নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবকাৰী শুল্ক বৃদ্ধি কেন্দ্ৰৰ, পেট্ৰ’ল-ডিজেলৰ মূল্য ২ টকাকৈ বৃদ্ধি, ট্ৰাম্পৰ শুল্ক যুদ্ধৰ পৰিণতি

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ আজি পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য ২ টকা বৃদ্ধি কৰিছে৷ ১২ বজাৰ পৰা মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ৰেট৷ মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধৰ বাবে আজি পুৱা শ্বেয়াৰ বজাৰত বিশৃংখলতাৰ সৃষ্টি হৈছিল। শ্বেয়াৰ বজাৰত তিনি হাজাৰ পইণ্টতকৈ অধিক হ্ৰাস পাইছে চেন্সেক্স।

আজি চৰকাৰে জাৰি কৰা এক আদেশত কোৱা হৈছে যে পেট্ৰ’লৰ আবকাৰী শুল্ক প্ৰতিলিটাৰত ১৩ টকা আৰু ডিজেলৰ ওপৰত প্ৰতিলিটাৰত ১০ টকাকৈ বৃদ্ধি কৰা হৈছে। পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰীয়ে কয় যে, আবকাৰী হাৰ বৃদ্ধিয়ে সাধাৰণ জনতাক প্ৰভাৱিত নকৰে।

বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি এই বোজা সাধাৰণ মানুহৰ ওপৰত নপৰিব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী (ONGC)ক জনাইছে যে খুচুৰা মূল্য বৃদ্ধি নহ’ব। যোৱা কেইদিনমানৰ পৰা আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবে পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্য হ্ৰাস পোৱাৰ আশা আছিল যদিও এতিয়া আবকাৰী শুল্ক বৃদ্ধিৰ বাবে এনে হোৱাৰ সম্ভাৱনা কমিছে।

আজি আবকাৰী শুল্কৰ হাৰত প্ৰভাৱিত হোৱাৰ পিছত পেট্ৰল আৰু ডিজেলৰ খুচুৰা মূল্য বৃদ্ধি নহ’ব বুলি পিএছইউ তেল বিপণন কোম্পানীয়ে জনাইছে। যি সময়ত খাৰুৱা তেলে সৰ্বনিম্ন স্তৰত উপনীত হৈছে, সেই সময়ত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক বৃদ্ধি কৰিছে।

You might also like