🟠‘নিয়মীয়া বার্তা’ৰে আছুতীয়া সাক্ষাৎকাৰত কেএল’ৰ মুৰব্বী জীৱন সিংহ
🟠বছৰৰ আৰম্ভণিতে কমতাপুৰবাসীয়ে লাভ কৰিব ভাল খবৰ
🟠পৃথক কমতাপুৰ কোচ ৰাজবংশী জাতিক প্রতিষ্ঠা কৰাৰ একমাত্র পথ
🟠চৰকাৰেৰে শান্তি আলোচনা ইতিবাচক বুলি মন্তব্য কেএল’ৰ মুৰব্বীৰ
🟠জনজাতিকৰণ নহয় কেএল’ৰ স্থিতি একমাত্র কমতাপুৰ স্পষ্ট কৰিলে জীৱন সিংহই
🟠‘কোচ ৰাজবংশীসকল অসমীয়া নহয়, কোচ ৰাজবংশীসকল মাত্র কমতাপুৰী’
🟠‘নিয়মীয়া বার্তা’ৰ হৈ সাক্ষাৎ গ্রহণ উপানন্দ শর্মাৰ
এগৰাকী সশস্ত্র সংগঠনৰ নেতা৷ প্রায় তিনি দশকজুৰি পৃথক কমতাপুৰৰ দাবীত উগ্রপন্থী সংগঠন কমতাপুৰ লিবাৰেচন অর্গেনাইজেচন, চমুকৈ কে এল অ’ক নেতৃত্ব দি আহিছে৷ এওঁৰ নাম তিমিৰ দাস ওৰফে জীৱন সিংহ কোচ৷ সাংবাদিক উপানন্দ শর্মাৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিদ্রোহী নেতাগৰাকীয়ে প্রকাশ কৰিলে বহু কথা৷ আছুতীয়া সাক্ষাৎকাৰটো সম্পাদিত ৰূপত প্রকাশ কৰা হ’ল–
প্রশ্নঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ মুক্তিৰ বাবে কে এল অ’ই কেইবাদশকজুৰি সশস্ত্র সংগ্রাম কৰিছে৷ এতিয়া শান্তি আলোচনাৰ জৰিয়তে সমস্যাৰ পোষকতা কৰিছে৷ কি পৰিস্থিতিত কেনেধৰণৰ কাৰণত আপুনি এসময়ত সশস্ত্র সংগ্রামৰ প্রতি আকর্ষিত হৈছিল?
জীৱন সিংহঃ ১৯৪৯ চনৰ ২৮ আগষ্ট পর্যন্ত আমি স্বাধীন আছিলোঁ৷ কোচবিহাৰ মার্জাৰ এগ্রীমেণ্টৰ পাছত আমি পৰাধীন হৈ পৰিছোঁ৷ ইয়াৰ পাছতে কোচ–কামতাপুৰৰ জনগণৰ ওপৰত চৰম শোষণ আৰু লাঞ্ছনা–বঞ্চনাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে৷ আমাৰ ওপৰত চৰম অন্যায় আৰু অবিচাৰ হৈ আছে৷ এইবিলাক আমি কমতাপুৰৰ জনগণে মানি ল’ব পৰা নাছিলোঁ৷ কলেজত পঢ়ি থকাৰ সময়তে শিলিগুৰি আদিকে ধৰি বিভিন্ন স্থানত কোচ ৰাজবংশী লোকসকলৰ দুখ–দুর্গতি দেখি ব্যথিত হৈ পৰিছিলোঁ৷ এটা সময়ত আমাৰ পূর্বপুৰুষে এই ভূ–খণ্ড শাসন কৰিলেও আমি তাৰ উত্তোৰাধিকাৰীসকলে শোষণ–বঞ্চনাৰ বলি হৈ অহা প্রত্যক্ষ কৰিছিলোঁ৷ গৰিষ্ঠসংখ্যকে অর্থিকভাৱে দুর্বল হৈ শ্রমিক আদিৰ দৰে কাম–কাজ কৰি জীয়াই থাকিব লগা হৈছিল৷ জাতিৰ এই দুৰৱস্থা মোৰ বাবে অসহনীয় আছিল৷ নিজৰ লোকসকলৰ বাবে কিবা এটা কৰাৰ বাবে জাতি প্রেমৰ ভাব জাগি উঠে৷ এইক্ষেত্রত শিক্ষকতাৰ সৈতে জড়িত মোৰ সম্পর্কীয় এজনে জাতীয় চিন্তা চর্চা আৰু পৰৱর্তী পন্থা নির্ধাৰণ কৰাত পথ প্রদর্শক আছিল৷ সেয়ে কমতাপুৰ ৰাজ্য পুনৰ প্রতিষ্ঠা তথা কমতাপুৰবাসী জনগণৰ বাবে এই সশস্ত্র সংগ্রাম পাতনি মেলা হয়৷ তিনি দশকৰো বেছি সময় ধৰি এতিয়াও এই সংগ্রামে চলাই আছো৷
প্রশ্নঃ কেন্দ্রীয় চৰকাৰৰ সৈতে আপোনালোকৰ আলোচনা প্রক্রিয়া বর্তমান কি পর্যায়ত আছে? আপোনালোকে দাবী কৰা প্রস্তাৱিত পৃথক ৰাজ্যৰ মানচিত্রত কি কি অঞ্চল অন্তর্ভুক্ত হ’ব?
