নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি বছৰে ৰাজ্যত ৫০ হাজাৰ নতুন কর্কট আক্রান্ত ৰোগী

🔹 বিধানসভাত কেশৱ মহন্তৰ উদ্বেগজনক তথ্য

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কর্কট ৰোগীৰ সংখ্যা৷ প্রতি বছৰে ৫০ হাজাৰ নতুন কর্কট ৰোগী ৰাজ্যত চিনাক্ত কৰা হৈছে৷ এই তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ বিধায়ক জয়ন্ত বসুমতাৰীয়ে অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ নিয়মাৱলীৰ ৫৪নং নিয়মৰ অধীনত বিধানসভাত উত্থাপন কৰা ‘চিদলী সমষ্টিত বর্তমানে ভয়ংকৰ ধৰণে কর্কট ৰোগে জনসাধাৰণৰ মাজত দেখা দিয়াৰ বিষয়ে দৃষ্টি আকর্ষণ’ শীর্ষক বিতর্কত ভাগ লৈ স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যত কর্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো এটা অত্যন্ত গুৰুত্বপূর্ণ বিষয়৷ অসমত প্রতি বছৰে ৫০ হাজাৰ নতুন ৰোগী চিনাক্ত হৈছে৷ ইয়াৰ ভিতৰত দৰং, কামৰূপ আৰু চিৰাঙৰ ৰোগীৰ সংখ্যাই সর্বাধিক৷ ৫০ হাজাৰ ৰোগীৰ ভিতৰত ৭০ শতাংশ ৰোগী যথেষ্ট পলমকৈ চিনাক্ত হৈছে বুলিও স্বাস্থ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ পলমকৈ চিনাক্ত হোৱাৰ লগে লগে চিকিৎসা কৰিলেও এনে ৰোগীয়ে সম্পূর্ণৰূপে উপশম লাভ নকৰে বুলি উল্লেখ কৰি তেওঁ কয়– ‘বর্তমান এনএইচএমৰ অধীনত কর্কট ৰোগৰ স্ক্রীনিং কৰাৰ পদক্ষেপ লোৱা হৈছে৷ এক কোটি লোকৰ স্ক্রীনিঙৰ বাবে আমি পদক্ষেপ লৈছোঁ৷ কেইবাটাও বেচৰকাৰী সংস্থাৰ সহায়ত সজাগতা কার্যসূচী আৰু স্ক্রীনিঙৰ ব্যৱস্থা কৰা হৈছে৷ বি বৰুৱা কর্কট প্রতিষ্ঠানেও এক লাখ লোকক স্ক্রীনিং কৰাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰে ৪০ হাজাৰ লোকক ইতিমধ্যে স্ক্রীনিং কৰা হৈছে৷ ব্যক্তিগত হাস্পতাল, চৰকাৰী হাস্পতাল, টাটা ট্রাষ্টৰ হাস্পতালকে ধৰি সকলো চিকিৎসালয় কর্তৃপক্ষই মিলি কর্কট ৰোগৰ সজাগতাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷’ ইফালে, ৰাজ্যতে কর্কট ৰোগৰ চিকিৎসা সম্প্রতি উপলব্ধ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমান চিকিৎসাৰ বাবে হাজাৰ হাজাৰ লোক ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হোৱা নাই৷ প্রয়োজনীয় চিকিৎসক বাহিৰৰ পৰা আনি এই হাস্পতালসমূহত নিয়োগ কৰা হৈছে৷ উল্লেখ্য যে এই প্রসংগ উল্লেখ কৰি বিধানসভাৰ মজিয়াত বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে চিদলীৰ আশে–পাশে কর্কট ৰোগত আক্রান্ত হৈ বহু লোকৰ জীৱন বিপদগ্রস্ত হৈছে৷ ৮খন গাঁৱত ৩৭জন লোক আক্রান্ত হৈছে৷ ইয়াৰে ৩১জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৩জনে আৰোগ্য আৰু আন ৩জনে চিকিৎসা গ্রহণ কৰি আছে৷ চিদলীতো ১৫জন ব্যক্তিৰ মৃত্যু ঘটিছে৷ ১০ বছৰৰ ভিতৰত ৩৭জন ব্যক্তি কিদৰে মৃত্যুমুখত পৰিবলগীয়া হ’ল বুলি প্রশ্ণ উত্থাপন কৰি তেওঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা গ্রহণ কৰা ব্যৱস্থাৱলী সম্পর্কে জানিবলৈ আগ্রহ প্রকাশ কৰে৷ একেটা বিষয়তে বিধায়ক জাকিৰ হুছেইন শিকদাৰেও এই ৰোগৰ ভয়াৱহতাৰ প্রসংগ উত্থাপন কৰে৷ দুয়োজন বিধায়কৰ প্রসংগৰ উত্তৰ দি স্বাস্থ্যমন্ত্রীগৰাকীয়ে বর্তমান কোনো লোকে টকা–পইচাৰ অভাৱত চিকিৎসালয়ৰ পৰা আধাতে চিকিৎসা সামৰি উভতি আহিব যাতে নালাগে, সেয়া ৰাজ্য চৰকাৰে নিশ্চিত কৰিছে৷ ফেডাৰেল বেংকৰ সৈতে চিএছআৰৰ অধীনত এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ সমান্তৰালভাৱে কর্কট ৰোগৰ সজাগতা, স্ক্রীনিং আৰু চিকিৎসাৰ বাবে উপলব্ধ সা–সুবিধাসমূহ সামৰি শীঘ্রে এখন হস্তপুথি প্রস্তুত কৰা হ’ব বুলিও তেওঁ প্রকাশ কৰে৷

You might also like