নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমছনৰ পথাৰত ৰোৱনীৰে ভূঁই ৰুলে কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে

🔹 কামৰ মাজে মাজে কিষাণ আঁচনিৰ ফৰ্মতো কৰিলে চহী

বিশেষ বাৰ্তা, ২৬ জুলাই : কৰ্ম ব্যস্ত দিনবোৰৰ মাজতো নিজ সমষ্টিৰ দলীয় সদস্য-সমৰ্থকক সমাজৰ কামত উৎসাহ যোগাই অহা এগৰাকী জনপ্ৰতিনিধি । নাম ৰিতেশ ইংহি । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ১৬ নং ন’মাটি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তেওঁ । অকল নিৰ্বাচন বুলিয়েই নহয়, সমষ্টিটোৰ প্ৰতিটো পৰিয়ালৰ খবৰ আৰু গাঁৱৰ সামাজিক অনুষ্ঠানত উপস্হিত থাকি আৰু ৰাইজৰ স’তে সমিলমিলেৰে কাম কৰি ভাল পায় ইংহিয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোৱনীসকল পথাৰত ভূঁই ৰোৱাত ব্যস্ত । একে সময়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিকো ১৬নং ন’মাটি পৰিষদীয় সমষ্টিৰ গজালিপাৰ গাঁৱৰ কৃষক প্ৰেমছন ফংলছাৰ পথাৰত ৰোৱনীসকলৰ স’তে ভূঁই ৰোৱাত ব্যস্ত থকা পৰিলক্ষিত হয়। সমষ্টিবাসীৰ কাষত থাকি সদায়ে ভাল কামত উৎসাহ-উদ্দীপনা যোগাই অহা এইগৰাকী জনপ্ৰতিনিধিয়ে পথাৰৰ কামৰ মাজে মাজে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ ফৰ্মসমূহতো চহী মাৰি থকা দেখা গৈছে । খেতিৰ সময়ত নিজৰ পথাৰত নিজৰেই সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিক পাই উৎফুল্লিত হৈ পৰিছে কৃষক প্ৰেমছন ফংলছাসহ গাঁওবাসী।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like