নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী–মুখ্যমন্ত্রী নহয় একোজন লাচিত হ’ব লাগিব

কৰিমগঞ্জৰ কার্যনির্বাহকত মন্ত্রী ড০ শর্মাৰ উদাত্ত ভাষণ

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ  ২০১৬ চনত আছিল জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ লক্ষ্য৷ ২০২১ চনৰ নির্বাচন সভ্যতাৰ বাবে সংগ্রাম৷ সভ্যতা ৰক্ষাৰ স্বার্থত চলিব এই সংগ্রাম৷ –কৰিমগঞ্জত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সভাত দলীয় কার্যকর্তাক উদ্দেশ্যি বৃহস্পতিবাৰে এই মন্তব্য কৰে শাসকীয় দলটোৰ জ্যেষ্ঠ নেতা তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ ২০২১ত ১০+ৰ লক্ষ্যৰে কার্যনির্বাহক সভাৰ পৰাই বিজেপিয়ে আৰম্ভ কৰা অভিযানত অংশ লৈ আজি দলৰ কার্যকর্তা তথা তৃণমূল কর্মীৰ মনত সাহস দি উদাত্ত ভাষণেৰে ড০ শর্মাই কয়– ২০২১ চন মন্ত্রী, মুখ্যমন্ত্রী হোৱাৰ লক্ষ্য নহয়, টিকট–কার্যালয়, পদবী–বিষয়বাবৰ লক্ষ্য নহয়, লক্ষ্য লওক জননী আৰু জনমভূমি ৰক্ষাৰ বাবে৷ সন্ত্রাসবাদৰ ধনেৰে আজমলে অসমৰ সভ্যতা–বুনিয়াদ ধ্বংস কৰিব বিচাৰিছে৷ ২০২১ চনৰ নির্বাচন হ’ব আজমলৰ সভ্যতাৰ বিৰুদ্ধে নতুন সংগ্রাম৷ কোনেও যাতে দিছপুৰৰ ২০০ মিটাৰলৈ প্রৱেশ কৰিব নোৱাৰে, সেয়া আমাৰ সংকল্প হ’ব লাগিব৷ সভ্যতা ৰক্ষাৰ বাবে যিদৰে লাচিতে ঔৰংগজেবক খেদিছিল, আজমলকো খেদিব লাগিব৷ ঔৰংগজেবক খেদিবলৈ একো একোজন লাচিত হোৱাৰ লক্ষ্য লওক৷ উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ কার্যনির্বাহক সভাৰ আজি অন্তিম দিন আছিল৷ শাসকীয় দলটোৰ কেইবাগৰাকীও শীর্ষ নেতা তথা ৰাষ্ট্রীয় নেতাৰ উপস্থিতিত দলীয় কার্যকর্তাক আগন্তুক নির্বাচনৰ বাবে সংকল্প গ্রহণেৰে সাজু হ’বলৈ আহ্বান জনাই মন্ত্রী ড০ শর্মাই কয়– মধ্য অসম–নামনি অসমত এটা সভ্যতাই নির্যাতন চলাই আহিছে৷ এচাম লোকৰ দপ্দপনি বাঢ়িছে অসমত৷ কাজিৰঙাত এইচাম লোকে মাটি দখল কৰিছে৷ বটদ্রৱা, সত্র–মন্দিৰৰ সংস্কৃতি নিঃশেষ কৰিব বিচাৰিছে৷ এনে সংস্কৃতিৰ বিৰুদ্ধে সংগ্রাম তীব্রতৰ হ’ব লাগিব৷ বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে অসমীয়া জীয়াৰী–বোৱাৰীৰ ওপৰত চকু দিলেই মৃত্যুদণ্ডৰে দণ্ডিত কৰা আইন অনা হ’ব৷ মন্ত্রীগৰাকীয়ে ভাষণত কয়– ২০১৬ চনত বিটিচিত বিজেপিয়ে এখনো আসন দখল কৰিব পৰা নাছিল৷ কিন্তু এতিয়া প্রতিটো অঞ্চলতে বিজেপিৰ বিজয়ৰ পতাকা উৰিছে৷ বিটিচি নির্বাচনৰ জৰিয়তে বিজেপিয়ে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে৷ শ্রীৰামপুৰৰ পৰা কৰিমগঞ্জলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, ডিমা হাছাওৰ পৰা কার্বি আংলঙলৈ সকলোতে এতিয়া বিজেপিয়ে দেশ চলাইছে, ৰাজ্য চলাইছে, সমাজ চলাইছে৷ সমগ্র অসমতে বিজয়ৰ ধ্বজা উৰিছে বিজেপিৰ৷ বিটিচি নির্বাচনত বিজয় আমাৰ বাবে সহজ নাছিল৷ কিন্তু এটা এটা অঞ্চলত জয়ৰ পুলি ৰোপণ কৰা হৈছিল৷ দলীয় কার্যকর্তাৰ ত্যাগ আৰু কষ্টৰ বিনিময়তহে বিটিচিত আমাৰ বিজয় সম্ভৱ হ’ল৷ বিটিচি নির্বাচনৰ বিজয়ে নিশ্চিত কৰিছে যে ২০২১ত বিজেপিৰ চৰকাৰ হ’ব৷

