পশ্চিম কাৰ্বি আংলঙত প্ৰশাসনৰ উচ্ছেদ অভিযান
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ পশ্চিম কাৰ্বি আংলং জিলাত জিলা প্ৰশাসনে সোমবাৰে উচ্ছেদ কৰিলে ১০টাকৈ পৰিয়ালৰ বাসগৃহ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উচ্ছেদিত পৰিয়ালক জাননী জাৰি কৰাৰ পিছত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হয় উচ্ছেদ অভিযান। উল্লেখযোগ্য যে খেৰণি অঞ্চলৰ প্ৰায় ২২ বিঘা ম্যাদী ভূমিত দীৰ্ঘদিন ধৰি প্ৰায় ১০টা পৰিয়ালে অবৈধ ভাৱে দখল কৰি বসতি কৰাৰ অভিযোগ তুলি উল্লেখিত ভূমিৰ স্বত্বাধিকাৰী ছাৰ্থে ফাংছʼৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰৰ ভিত্তিত ন্যায়ালয়ে দীৰ্ঘদিন ধৰি বিচাৰ চলোৱাৰ অন্তত স্বত্বাধিকাৰী ছাৰ্থে ফাংছʼৰ উক্ত ভূমি দখলমুক্ত কৰিবলৈ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশৰ ভিত্তিতেই সোমবাৰে জিলা প্ৰশাসনে উক্ত উচ্ছেদ অভিযান চলাই। উল্লেখযোগ্য যে উক্ত ভূমিত উচ্ছেদ চলোৱাৰ উদ্দেশ্যে জিলা প্ৰশাসন, ডংকামোকাম ৰাজহচক্ৰৰ বিষয়া-কৰ্মচাৰীসকলে আৰক্ষী -চিআৰপিএফৰ এক বৃহত দল লগত লৈ উচ্ছেদ অভিযান চলাই। উচ্ছেদ অভিযান চলি থকাৰ মাজতে উচ্ছেদিত পৰিয়াল সমূহে আৰক্ষী প্ৰশাসনৰে খণ্ড যুদ্ধত লিপ্ত হয়। পৰিয়ালসমূহে উচ্ছেদ প্ৰক্ৰিয়াত বাধা প্ৰদান কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে। ইফালে পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা উচ্ছেদিত লোকসকলক বলপূৰ্বক খেৰণি আৰক্ষী থানা নি থানাতে আৱদ্ধ কৰি ৰাখে। অৱশ্যে উচ্ছেদ অভিযান সমাপ্ত হোৱাৰ পিছত লোকসকলক প্ৰশাসনে মুকলি কৰি দিয়ে। ইফালে উচ্ছেদিত পৰিয়ালে অভিযোগ কৰা অনুসৰি তেওঁলোকে উক্ত ভূমিত বিগত ৭০ বছৰ ধৰি বসবাস কৰি অহাৰ পিছতো ডংকামোকাম চক্ৰবিষয়াৰ কাৰ্যালয়ে কেনেদৰে ছাৰ্থে ফাংছʼৰ নামত উক্ত ভূমি ম্যাদী কৰি ১০ টাকৈ পৰিয়ালক উক্ত ভূমিৰ পৰা উচ্ছেদ কৰিলে। এইক্ষেত্ৰত কাৰ্বি আংলঙৰ স্বায়ত্বশাসিত পৰিষদে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে ১০টাকৈ পৰিয়াল গৃহহীন হ’ব লগীয়া হৈছে বুলি উল্লেখ কৰি উক্ত পৰিয়াল কেইটাক পুনৰ সংস্থাপন দিবলৈ দুৰ্ভগীয়া পৰিয়ালে চৰকাৰক অনুৰুধ জনাইছে।
প্ৰেৰক হেমন্ত কুমাৰ নাথ