৰিবলৈ দহটা উচ্চ শক্তিৰ পাম্প প্ৰয়োগ কৰাৰ পিছতো পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাই বুলিও উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আৰু কয় যে পৰিস্থিতিৰ উন্নতি হ’লেই ডিব্রুগড় চহৰৰ পানীৰ সমস্যা সমাধানৰ বাবে এক বিস্তৃত পৰিকল্পনা ৰূপায়ণ কৰা হ’ব৷ তেওঁ বাসিন্দাসকলক আশ্বাস দিয়ে যে বেদখল দূৰ কৰা আৰু বন্ধ হৈ থকা নলাসমূহ পৰিষ্কাৰ কৰাকে ধৰি পানী জমা হোৱাৰ অন্তৰ্নিহিত কাৰণসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰেৰক বিভাস দুৱৰা

You might also like