বিগত সময়ছোৱাত দলৰ কার্যকর্তাসকলে দল শক্তিশালী কৰাৰ ক্ষেত্রত গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– ক’ৰোনা, লকডাউনৰ সময়ছোৱাত দলৰ কার্যকর্তাসকলে যি ধৰণে ৰাইজক সহায়–সহযোগিতা আগবঢ়াইছে, তাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও আমাৰ শলাগ লৈছে৷ আমি এতিয়া জাতি–মাটি–ভেটি ৰক্ষাৰে অসমক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ এখন ৰাজ্য হিচাপে তুলি ধৰাৰ প্রাক্মুহূর্তত থিয় দিছোঁ৷ আমাৰ সমুখত আছে জাতি ৰক্ষাৰ দায়িত্ব৷ ৰাজনৈতিক দলৰ লক্ষ্য হৈছে– নির্বাচনত জিকি চৰকাৰ গঠন কৰা৷ কিন্তু আমাৰ লক্ষ্য একমাত্র সেয়া নহয়৷ আমাৰ সংস্কৃতি, আমাৰ সভ্যতা ৰক্ষাৰ বাবে প্রয়াত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি, নৰেন্দ্র মোদী, অমিত শ্বাহে দেখুৱাই যোৱা পথেৰে আগবাঢ়ি যাব লাগিব৷ ভাষণ প্রসংগত ড০ শর্মাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কার্যকালক প্রশংসা কৰি কয়– এই পাঁচ বছৰত প্রতিটো আঁচনিৰ সফল ৰূপায়ণ তথা সকলো পর্যায়ৰ লোকক সামৰি বিকাশক এক নতুন দিগন্তলৈ কঢ়িয়াই নিয়াত চৰকাৰখন সফল হৈছে৷ ভাষণ প্রসংগত অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে জাতিৰ সুৰক্ষাৰ বাবে কাম কৰাৰ আশ্বাস দি মন্ত্রীগৰাকীয়ে এন আৰ চিৰ প্রসংগত কয় যে প্রতীক হাজেলাৰ অহমিকাৰ বাবেই এন আৰ চিৰ কাম সম্পূর্ণ নহ’ল৷

আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীক উচ্চ প্রশংসা কৰি ড০ শর্মাই প্রধানমন্ত্রী মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতি দেখুওৱা সুকীয়া মৰম–স্নেহ আৰু দায়িত্বৰ কথা উল্লেখ কৰে৷ ভাষণত তেওঁ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰো উচ্চ প্রশংসা কৰে৷ দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহকত মিছন ১০+ৰ জৰিয়তে দলীয় কার্যকর্তাক নির্বাচনলৈ সাজু হ’বলৈও আজি মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ ইয়াৰ পূর্বে আজি কার্যনির্বাহক সভাৰ অন্তিম দিনা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাষণ প্রদান কৰি আগন্তুক নির্বাচনত বিজেপিয়ে ১০৪খন আসন দখল কৰিব বুলি মন্তব্য কৰে৷ মিছন ১০+ৰ যাত্রা পৰিপূর্ণ কৰিবলৈ দল ঐক্যবদ্ধ আৰু পূর্ণোদ্যমে সাজু বুলিও উল্লেখ কৰে তেওঁ৷ সভাপতিগৰাকীয়ে কয়– বৰাক আৰু ব্রহ্মপুত্রৰ প্রতিগৰাকী লোকৰ উন্নয়নৰ বাবে কাম কৰি যোৱা এই চৰকাৰখনে দুয়োটা উপত্যকাৰ মানুহৰ মানসিক দূৰত্ব হ্রাস কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে আজি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক কৰিমগঞ্জ জিলা যুৱ মর্চাই সভাপতি হিচাপে চাৰিটা বছৰ সফলতাৰে সম্পূর্ণ কৰাৰ বাবে আদৰণি জনায়৷ কার্যনির্বাহকস্থলীত্ ৰাজ্যিক বিজেপিৰ হৈ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, উত্তৰ–পূবৰ দায়িত্বত থকা অজয় জামৱাল, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ ৰাজ্যিক প্রভাৰী পৱন শর্মা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্রনাথ শর্মা, সাংসদ তপন গগৈ, কামাখ্যা প্রসাদ তাচা, ৰাজ্যিক যুৱ মর্চাৰ সভাপতি অনুপ বর্মনেও তেওঁক সম্বর্ধনা জ্ঞাপন কৰে৷
আজি শিলচৰত নীতিন গাডকাৰিয়ে উন্মোচন কৰিব বাজপেয়ীৰ মূর্তি
বিজেপিৰ পিতামহ তথা প্রয়াত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ এক বৃহৎকায় প্রতিমূর্তি কাইলৈ শিলচৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰিব কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে৷ ইষ্ট–ৱেষ্ট ক’ৰিডৰৰ জিৰ’ পইণ্টত ১৫ লাখ টকা ব্যয় সাপেক্ষে ১৩ ফুট উচ্চতাৰে নির্মাণ কৰা হৈছে বাজপেয়ীৰ প্রতিমূর্তিটো৷ এই সন্দর্ভত শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে কয় যে বৰাক উপত্যকাৰ জনসাধাৰণ বাজেপয়ীক লৈ অতি আৱেগিক৷ কালি এক অনুষ্ঠানত এই মূর্তিটো নীতিন গাডকাৰিয়ে উন্মোচন কৰাৰ লগতে শিলচৰ বিশ্ববিদ্যালয়ৰ সমাৱর্তনতো অংশগ্রহণ কৰিব৷ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো উপস্থিত থাকিব৷ উল্লেখ্য যে শিল্পী চন্দ্রশেখৰ দাসে কলকাতাত চাৰি মাহত এই মূর্তিটো নির্মাণ কৰি উলিয়াইছিল৷

You might also like