🔹 স্মৃতি যাউতিযুগীয়া কৰিবলৈ ঢকুৱাখনাবাসীৰ ব্যতিক্রমী প্রচেষ্টা
বিশেষ বাৰ্তা, ১৭ এপ্রিল : হেঁপাহৰ চাৰিকড়ীয়াৰ পাৰত পুনৰ প্রাণ পাই উঠিব বিশিষ্ট সাহিত্যিক–কথাশিল্পী হোমেন বৰগোহাঞি৷ ব্যতিক্রমী ৰচনাশৈলীৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা কথাশিল্পীগৰাকীৰ প্রাণৰো আপোন আছিল চাৰিকড়ীয়া নৈখন৷ শৈশৱৰ বহু স্মৃতি বিজড়িত নৈখনত এটা সময়ত সাঁতুৰি–নাদুৰি গা ধুইছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ জীৱনৰ বিয়লিবেলাও নৈখনৰ সৈতে একাত্মবোধ অনুভৱ কৰা প্রয়াত বৰগোহাঞিৰ এই স্মৃতিক চিৰদিনৰ বাবে যাউতিযুগীয়া কৰাৰ উদ্দেশ্যে ঢকুৱাখনাবাসীয়ে হাতত লৈছে এক অনন্য প্রচেষ্টা৷ ঢকুৱাখনাবাসীৰ সহযোগত তথা ঢকুৱাখনা সমষ্টিৰ বর্তমানৰ বিধায়ক নৱ কুমাৰ দলেৰ ঐকান্তিক প্রচেষ্টাত চাৰিকড়ীয়াৰ পাৰতে শীঘ্রে স্থাপন কৰা হ’ব কথাশিল্পী বৰগোহাঞিৰ এক সু–উচ্চ ব্রঞ্জৰ মূর্তি৷ অসমৰ প্রখ্যাত ভাস্কৰ বীৰেন সিংহৰ হাতৰ যাদুকৰী পৰশত ব্রঞ্জৰ মূর্তিৰ ৰূপত জীৱন্ত হৈ উঠিছে অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰীজন৷ ২৭ লাখ টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা প্রায় ১০.০৫ ফুট উচ্চতাৰ প্রতিমূর্তিটোৱে শীঘ্রেই চাৰিকড়ীয়া নৈৰ পাৰত শোভাবর্ধন কৰিব৷ বিগত প্রায় এমাহ ধৰি কঠোৰ পৰিশ্রমেৰে নির্মাণ কৰি উলিওৱা ব্রঞ্জৰ প্রতিমূর্তিটো সন্দর্ভত অতি আৱেগিকভাৱে ভাস্কৰ বীৰেন সিংহই ক’লে– মানুহৰ খোজবোৰ নোহোৱা হৈ যায়৷ সময়ে সকলোবিলাক চিহ্ণ ধুই পেলায়৷ পথতো নাথাকে খোজ৷ তথাপি সেই পথটোৰে গৈ আমি অনুভৱ কৰিব পাৰোঁ এটা কথা– এগৰাকী মানুহে এই পথটোৰে খোজ কাঢ়িছিল, যিয়ে গোটেই জাতিটোক–ৰাজ্যখনক এটা মৌলিক চিন্তা প্রদান কৰিছিল৷ জীৱনৰ বিভিন্ন সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ অভিভাৱকত্ব লাভ কৰি নিজকে ধন্য বুলি অনুভৱ কৰা ভাস্কৰ বীৰেন সিংহই পুনৰ আৱেগিকভাৱে কয় যে বিভিন্ন সময়ত ছাৰৰ নেতৃত্ব–অভিভাৱকত্ব পাইছোঁ৷ লক্ষণীয় যে বিশিষ্ট সাহিত্যিকগৰাকীৰ অবর্তমানতো ঢকুৱাখনাবাসীয়ে তেওঁৰ উপস্থিতি প্রতিমূর্তিটোৰ জৰিয়তে চিৰযুগমীয়া কৰি ৰাখিবলৈ চেষ্টা কৰিছে৷ শিল্পী বীৰেন সিংহই জানিবলৈ দিয়া মতে, প্রতিমূর্তিটো নির্দিষ্ট ঠাইডোখৰত এনেভাৱে স্থাপন কৰা হ’ব যাতে প্রতীকী ৰূপত হ’লেও কথাশিল্পী বৰগোহাঞিৰ দুনয়নৰ দৃষ্টি চাৰিকড়ীয়াৰ পিনে নিবদ্ধ হৈ থাকে৷ ইতিমধ্যে তাত এটা পুথিভঁৰাল, প্রেক্ষাগৃহও স্থাপন কৰা হৈছে৷ শব্দৰ বৈচিত্র্যময়ী মালিতাৰে গদ্য–সাহিত্যক কথাশিল্পত পৰিণত কৰা বিশিষ্ট সাহিত্যিক বৰগোহাঞিৰ অধিকাংশ সৃষ্টিৰ অন্যতম উৎস আছিল ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈখন৷ অন্তৰৰ নিভৃত কোণত চাৰিকড়ীয়াক আলফুলে ৰখা কথাশিল্পীগৰাকীয়ে ঢকুৱাখনালৈ গ’লেই চাৰিকড়ীয়াৰ পাৰত শৈশৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিছিল৷ পার্থিৱ সংসাৰৰ মায়া এৰি পঞ্চভূতত তেওঁ বিলীন হোৱাৰ ইতিমধ্যে পাঁচটা বছৰেই হ’বৰ হ’ল৷ ইয়াৰ মাজতে বিশিষ্ট সাহিত্যিকগৰাকীৰ স্মৃতি যাউতিযুগীয়া কৰি ৰখাৰ বাবে ঢকুৱাখনাবাসীয়ে দেখুওৱা এই প্রচেষ্টা কথাশিল্পীগৰাকীৰ বাবে হ’ব প্রকৃতার্থত শ্রদ্ধাঞ্জলি৷