নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত সাত বিহুৰ সুৱৰীত লোকাৰণ্য পৰিৱেশত জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ বকোত ১১১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সাত বিহুৰ সূৱৰী উৎসৱ আজি আয়োজন কৰা হৈছে। বকো আঞ্চলিক সুৱৰী মহোৎসৱ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এই বেলিও ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ উপৰি গোঁসাই বিগ্ৰহ ফুৰোৱাৰ উপৰিও বিহু হুঁচৰিৰ লগতে ভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আৰু নৃত্য গীতৰ অনুষ্ঠান পৰিবেশন কৰা হয়। বকো আঞ্চলিক সুৱৰী মহোৎসৱ আয়োজক সমিতিৰ সভাপতি দেবেন্দ্ৰ ৰাভা, সম্পাদক ৰণিত ৰাভা আৰু সহকাৰী সম্পাদক গীৰিধৰ বড়ো, অপূৰ্ব ৰাভা আৰু ভীষ্ম ৰাভাই জনায় যে এই বৰ্ষও আজি ৬ বহাগ অৰ্থাৎ ২০ এপ্ৰিলত অতিতৰ পৰম্পৰা অনুসৰি আয়োজন কৰা হয় সুৱৰী উৎসৱ। ইফালে অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ব’হাগ মাহৰ সাত বিহু অৰ্থাৎ ৬ তাৰিখে আয়োজন কৰা সুৱৰী উৎসৱৰ বাকৰিত বিহু দ’ল, ৰাভা, বড়ো, নেপালী, কোচ ৰাজবংশী নৃত্যৰ দ’ল, দেশী কৃষ্টিকে ধৰি জাতি জনগোষ্ঠীৰ নৃত্য দ’ল, হাতী আৰু ঘোঁৰা দৌৰৰ প্ৰতিযোগিতৰ বাবে ঘোঁৰা যোগাৰ কৰা হৈছে। সুৱৰীত হানা ঘোঁৰা, পাৰ বাহ পূজাৰ নৃত্য প্ৰদৰ্শন কৰা হয়। ইফালে সুৱৰী উৎসৱৰ বাবে তেল গছ বগোৱা ; ৰচি টনা আদিকে ধৰি বহু খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে। সুৱৰী উৎসৱ উদযাপন স্থলীত ৰভা, মঞ্চ, পেণ্ডেল আৰু চৌহদ সজাই পৰাই তোলা হৈছে। বকো আঞ্চলিক সুৱৰী মহোৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি মনোৰঞ্জন চৌধুৰী ; উপ সভাপতি শিৱ প্ৰসাদ ৰাভাই জনোৱা মতে, সুৱৰীৰ কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলন কৰে সভাপতি দেৱেন্দ্ৰ ৰাভাই, স্মৃতি তৰ্পণ কৰে নৰেন্দ্ৰ চন্দ্ৰ বড়ো, গছ পুলি ৰোপন কৰে বকো আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া মুকুট আলীয়ে। ইয়াৰ পিছতে অঞ্চলটোৰ মঠ মন্দিৰ আৰু দেৱালয়ৰ গোঁসাই বিগ্ৰহ আদৰণি আৰু উপস্থাপন পৰ্ব আনুস্থানিক ভাৱে উপস্থাপ কৰে প্ৰাক্তন সভাপতি নীলকান্ত দাসে। বকোৰ সুৱৰীৰ মুখ্য আকৰ্ষণ সুৱৰী মহোৎসৱ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট চলচিত্ৰ নিৰ্মাতা তথা পৰিচালক ধীৰাজ কাশ্যপে। সুৱৰী মহোৎসৱৰ সভাপতি দেৱেন্দ্ৰ ৰাভাৰ সঞ্চালনাত আয়োজন কৰা মুকলি সভাত অংশগ্ৰহন কৰে অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ সঞ্চালক পঙ্কজ চক্ৰৱৰ্তী, চৰকাৰৰ খাদী আৰু গ্ৰামোউদ্যোগ বৰ্ডোৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী ডা: কমলা কান্ত কলিতা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, আদিত্য ৰাভা, বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী পাৰিষদ ডা: শৰৎচন্দ্ৰ ৰাভা, কামৰূপ জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, বিশিষ্ট জ্যেষ্ঠ শিল্পী জয়দেৱ অধিকাৰী, অৱসৰপ্ৰাপ্ত শিক্ষক বেণুধৰ ৰাভা, যুৱ সমাজ কৰ্মী ধ্ৰুৱজ্যোতি তালুকদাৰ, বিশিষ্ট সাংবাদিক অনুপম নাথ আদিকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথিয়ে। বকোৰ ঐতিহ্য মণ্ডিত সুৱৰী মহোৎসৱত এক বিশাল উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় আৰু অঞ্চলটোৰ ভিন্ন জাতি জনগোষ্ঠীৰ কেৱা সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰে। সুৱৰী মহোৎসৱত ভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত ঐক্য সংহতিৰ সমাহাৰ ঘটে। অনুস্থানত সমাজ জীৱনত বিভিন্ন ধৰণে বৰঙণি আগবঢ়োৱা তিনি গৰাকী জ্যেষ্ঠ্যক সন্মান প্ৰদান কৰাৰ লগতে বকোৰ সকলো সাংবাদিকে সুৱৰী মহোৎসৱত সহযোগ আগবঢ়াই।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like