জীৱন সিংহঃ সম্প্রতি চৰকাৰৰ লগত আমাৰ আলোচনা সুস্থ পর্যায়ত আছে৷ সীমা সম্পর্কে এতিয়ালৈকে কোনো চূডান্ত সিদ্ধান্ত হোৱা নাই৷ কিন্তু আমি ভাৰতবর্ষত থকা গোটেই অবিভক্ত কমতাপুৰৰ বাবে সংগ্রাম কৰি আছোঁ৷
প্রশ্নঃ কিমান দিনৰ ভিতৰত ৰাইজে শান্তি আলোচনাৰ ফল ৰাইজে দেখা পাব?
জীৱন সিংহঃ বছৰটোৰ আৰম্ভণিতে শীঘ্রে কোচবিহাৰ তথা কমতাপুৰবাসীয়ে ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী৷
প্রশ্নঃ পৃথক কমতাপুৰ ৰাজ্যৰ বিকল্প হিচাপে চৰকাৰে যদি আপোনালোকক অইন কোনো পেকেজ আগবঢ়ায়, তেন্তে আপোনালোকৰ স্থিতি কি হ’ব?
জীৱন সিংহঃ আমি কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে সংগ্রাম কৰি আহিছেছা, ইয়াত কোনো পেকেজে ইয়াৰ বিকল্প হ’ব নোৱাৰে৷
প্রশ্নঃ পৃথক কমতাপুৰেই একমাত্র সমস্যা সমাধানৰ পথ হিচাপে বিবেচনা কৰে কিয়?
জীৱন সিংহঃ পৃথক কমতাপুৰে কোচ ৰাজবংশী জাতিক প্রতিষ্ঠা কৰাৰ একমাত্র পথ৷
প্রশ্নঃ কিছু দিন ধৰি সংবাদ মাধ্যমত অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ লগতে পশ্চিমবংগ, বিহাৰৰ এটা অংশ সাঙুৰি কেন্দ্রীয়শাসিত ৰাজ্য গঠনৰ চর্চা অব্যাহত আছে৷ এই খবৰৰ সত্যতা কিমান? কেন্দ্রৰ পৰা সেউজ সংকেট লাভ কৰিবলৈ সক্ষম হৈছে নেকি?
জীৱন সিংহঃ এই কথা সম্পূর্ণ সঁচা আৰু এই বিষয়ত কেন্দ্রীয় চৰকাৰে আমাক পূর্ণ আশ্বাস তথা সেউজ সংকেত দিছে৷
প্রশ্নঃ যদিহে অসম আৰু পশ্চিমবংগ বিভাজন কৰি পৃথক ৰাজ্য গঠন হয়, তেন্তে অবিভক্ত গোৱালপাৰা জিলাত থকা ৰাভা, হাজং, বডো, গাৰো, কলিতা, নাথ যোগী আদি জনগোষ্ঠীৰ সুৰক্ষা আৰু অধিকাৰৰ প্রশ্ণ আহি পৰিব পাৰে নেকি?
জীৱন সিংহঃKamtapur is a multi-ethnic communityৰ বসবাস স্থল৷ ধর্ম নিৰপেক্ষতা আৰু সামাজিক সম্প্রীতি কমতাপুৰৰ মহান সংস্কৃতি৷ এই সংস্কৃতি আগতেও আছিল এতিয়াও আছে৷ ভৱিষ্যতলৈকেও এই সংস্কৃতি আৰু পৰম্পৰা অটুট থাকিব৷ গতিকে ইয়াত কোনেও শংকিত হোৱাৰ কোনো কাৰণ নাই৷ বৰং ইয়াত সকলোৰে সর্বাংগীণ উন্নতি আৰু বিকাশহে হ’ব৷
প্রশ্নঃ আপোনালোকৰ প্রস্তাৱিত মানচিত্রত বিটিচি (বিটিআৰ), কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অঞ্চল আছে৷ এইসমূহ পৰিষদৰ ভৱিয্যৎ কি হ’ব?
