বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ ডিব্ৰুগড় নগৰৰ মাজমজিয়াত থানা চাৰিআলিৰ এলেকাৰ মান কটা ৰোডৰ অভাৰ ব্ৰীজৰ ওচৰতে(অহেলী ফাৰ্নিচাৰৰ সমীপত) আছে ডিব্ৰুগড়ৰ আটাইতকৈ পুৰণি শ্ৰী দুৰ্গা মন্দিৰ। প্ৰায় ১০৪ বছৰ পুৰণি এই মন্দিৰটো অসমতে বিখ্যাত। বিপৰ্যয়জনক বানপানী আৰু ভূমিকম্পৰ পূৰ্বে ১৯২০-২১ চনৰ আশে-পাশে পুৰণি ডিব্ৰুগড় চহৰত অৱস্থিত শ্ৰী দুৰ্গা মন্দিৰ নিৰ্মাণ কৰাৰ পিছত ভক্তবৃন্দ নিয়মিতভাৱে আগমন হৈছিল। মা দুৰ্গাৰ মূৰ্তি আৰু আৰোহী সিংহৰ ওজন প্ৰায় ন মন বুলি কোৱা হয়। এই গধুৰ প্ৰতিমূৰ্তিটো অষ্টধাতুৰ নিৰ্মিত। তেতিয়াৰ তিনিচুকীয়া বাসিন্দা ছানেহিৰাম ডুংগাৰমাল, প্ৰতিষ্ঠানৰ লোহিয়া পৰিয়ালৰ দুৰ্গাদত্ত লোহিয়াই এই প্ৰতিমূৰ্তিটো বানাৰসৰ পৰা ক্ৰয় কৰি আনি শ্ৰী দুৰ্গা মন্দিৰৰ পুৰোহিত আৰু গুৰু লক্ষ্মীনাৰায়ণ শৰ্মাক নিজ হাতেৰে দিছিল।এই মন্দিৰটো পুৰণি ডিব্ৰুগড় অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ বিপৰ্যয়জনক বানপানী আৰু ভূমিকম্পৰ সময়ত বহু কষ্টৰ মাজতে মন্দিৰ কটালে। পুৰণি ডিব্ৰুগড়ত ঘৰ, আৱাসিক এলেকা, বাণিজ্য, সামাজিক ধৰ্মীয় অনুষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্যালয় ইত্যাদি আছিল। দুৰ্যোগৰ সময়ত একোৱেই জীয়াই থাকিব নোৱাৰিলে, সকলোবোৰ পানীত মিলি ডুবি শেষ হৈ গল । একেখিনিৰ প্ৰতি লক্ষ্য ৰাখি এই মন্দিৰৰ মূৰ্তিটো নিৰাপদে লগে লগে তেতিয়াৰ কিছু লোকৰ দ্বাৰা ডিব্ৰুগড় এ টি ৰোডৰ মাৰোৱাৰী পট্টিত অৱস্থিত ধৰ্মশালা প্ৰাংগণত অনা হয়। সেই সময়ত অস্থায়ী মন্দিৰ স্থাপিত কৰি নিয়মীয়াকৈ পূজা অৰ্চনা কৰা হৈছিল। ১৯৫৪ চনৰ পৰা ১৯৫৬ চনৰ আশে-পাশে ধৰ্মশালা চৌহদত এই মন্দিৰৰ কাম চলি থাকিল। এই সম্পৰ্কত মন্দিৰৰ মুখ্য সম্পত শৰ্মাৰ মতে, প্ৰায় ৫৬ৰ পৰা ৫৭ চন ত অভাৰব্ৰিজৰ সমীপৰ মন্দিৰৰ নিৰ্মাণৰ বাবে মাটি ক্ৰয় কৰা হৈছিল। শ্ৰী দুৰ্গা মন্দিৰ নিৰ্মাণ একে সময়তে কেঁচা টিন আৰু কাঠেৰে আগুৰি থকা চৌহদত আছিল। এই গধুৰ মূৰ্তিটো কেচা ঘৰত ৰখা হৈছিল আৰু তাতেই পূজাৰী আৰু ভক্ত বৃন্দ পূজা কৰিছিল। বহু বছৰলৈকে শ্ৰীদুৰ্গা মন্দিৰটো অতি জৰাজীৰ্ণ অৱস্থাত থাকিল। পিছত অৰুণ কেদিয়াই কিছু পৰিৱৰ্তন কৰি মন্দিৰ ৰূপ সলনি কৰি দিলে। এই মন্দিৰটো ভক্তসকলৰ আস্থা বিশ্বাস আৰু ভক্তিৰ বাবে উৎসৰ্গিত।