নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু বিহু লাগিছে গাত : ঢকুৱাখনাৰ বিহু কৰ্মশালাত উদুলি-মুদুলি পৰিৱেশ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : অসমীয়াৰ বাপতিসাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাইছে। কপৌ, তগৰ আদি ফুলে নানাৰঙী আস্বাদনেৰে ধৰাৰ বুকু সজাই তুলিছে। কুলি-কেতেকীয়ে আনিছে বহাগৰ বতৰা। বহাগৰ জাননী পাই গাত তৰণি নাই প্ৰতিগৰাকী অসমীয়াৰ। হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যবাসীয়ে ব্যাপক প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে বিহু কৰ্মশালা সমূহত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে। চৌদিশে ঢোল পেঁপাৰ গুমগুমনি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। ঢোল-পেপা, গগনাৰ মাতত মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ আকাশ বতাহ। বিগত বৰ্ষৰ দৰে এইবাৰো ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ভৱনৰ প্ৰাঙ্গনত যোৱা ১৭ মাৰ্চৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা। অহা ২৭ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাত অভিজ্ঞ তথা বৰবিহুৱতী নাচনিৰ দ্বাৰা প্ৰশিক্ষণ লোৱাত ব্যস্ত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক কণ কণ শিকাৰুৰ অংশগ্ৰহণনেৰে উখল-মাখল হৈ পৰিছে এতিয়া সমগ্ৰ অঞ্চলটো। এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে উপস্থিত থাকে বৰ বিহুৱতী ছায়াশ্ৰী চমুৱা আৰু বিহু বিশ্ব ৰেকৰ্ডৰ অন্যতম প্ৰশিক্ষক প্ৰণৱ বৰুৱা। ইফালে বিহু সুৰক্ষা সমিতিৰ উদ্যোগত ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱত অনুষ্ঠিত হৈছে বিহু আখৰা। ছায়াশ্ৰী চমুৱা, প্ৰণৱ বৰুৱা, দেৱজিত বৰুৱা আৰু দেৱব্ৰত গগৈয়ে প্ৰশিক্ষক হিচাপে অংশগ্ৰহন কৰা এই কৰ্মশালাৰ আখৰাত ব্যস্ত ফুলকুমলীয়া নাচনীৰ নৃত্য আৰু বিহুনামৰে মুখৰ হৈ পৰিছে কৰ্মশালা থলীৰ আকাশ-বতাহ। দহ দিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মাশালাত অংশগ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক কন কন শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে। বিহু নাচ প্ৰশিক্ষক ছায়াশ্ৰী চমুৱায়ো কলে আধুনিকতাৰ নামত যাতে হেৰাই যাব নোৱাৰে আমাৰ জাতীয় উৎসৱ বিহুৰ ঐতিহ্য, পৰম্পৰা, তাৰবাবে এনেদৰে নৱ প্ৰজন্মৰ মাজত কৰ্মশালা অনুষ্ঠিত কৰি বিহুৰ বিশুদ্ধ ৰূপতো অক্ষুন্ন ৰখাৰ প্ৰয়ায় চলাই থকা হৈছে ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like