জীৱন সিংহঃ কমতাপুৰত থকা যিমান স্বায়ত্ত পৰিষদ আছে, গোটেইকেইখনৰে অস্তিত্ব বর্তি থাকিব৷ বৰং ইয়াৰ ভিতৰত থকা পৰিষদবিলাকে ইয়াতকৈ অধিক সুবিধা গ্রহণ কৰিবলৈ সক্ষম হ’ব৷
প্রশ্নঃ আপোনালোকৰ দাবীৰ প্রতি কেন্দ্রীয় চৰকাৰৰ লগতে অসম আৰু পশ্চিমবংগ চৰকাৰে কিদৰে সহযোগিতা কৰিছে? সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ অথবা মত বিনিময় হৈছে নেকি?
জীৱন সিংহঃ মার্জাৰ এগ্রিমেণ্টৰ জৰিয়তে ভাৰত চৰকাৰ আৰু কোচবিহাৰৰ মহাৰজা ছাৰ জগদীপেন্দ্র নাৰায়ণ ভুপবাহাদুৰৰ লগত হৈছিল চুক্তি৷ গতিকে ইয়াত তৃতীয় পক্ষৰ কোনো প্রশ্নই নুঠে৷
প্রশ্নঃ আলফা–চৰকাৰৰ আলোচনাৰ মাজতে কে এল অ’ই শান্তি আলোচনাৰ বাবে মন মেলিছে৷ কিন্তু আলফা চৰকাৰৰ আলোচনা যথেষ্ট লেহেমীয়া হৈছে৷ এইক্ষেত্রত কে এল অ’ৰ আগন্তুক আলোচনা প্রক্রিয়াক লৈ কিমান দূৰ আশাবাদী হৈ আছে৷
জীৱন সিংহঃ এই বিষয়ত আমাৰ কোনো মন্তব্য নাই৷
প্রশ্নঃ অসমৰ কোচ ৰাজবংশীসকলৰ দীর্ঘদিনীয়া দাবী হৈছে জনজাতিকৰণ৷ এইক্ষেত্রত কে এল অ’ৰ স্থিতি কি? জনজাতিকৰণ নে পৃথক ৰাজ্য গঠনে সমস্যা সমাধান কৰিব বুলি ভাবে?
জীৱন সিংহঃ আমাৰ স্থিতি আমাৰ কমতাপুৰ৷
প্রশ্নঃ অসমৰ কোচ ৰাজবংশীসকল অসমীয়াৰ অংশ বুলি কোৱা বাবেই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী গোকুল বর্মনক কে এল অ’ই ভাবুকি প্রদান কৰিছিল৷ আপোনাৰ মতে কোচ ৰাজবংশীসকল অসমীয়াৰ অংশ হয় নে নহয়?
জীৱন সিংহঃ কোচ ৰাজবংশীসকল নহয় অসমীয়া৷ নহয় বাঙালী, নহয় বিহাৰী৷ কোচ ৰাজবংশীসকল কমতাপুৰৰ বাসিন্দা গতিকে কোচ ৰাজবংশীসকল কমতাপুৰী৷
প্রশ্নঃ অবিভক্ত গোৱালপাৰা জিলাক বাদেও উজনি–মধ্য আৰু উত্তৰ অসমত কোচ ৰাজবংশী লোকসকল বসবাস কৰি আহিছে৷ এওঁলোকক লৈ আপোনালোকে কেনে ধৰণে চিন্তা কৰিছে?জীৱন সিংহঃ অকল অসমতেই নহয় গোটেই ভাৰতবর্ষত থকা কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে আমি সংগ্রাম কৰি আছো৷
প্রশ্নঃ কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচ বর্তমান পশ্চিমবংগ আৰক্ষীৰ জিম্মাত আছে৷ এনে সময়ত সংগঠনটোৰ মজিয়াত আলোচনাৰ প্রসংগত সর্বসন্মত সিদ্ধান্ত গ্রহণত অসুবিধা আহি পৰিব পাৰে নেকি?