ইয়াৰ লগতে জড়িত ভক্ত ১৯৯৭ চনত শ্ৰী দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতি গঠন কৰি মন্দিৰৰ পকীকৰণ কাৰ্য সফল কৰে। এই কাৰ্যত মূলতঃ মন্দিৰৰ মুৰব্বী সম্পত্তলাল শৰ্মা, যুগল শৰ্মা, অশোক চৌধুৰী আৰু শ্যাম সুন্দৰ বাগাডিয়াই আগভাগ লৈছিল।নিৰ্মাণ কালত দাতা, শুভাকাংক্ষী, সমাজৰ অন্য লোক আদিয়ে পূৰ্ণ সহযোগিতা আগবঢ়াই গৈছিল।বহু লোকৰ সহযোগত মন্দিৰটোৱে পূৰ্ণ আকৃতি পালে। ইয়াৰ আকৃতিৰ ৰূপান্তৰ ঘটি মূল উদ্দেশ্য আছিল ভক্তসকলক পূজা আদিত সুবিধা প্ৰদান কৰা। মন্দিৰ পকীকৰণৰ নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাৰ পিছত মা দুৰ্গা মূৰ্তিৰ স্থাপিত কৰা হয় । ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ ১৯৯৭ চনত উৎসৱৰ সংগতি ৰাখি পূজা অনুষ্ঠিত কৰা হৈছিল।কেইবাজনো পণ্ডিত আচাৰ্য আদিৰ সান্নিধ্যত বৈদিক মন্ত্ৰ পাঠ আৰু পূজা কৰি কলাশ যাত্ৰা আদি যথাযথভাৱে অনুষ্ঠিত কৰা হৈছিল। বিৰাট কলাশ যাত্ৰাৰ পিছত চহৰখন আৰু একে সময়তে প্ৰতিমূৰ্তি স্থাপিত কৰা হৈছিল।এতিয়া এই মন্দিৰটো প্ৰথম মহলাত আৰু প্ৰতিদিনে বহু ভক্ত দৰ্শন আৰু পূজাৰ বাবে নিয়মিতভাৱে আহে। ইয়াত মাতৃ দেৱীক তেওঁৰ ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে ।নৱৰাত্ৰিৰ ন দিন মাতৃ দেৱীক বিশেষভাৱে পূজা কৰা হয়। ভক্তৰ দ্বাৰা সজাই তোলা হয়।ভক্তৰ ভিৰ ৰাতিপুৱা গধূলি প্ৰত্যক্ষ হয়।পূজা আৰু দৰ্শন কৰি মাতৃ দেৱীৰ চৰণত চূণডি আগবঢ়োৱা হয়। ন দিনৰ বাবে মা দুৰ্গাৰ মন্দিৰত নিয়মিতভাৱে পূজা প্ৰক্ৰিয়া অব্যাহত থাকে।বিশেষকৈ নৱৰাত্ৰিৰ দিনা পূজা কৰি, দীপ প্ৰজ্বলন কৰিবলৈ সমাগম হয় বহু ভক্তপ্ৰান ৰাইজৰ।ভক্তিমূলক গীত ভক্ত বৃন্দৰ দ্বাৰা অনুষ্ঠিত কৰা হয়।যুগল কিশোৰ শৰ্মা, সম্পত শৰ্মা আৰু অশোক চৌধৰীয়ে প্ৰাচীন মন্দিৰৰ বিষয়ে তথ্য প্ৰদান কৰি এই লেখাত বিশেষভাবে সহযোগ কৰে। ইফালে সমাগত শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যত বৃদ্ধি পাইছে উৎসাহ-উদ্দীপনাৰ।আজি ষষ্ঠীত দেৱীক বেদীত স্থাপনৰ লগে লগেই মহিষমর্দিনীৰ আৰাধনাৰে মুখৰিত হৈ পৰিব সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো শাৰদীয় দুর্গোৎসৱক লৈ সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ।বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ডিব্ৰুগড়ত অব্যাহত আছে পূজা মণ্ডপ নিৰ্মাণৰ এক অঘোষিত প্রতিযোগিতা। লাখ লাখ টকা ব্যয় কৰি বহিৰাগত কাৰিকৰৰ দ্বাৰা বহুকেইখন পূজা সমিতিয়ে ব্যতিক্রমী আৰ্হিৰে নিৰ্মাণ কৰিছে পূজা।অৱশ্যে সৰহসংখ্যক পূজা সমিতিয়ে কম বাজেটেৰে থলুৱা কাৰিকৰৰ জৰিয়তে পূজা মণ্ডপ নিৰ্মাণ কৰি ভক্ত তথা দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰিছে। এইবাৰ জিলাখনত বৰ্তমানৰ লৈকে লাভ কৰা তথ্য অনুসৰি পূজা অনুষ্ঠিত কৰা সমিতিৰ সংখ্যা হ্রাস পালেও ১১৫ খন পূজা অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ পূৰ্ব আৰু পশ্চিম ৰাজহ চক্ৰৰ অধীনত। বিশেষকৈ জিলাখনত এইবাৰ ৩০৩ খন পূজা সমিতিয়ে অনুমতি লৈছে জিলা প্ৰশাসনৰ পৰা। ইয়াৰে ডিব্ৰুগড় চহৰতে এই পর্যন্ত ৮১ পূজা অনুষ্ঠিত কৰাৰ অনুমতি গ্রহণ কৰিছে। বিগত বৰ্ষত ডিব্ৰুগড় পূব আৰু পশ্চিম ৰাজহ চক্ৰৰ অধীনত ১২৫ খন পূজা অনুষ্ঠিত হৈছিল। উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ এখন ব্যতিক্রমী পূজা মিত্রসংঘ পূজা সমিতিয়ে আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিছে। গ্রেহেম বজাৰৰ ৪২ বছৰত ভৰি দিয়া এই পূজা প্ৰৱাল সমিতিয়ে এইবাৰ পূৰ্বতকৈ ব্যতিক্ৰমী ৰাপত মণ্ডপ নিৰ্মাণ কৰি দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণৰ পীৱৰ প্ৰয়াস কৰিছে। শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ আৰু পুতনাৰ প্ৰতিকৃতি সন্নিবিষ্ট কৰা হৈছে মিত্ৰসংঘৰ পূজা সমিতিয়ে।একেদৰে ৩৮ টা বছৰ সম্পূৰ্ণ কৰা পৰা ডিব্ৰুগড় চহৰৰ পৌৰসভা পূজা সমিতিয়ে এইবাৰো ব্যতিক্ৰমী ৰূপত মণ্ডপ নিৰ্মাণ কৰিছে।গ্ৰেহেম বজাৰ মিউনিচিপাল দুর্গা পূজা সমিতিয়ে সম্পূৰ্ণ বাঁহেৰে মণ্ডপৰ লগতে দুৰ্গা শিশু দেৱীৰ আৰু আন দেৱ-দেৱীসকলৰ প্ৰতিমা নিৰ্মাণ কৰা হৈছে।সম্পূর্ণ নতুন কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা এই পূজাই আন পূজা সমিতিসমূহৰ দৰেই ব্যতিক্রমী।তেনদৰেই মালিপট্টী,মৰোৱাৰীপট্টী,জালুকপাৰা,৩০ বছৰ গৰকা জ্যোতি নগৰ,মিলন নগৰ আদিৰ পুজা মণ্ডপ সমূহ আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে।অৱশ্যে যান-বাহন চলাচল ব্যৱস্থাই যে ভক্তপ্ৰান ৰাইজক পানী খুৱাব সেয়া নিশ্ছিত।
প্ৰেৰক বিভাস দুৱৰা