নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলসাঁকো–দীপৰ বিলেই নহয়, ৰাজ্যজুৰি জলাশয় বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ

  • প্রতিখন জিলাৰ পৰা যোৱা ১৫ বছৰত কোনে ক’ত কেনেদৰে জলাশয় বেদখল কৰিছে বিতং তথ্য বিচাৰিছে মুখ্যমন্ত্রীৰ কার্যালয়ে
  • ৭ দিনৰ ভিতৰত উপায়ুক্তসকলক প্রতিবেদন দাখিলৰ নির্দেশ মুখ্যমন্ত্রীৰ প্রধান সচিবৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ: গুৱাহাটীৰ শিলসাঁকো–দীপৰ বিলেই নহয়, ৰাজ্যজুৰি জলাশয় বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে অসম চৰকাৰ৷ বানপানী ৰোধৰ লগতে পৰিৱেশ সংৰক্ষণৰ স্বার্থতে এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সংক্রান্তত মুখ্যমন্ত্রীৰ কার্যালয়ে জিলা উপায়ুক্তসকলৰ পৰা বিতং তথ্য বিচাৰিছে৷ কালি মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাই প্রতিখন জিলাৰ উপায়ুক্তলৈ এক পত্রযোগে (ইউ’ নং পি আৰ ছেক্রেটাৰী/চিএম’/০৭/২০২৩/৭৭) বিগত ১৫টা বছৰত সংশ্লিষ্ট জিলাত কোনে ক’ত কেনেদৰে জলাশয়, নলা তথা ইয়াৰ সংলগ্ন চৰকাৰী মাটি বেদখল কৰিছে সেই সম্পর্কত সাত দিনৰ ভিতৰত উপায়ুক্তসকলক প্রতিবেদন দাখিলৰ নির্দেশ দিয়ে৷ মূলতঃ এনে অবৈধ দখলে জলাশয়সমূহ বন্ধ কৰাৰ লগতে বাৰিষাৰ সময়ত প্রবল বৰষুণ হোৱা অৱস্থাত জলপ্রৱাহত বাধাৰ সৃষ্টি কৰাৰ পৰিপ্রেক্ষিততে জিলা উপায়ুক্তসকলৰ পৰা তথ্য বিচাৰিছে মুখ্যমন্ত্রীৰ কার্যালয়ে৷

ৰাজ্য চৰকাৰৰ এক সূত্রই জানিবলৈ দিয়া মতে অনাগত দিনত গুৱাহাটীৰ দৰে আন জিলাসমূহতো জলাশয় বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ অভিযান চলাব৷ তাৰ পৰিপ্রেক্ষিততে মুখ্যমন্ত্রীৰ কার্যালয়ে পোনপটীয়াভাৱে প্রতিখন জিলাতে হোৱা বেদখলৰ বিতং তথ্য বিচাৰিছে৷ উল্লেখ্য যে গুৱাহাটীৰ শিলসাঁকো বিলত চলা অভিযানৰ সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বেদখলকাৰীৰ প্রতি চৰকাৰৰ কোনো মায়া–মৰম নাই বুলি দৃঢ়তাৰে ঘোষণা কৰাৰ লগতে গুৱাহাটীৰ শিলসাঁকো বিলৰ উপৰি দীপৰ বিলতো বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ পাছতেই উপায়ুক্তসকলৰ পৰা সংশ্লিষ্ট জিলাত জলাশয় বেদখলৰ বিস্তৃত তথ্য বিচৰা কার্যই জলাশয়ৰ বেদখলৰ বিৰুদ্ধে চলা অভিযান যে ৰাজ্যজুৰি সম্প্রসাৰিত হ’ব সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷

মন কৰিবলগীয়া এয়ে যে জলাশয়ৰ ওপৰত চলা বেদখলৰ বাবে প্রতিবছৰে ৰাজ্যখনত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে৷ বিভিন্ন সময়ত এই প্রসংগ উত্থাপন হৈ আহিছে যদিও বিগত দিনসমূহত চৰকাৰে জলাশয়সমূহ বেদখলমুক্ত কৰাৰ ক্ষেত্রত যি কঠোৰ স্থিতি গ্রহণ কৰিব লাগিছিল সেয়া কার্যতঃ পৰিলক্ষিত হোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে এইক্ষেত্রত শূন্য সহনশীল নীতিৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ আনকি চৰকাৰৰ এই অভিযানৰ প্রতি জনসাধাৰণেও যোগাত্মক সঁহাৰি আগবঢ়াই আহিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে গুৱাহাটীৰ শিলসাঁকো, দীপৰ বিলৰ দৰে ৰাজ্যখনৰ আন স্থানত থকা বিল, জলাশয়, জলপ্রৱাহৰ বাবে স্থাপন কৰা নলা–নর্দমা আদিত একাংশ লোকে ঘৰ–দুৱাৰ সাজি বেদখল কৰাই নহয়, বহু ক্ষেত্রত বোৱঁতী সুঁতি আদিও বন্ধ কৰি দিয়াৰ গুৰুতৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে৷

You might also like