🔹 কার্বি আংলঙৰ ডলামৰাত লখিমন সংঘৰ ধর্মীয় সংহতি সমাৱেশত মুখ্যমন্ত্রী
বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি কার্বি আংলং জিলাৰ ডলামৰাৰ ‘ছক্ ফে–এহ’ ক্ষেত্রত লখিমন সংঘই আয়োজন কৰা ‘মাইহংজাই আমাই’ শীর্ষক ধর্মীয় সংহতি সমাৱেশত অংশগ্রহণ কৰে৷ এই সমাৱেশত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই লখিমন ধর্মৰ প্রতিষ্ঠাপক গুৰু লখন ইংতি হেনছেকৰ সমাধিস্থলী দর্শন কৰি সেৱা আগবঢ়োৱাৰ লগতে আধ্যাত্মিক গুৰুজনাৰ এটা প্রতিমূর্তি আনুষ্ঠানিকভাৱে উন্মোচন আৰু ‘ছক্ ফে–এহ’ পর্বতৰ শৃংগত নির্মাণ হ’বলগীয়া প্রস্তাৱিত তৃতীয় মূল লখিমন মন্দিৰৰ আধাৰশিলা স্থাপন কৰে৷ তদুপৰি মুখ্যমন্ত্রী ড০ শর্মাই লখিমন আশ্রমৰ নৱনির্মিত প্রৱেশদ্বাৰো আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই লখিমন ধর্মক সংস্কাৰমুখী বুলি অভিহিত কৰি কয় যে গুৰু লখন ইংতি হেনছেকে লখিমন ধর্মৰ মাধ্যমেৰে অহিংসা, সংযম, শান্তি, মৈত্রী, ধৈর্য, চিন্তা, ভক্তি, বিশ্বাস আৰু পৱিত্রতাৰ বাণী প্রচাৰ কৰি গৈছে৷ ধর্মই সংস্কাৰ আৰু দুখ–কষ্টৰ পৰা নির্বাণ বা মুক্তিলাভৰ পথ দেখুৱায়৷ প্রত্যেক ধর্মই মুক্তিৰ এটা নহয় এটা পথ নির্দেশ কৰিছে৷ লখিমন ধর্মই কর্ম, ভক্তি আৰু জ্ঞান মার্গক প্রকৃত মুক্তিৰ পথ বুলি অভিহিত কৰিছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৰু লখন ইংতি হেনছেক কেৱল ধর্মগুৰু হিচাপেই নহয়, এগৰাকী সমাজ সংস্কাৰক হিচাপেও গুৰুত্বপূর্ণ অৱদান আগবঢ়াই গৈছে৷ তেওঁ কার্বি সমাজৰ পুৰণিকলীয়া সমাজ ব্যৱস্থাৰ অৱসান ঘটাই নতুন চিন্তাধাৰাৰ সূচনা কৰিছিল৷ গুৰু লখন ইংতি হেনছেকৰ দূৰদর্শী চিন্তাধাৰাই কার্বি সমাজখনক এখন সু–শৃংখলাবদ্ধ সমাজ ৰূপে আগুৱাই নিয়াৰ পথ দেখুৱাই গৈছে৷ লখিমন সংঘৰ দ্বাৰা আয়োজিত ধর্মীয় সংহতি সমাৱেশে গুৰু লখন ইংতি হেনছেকৰ আদর্শৰাজি আগুৱাই নিয়াত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আশ্রমলৈ পূর্বে তেওঁ দুবাৰ আহিছিল আৰু ধর্মীয় সভাত অংশগ্রহণ কৰিছিল৷ লখিমন আশ্রমৰ প্রস্তাৱিত তৃতীয় মূল লখিমন মন্দিৰ নির্মাণৰ অর্থে ৰাজ্য চৰকাৰে ৫ কোটি টকা আগবঢ়াব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰি কয় যে এই মন্দিৰটো নির্মাণ সম্পূর্ণ হৈ উঠিলে ডলামৰা অঞ্চলটো পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্র হৈ পৰিব৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণৰ বাবে অহা পর্যটকসকলে এই মন্দিৰ দর্শন কৰি অঞ্চলটোৰ নান্দনিক সৌন্দর্য উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷ কার্বি সমাজৰ বিভিন্ন খিলঞ্জীয়া বিশ্বাসক আগুৱাই লৈ যোৱাৰ ক্ষেত্রত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই লখিমন ধর্মৰ গুৰু লখন ইংতি হেনছেকৰ উত্তৰসূৰী গুৰু মদন ইংতি হেনছেকক সাক্ষাৎ কৰি সেৱা আগবঢ়ায়৷ এই অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক দৰছিং ৰংহাং, বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্রৰ সহঃ ক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱা, কল্যাণ আশ্রমৰ ৰাজ্যিক সভাপতি বলোৰাম ফাংছ’, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্রাক্তন বিষয়ববীয়া কমল ভৰদ্বাজ আদি উপস্থিত থাকে৷ আনহাতে, অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কার্বি আংলং জিলাত এখন কৃষি মহাবিদ্যালয় আৰু এখন পশু চিকিৎসা মহাবিদ্যালয় অতি সোনকালে স্থাপন কৰা হ’ব৷ তদুপৰি জিলাখনত এখন বিশ্ববিদ্যালয় স্থাপনৰো পৰিকল্পনা আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই ব্যক্ত কৰে৷