নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ শান্তি-প্ৰগতি-শক্তিৰ প্ৰতীক দেৱী দূৰ্গাৰ আগমনৰ লগে লগেই ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰৰ বুকুত আকৌ এবাৰ ঝংকাৰিত হৈ উঠিছে একতা-ভাতৃত্ববোধৰ এখন ব্যতিক্ৰমী ছবি৷ এফালে বাজি উঠিছে আজানৰ মধুৰ সুৰ আন ফালে বাজি উঠিছে দেৱী বন্দনাৰ বাণী৷ ব্যৱধান এখন পঁকী দেৱাল৷ যি দৃশ্যই হয়তো অসহিষ্ণুতাৰে সৰৱ হৈ উঠা চক্ৰসমুহৰ বিৰুদ্ধে হ’ ব এক যথোচিত প্ৰত্যুত্বৰ ৷ ষষ্ঠীৰ পৱিত্ৰ ক্ষণত ধৰালৈ নামি অহা দেৱী দুৰ্গাৰ আগমনৰ সময়তেই শিৱসাগৰত প্ৰজ্ব্যোলিত হোৱা এই ব্যতিক্ৰমি ছবি হৈ পৰিব অজস্ৰ জনৰ বাবে আশা-প্ৰেৰণাৰ প্ৰতীক ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বাণিজ্যিক প্ৰাণ কেন্দ্ৰ স্বৰূপ মাৰোৱাৰী পট্টীৰ এখন ব্যতিক্ৰমী-বিশেষ পুজাস্থলী সকলোৰে বাবে এতিয়া হৈ পৰিছে সঁচা অৰ্থত সমন্বয়ৰ প্ৰতীক ৷ পূজাখনৰ নাম নৱ যুৱক দুৰ্গোৎসৱ সমিতি ৷ আপাত দৃষ্টিত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত অনুস্থিত আন ২৬ খন দুৰ্গা পূজাৰ দৰেই এই পূজাখনো একেই যদিও পূজা খনৰ এক বিশেষত্বৰ বাবেই সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ উল্লেখ্য যে, যি স্থানত বিগত ৬৩ বছৰ ধৰি এই পূজা ভাগ অনুস্থিত হৈ আহিছে সেই স্থানৰ গাতে গা লগাই আছে ইছলামধৰ্মী ৰাইজৰ উপাসনাস্থলী বেপাৰী পট্টী জুম্মা মচজিদ অৱস্থিত ৷ প্ৰায় আঢ়ৈশ বছৰ গৰকা এই ঐতিহাসিক মছজিদৰ গাতে গা লগাই বিগত ৬৩ বছৰ ধৰি নৱ যুৱক দুৰ্গোৎসৱ সমিতিয়ে অনুস্থিত কৰি আহিছে ব্যাপক ধূম-ধামেৰে দুৰ্গা পূজা৷ দুৰ্গা পুজাস্থলী আৰু মচজিদক পৃথক কৰিছে এখন অবোধ দেৱালে ৷এখন দেৱালে সীমা নিৰ্ধাৰণ কৰা দেৱালৰ এটা পাৰে আল্লাৰ জয়গান আৰু আনটো পাৰে ঈশ্বৰৰ জয়গান- দেৱী বন্দনা-মন্ত্ৰশ্লোকৰ বাণী ৷ বিগত এটা মাহ ধৰি আয়োজক সমিতিৰ নেৰানেপেৰা প্ৰচেষ্টাত আজি নিশা বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগেই আৰম্ভ হৈ গল বহু প্ৰত্যাশিত শাৰদীয় দুৰ্গা পূজা৷ বেল বোধন, শংখ ধ্বনী, পুৰুহিতৰ মন্ত্ৰোশ্লোকৰ বাণীৰে নিৰন্তৰ এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰি থকা পূজা সমিতিয়ে কাষতে থকা পাঁচ ৱক্ত নামাজৰ বাবে মাইকত আজান ভাহি অহাৰ লগে লগেই মণ্ডপৰ মাইক বন্ধ কৰি দিয়ে ৷ পুনৰ নামাজ অন্ত পৰাৰ লগেই আৰম্ভ হয় মন্ত্ৰোশ্লোকৰ বাণী৷ কোনো পক্ষৰে আক্ষেপ নাই ৷ বিগত কেইবাদিনো ধৰি মছজিদৰ চোতালতেই মণ্ডপৰ বিভিন্ন সামগ্ৰী দমাই থোৱা আছে৷ উদাৰতাৰ প্ৰতীক মচজিদ পৰিচালনা সমিতিয়েও বিগত ৬৩ টা বছৰে পুজা আয়োজক সমিতিক আগবঢ়াই আহিছে সহযোগিতা ৷ যেন যেতিয়াই প্ৰয়োজন হয় মছজিদৰ চোতাল ব্যৱহাৰ কৰিব পাৰিব ৷ পুজা সমিতিটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ইছলাম ধৰ্মী ৰাইজ ৷ নামাজ শেষ কৰি ওলাই অহা ইছলামধৰ্মী ৰাইজে কাষতে থকা মণ্ডপৰ কাষত উপস্থিত হৈ আয়োজক সমিতিৰ পৰা লৈছে প্ৰস্তুতিৰ বুজ৷ যি সময়ত সৰ্বত্ৰ বিভেদকামী শক্তিয়ে ৰাজনৈতিক উত্তৰণৰ বাবে সমাজ খনৰ মাজত এক অদৃশ্য,সন্দেহৰ বাতাবৰণৰ সৃষ্টি কৰিছে সেই সময়তেই শিৱসাগৰৰ নৱ যুৱক সংঘৰ এই পূজা ভাগিয়ে ঠায়ে ঠায়ে লেও সেও হৈ পৰা ভাতৃত্ববোধৰ জৰী ডাল অধিক সৱল ৰূপত প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে ৷ সমন্বয়ৰ পীঠ ভূমি শিৱসাগৰৰ পৰাই বিশ্ববাসীৰ বুকুলৈ বিলাই দিছে এই মধূৰ সমন্বয়ৰ বাৰ্তা ৷যি বাৰ্তাত আছে মানৱতাৰ জয়গান আছে শান্তি- প্ৰগতি-প্ৰশস্তিৰ বাণী ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান