নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত সুৰাৰ ঘাটিৰ পৰা আবকাৰী বিভাগৰ মাহিলি কমিছন সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপত গঢ় লৈ উঠা অৱৈধ সুৰাৰ ঘাটিক কেন্দ্ৰ কৰি দৈনিক ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈ থকাৰ সময়তেই এইবাৰ অৱৈধ সুৰাৰ ঘাটীক লক্ষ্য কৰি নিয়মিত ধন সংগ্ৰহত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগটোৰ এগৰাকী কনিষ্টবলৰ বিৰুদ্ধে ৷ যি সময়ত বলিয়াঘাট অঞ্চলত পৰেশ লাচিত কলেজৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত দৌ, মাখনি, দেৱ, ভৰালীৰ, দেৱযানীৰ দৰে সুৰা মাফিয়াই গঢ়ি তুলা সুৰাৰ ঘাটীত দলীয় সংঘৰ্ষ,সুৰাৰ ঘাটীৰ পৰা ওলাই অহা মাতাল ভাতৃৰ দাৰ ঘাপত জেষ্ঠ ভগ্নী আহত হোৱাৰ লগতে সুৰাৰ ঘাটীৰ পৰা ওলাই অহা ইজনৰ পিছত সিজন সুৰাপায়ী যুৱক পথ দুৰ্ঘটনাত নিহত হোৱাৰ ঘটনাই সাধাৰণ ৰাইজক শংকৃত কৰি তুলিছে সেই সময়তেই পোহৰলৈ আহিছে আৱকাৰী কনিষ্টবলৰ ধন দাবীৰ এই ভয়ংকৰ ঘটনা ৷নাজিৰাস্থিত কাৰ্য্যালয়ৰ এই গৰাকী আৱকাৰী কনিষ্টবলে সম্প্ৰতি নিজৰ অধীনস্থ এলেকা অতিক্ৰম কৰি শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তত থকা অৱৈধ সুৰাৰ ঘাটীৰ পৰা সংগ্ৰহ কৰিছে বুজন পৰিমাণৰ ধন ৷দাবীকৃৰ্ত ধন আদায় নিদিলেই বিভাগৰ অভিযান চলিব বুলি ভাবুকি প্ৰদাণ কৰা এই গৰাকী কনিষ্টবলে এগৰাকী কনিষ্ঠ বিষয়াৰ নাম লৈ তুলিছে এই বুজন পৰিমাণৰ ধন ৷ আৱকাৰী বিভাগৰ উঠি ৰজা – বহি ৰজা স্বৰূপ তথা বিভাগটোৰ অন্যতম মেনেজ মাষ্টাৰ খ্যাত এই গৰাকী আৱকাৰী কনিষ্ট বলে কনিষ্ঠ বিষয়া গৰাকীৰ নাম লৈ একাংশ অৱৈধ সুৰাৰ ঘাটীৰ পৰা দহ হাজাৰকৈ টকা সংগ্ৰহ কৰিছে ৷ইতিমধ্যে দুৰ্গা পূজাৰ সময়ৰ পৰাই জিলাখনৰ বহু সংখ্যক অৱৈধ সুৰাৰ ঘাটীৰ পৰা পূজাৰ কমিচন হিচাবে বৃহত অংকৰ ধন বিছাৰি অৱৈধ সুৰাৰ ঘাটীৰ গৰাকীৰ সৈতে দৰ- দাম কৰাৰ বিস্ফোৰক তথ্য সহ কেইবাটাও অডিঅ সংগ্ৰহ কৰিছে ৷ সম্প্ৰতি সুৰা মাফিয়া চক্ৰৰ মবাইলত আৱদ্ধ হৈ পৰা কথোপকথনত এই গৰাকী নাজিৰা আৱকাৰীৰ কনিষ্টবলে জনৈক কনিষ্ঠ বিষয়া গৰাকীৰ নাম স্পষ্টকৈ উল্লেখ কৰাৰ লগতে ধন আদায় নিদিলে ছাৰৰ পাৰ্টীয়ে ৰেইড মাৰিব বুলিও হুংকাৰ প্ৰদাণ কৰিছে ৷আনহাতে আন একাধিক অৱৈধ সুৰাস ঘাটীৰ পৰা এই গৰাকী কনিষ্ঠ বিষয়াই সতীৰ্থ সুৰা ব্যৱসায়ীৰ মবাইলৰ নিজে ফোন কৰি গাই পতি দহ হাজাৰকৈ ধন আদায় দিবলৈ নিৰিখ বান্ধি দিয়াৰ ঘটনাইয়ো বিশেষ তাৎপৰ্য্য বহণ কৰিছে ৷উল্লেখ্য যে, শিৱসাগৰত ৰঘুমলাৰ দৰে সৃষ্টি হোৱা অৱৈধ সুৰাৰ ঘাটীয়ে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷নিশা এপৰলৈকে সুৰাৰ বেহা চলা এই ঘাটী সমুহত সুৰা পান কৰিবলৈ অহা সুৰাপায়ীৰ অতপালিত অঞ্চল ভেদে সাধাৰণ ৰাইজ, মহিলা, যুৱতী ৰাজপথলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ইফালে শিৱসাগৰত ভয়ংকৰ ৰূপত শিৱসাগৰত বৃদ্ধি পোৱা সুৰাৰ অৱৈধ ঘাটীৰ বাবেই চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলত মাৰ পিট ইত্যাদি সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ বিশেষকৈ সদৰ থানাত পঞ্জীয়নভূক্ত অধিকাংশ গোচৰেই সুৰা কেন্দ্ৰীক হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে ৷ তেনেস্থলত খোদ আৱকাৰী কনিষ্টবল, কনিষ্ঠ বিষয়াই সন্মিলিত ভাৱে ধন সংগ্ৰহত নামি পৰা অভিযানে অৱৈধ সুৰাৰ ঘাটী কি দৰে নিয়ন্ত্ৰণ কৰিব তাক লৈ প্ৰশ্ন উঠিছে ৷সচেতম মহলে শীঘ্ৰে এনে কনিষ্টবল, কনিষ্ঠ বিষয়াৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থাৰ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like