নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষার্থীৰ নামভর্তি মাচুল ৰেহাই

🔹 সকলো বিতর্কৰ অৱসান ঘটাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ টুইট
ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ আগষ্ট : ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত দৰিদ্র পৰিয়ালৰ শিক্ষার্থীৰ বাবে বিনামূলীয়া নামভর্তি বাতিল কৰা হৈছে বুলি সৃষ্টি হোৱা বিতর্ক সন্দর্ভত স্পষ্টীকৰণ প্রকাশ কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ এক টুইটৰ জৰিয়তে শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়সমূহত আর্থিকভাৱে দুর্বল শ্রেণীৰ আৰু দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ শিক্ষার্থীৰ বাবে বিনামূলীয়া নামভর্তি অব্যাহত থাকিব৷ তেওঁ বিশ্ববিদ্যালয় কর্তৃপক্ষক দৰিদ্র পৰিয়ালৰ শিক্ষার্থীসকলৰ নামভর্তিৰ মাচুল ৰেহাই দিবলৈ নির্দেশ দিছে৷ এই নামভর্তিৰ বাবে ৰেহাই দিয়া মাচুল সমর্থ ই–গভ প’র্টেলৰ জৰিয়তে ৰিইম্বার্ছমেণ্ট কৰা হ’ব বুলিও সদৰী কৰিছে৷ টুইটত শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি, দৰিদ্র পৰিয়ালৰ শিক্ষার্থীসকলক বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভর্তি আঁচনিৰ সুবিধা প্রদান নকৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে৷ ২০২২–২৩ বর্ষত এনে শিক্ষার্থীৰ বিনামূলীয়া নামভর্তিৰ বাবদ চৰকাৰে ৰিইম্বার্ছমেণ্ট হিচাপে আগবঢ়োৱা পুঁজিৰ পৰিমাণো তেওঁ উল্লেখ কৰে৷ সেই অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ক ৭.১২ লাখ, ডিব্রুগড় বিশ্ববিদ্যালয়ক ২৯.৭৪ লাখ, বড়োলেণ্ড বিশ্ববিদ্যালয়ক ১০.৬৩ লাখ, কটন বিশ্ববিদ্যালয়ক ১৬.৪৫ লাখ, কুমাৰ ভাস্কৰ বার্মা সংস্কৃত আৰু পৌৰাণিক অধ্যয়ন বিশ্ববিদ্যালয়ক ৩৭.৫৫ লাখ, মহিলা বিশ্ববিদ্যালয়ক ২৩.৭৭ লাখ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক ৯.৯৩ লাখ, মাধৱদেৱ বিশ্ববিদ্যালয়ক ২৪.২৭ লাখ, ভট্টদেৱ বিশ্ববিদ্যালয়ক ২৩.১৭ লাখ আৰু ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ক ২৯.৬৪ লাখ টকা ৰিইম্বার্ছমেণ্ট হিচাপে প্রদান কৰা হৈছে৷ উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে উচ্চ শিক্ষা প্রতিষ্ঠানত বিনামূলীয়া নামভর্তিৰ বাবে প্রজ্ঞান ভাৰতী নামেৰে এখন আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিৰ অধীনত স্নাতক পাঠ্যক্রমত ১.১৬ লাখ শিক্ষার্থীয়ে বিনামূলীয়া নামভর্তি কৰিবলৈ সক্ষম হৈছে৷

You might also like