জীৱন সিংহঃ হয় কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচ সম্প্রতি পশ্চিমবংগ আৰক্ষীৰ জিম্মাত আছে৷ এইটো আমাৰ বাবে অতিকৈ দুর্ভাগ্যজনক বিষয়৷ ইয়াৰ উপৰি কে এল অ’ৰ কেন্দ্রীয় কমিটীত ৩২জন সদস্য আছে৷ সেই বাবে ইয়াত আমাৰ সিদ্ধান্ত গ্রহণত কোনো অসুবিধা নাই৷
প্রশ্নঃ বিগত সময়ত কেইবাবাৰো ভাৰতৰ লগতে বিদেশৰ ভূমিত আপুনি নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰাৰ খবৰ ওলালেও শেষত গৈ সেই খবৰ মিছা প্রমাণিত হৈছে৷ ইয়াৰ প্রকৃত ৰহস্য কি?
জীৱন সিংহঃ ইয়াৰ কিছু সঁচা আৰু কিছু অপপ্রচাৰ আছে৷
প্রশ্নঃ বাংলাদেশত আলফা সভাপতি অৰবিন্দ ৰাজখোৱাকে ধৰি বহু নেতা ধৰা পৰাৰ সময়ত আপুনি কথমপি ৰক্ষা পৰিছিল৷ সমগ্র ঘটনা চমুকৈ ক’ব নেকি?
জীৱন সিংহঃ ভগৱান বা ঈশ্বৰৰ সদিচ্ছা আৰু জনগণৰ আশীর্বাদত মই ৰক্ষা পাবলৈ সক্ষম হৈছোঁ৷ আচলতে বাংলাদেশৰ ঢ়াকাৰ এটা স্থানত আত্মগোপন কৰি থকা সময়তে নিৰাপত্তা বাহিনীৰ এটা দলে অভিযান চলায়৷ আলফা নেতা দেৰহাগ্রা শৰণীয়াৰ সৈতে মই পৰিয়ালসহ বসবাস কৰি থকাৰ সময়তে নিৰাপত্তা বাহিনীয়ে এই অভিযান চলায়৷ নিৰাপত্তা বাহিনীৰ জালত আলফাৰ সহযোদ্ধাগৰাকী আৰু মইসহ দুয়োৰে পৰিয়ালে আবদ্ধ হৈ পৰোঁ৷ নিৰাপত্তা বাহিনীয়ে আলফা নেতাজনক মোৰ বিষয়ে প্রশ্ণ কৰে৷ কিন্তু মই সন্মুখত থকাৰ পাছতো এবাৰো মোৰ প্রতি আঙুলি প্রদর্শন নকৰিলে৷ ইয়াৰ মাজতে সুযোগ বুজি মই ডাঙৰ কন্যাক লগত লৈ সেই স্থান ত্যাগ কৰিবলৈ সক্ষম হওঁ৷ আলফাৰ নেতাগৰাকীক নিৰাপত্তা বাহিনীয়ে জীৱন সিংহ বুলি ভাবি গ্রেপ্তাৰ কৰি লৈ যায়৷ প্রায় এমাহ ধৰি সৰু কন্যা আৰু পত্নীক নিৰাপত্তা বাহিনীয়ে নজৰবন্দী কৰি ৰাখে৷ বাংলাদেশত আশ্রয় গ্রহণ কৰি থকা বহু সশস্ত্র সংগঠনৰ নেতা গ্রেপ্তাৰ হোৱাত আশ্রয়হীন হৈ দীর্ঘদিন ঘূৰি পৰৱর্তী সময়ত গোৱালপাৰা হৈ অসমত প্রৱেশ কৰি ভূটানত আশ্রয় গ্রহণ কৰোঁ৷ কিন্তু ভূটানত কিছু দিন থকাৰ পাছত চকুৰ বেমাৰৰ বাবে নেপাল যাবলগীয়া হয়৷ নেপালত চকু চিকিৎসাৰ মাজতে সংগঠনৰ নেতৃবর্গৰ সৈতে পুনৰ যোগাযোগ স্থাপন হয়৷
প্রশ্নঃ অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া আৰম্ভ হোৱাৰ ফলত নতুনকৈ জিলা বা মহকুমা গঠন বা নতুন প্রশাসনিক গোট গঠন অসম্ভৱ৷ এনে ক্ষেত্রত অসমৰ ভূ–খণ্ডক লৈ নতুন ৰাজ্য গঠনৰ দাবী কিমান সম্ভৱ বুলি ভাবে?
জীৱন সিংহঃ আমি ঐতিহাসিক কমতাপুৰৰ ভিত্তিত নতুন ৰাজ্য গঠনত আশাবাদী৷