বিশেষ বাৰ্তা, ১১ আগষ্ট : ঝুমুৰ সংগীত শিল্পী পদ্মশ্রী দুলাল মান্কিৰ ওপজা দিন প্রতিবছৰে পালন কৰিবলৈ ১২ আগষ্ট দিনটো ধার্য কৰা হৈছে ৷ এই উপলক্ষে তেওঁৰ শিক্ষাগুৰু তথা কবি ৰাম গোস্বামী-সেউজীয়া দেশ ন্যাস আৰু সাংস্কৃতিক গোষ্ঠী নানগিস্-এ যুটীয়াভাৱে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ কনফাৰেন্স হলত দিনজোৰা কার্যসূচীৰে ওপজা দিন পালন কৰিব ৷ ভাৰত চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রালয়ৰ অধীনস্থ সংস্থা সদৌ অসম যোগাসন ক্রীড়া সন্থাই সদৌ অসম ভিত্তিত জনজাতীয় আৰু চাহ জনজাতিৰ ল’ৰা-ছোৱালীৰ মাজত যোগ প্রতিযোগিতাৰো আয়োজন কৰিছে ৷ প্রতিযোগিতাত বাছনিপ্রাপ্তসকলে অহা বছৰ ভাৰত চৰকাৰে পাতিবলগীয়া ৰাষ্ট্রীয় জনজাতীয় খেল সমাৰোহত অংশ ল’ব পাৰিব। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেমান লোকে নাম পঞ্জীয়ন কৰিছে বুলি আয়োজক বিকাশ গোস্বামীয়ে জনাইছে।
Prev Post
You might also like