৩০০ বছৰতো গুৱাহাটীৰ পৰা মিঞা খেদিব নোৱাৰিব : আজমলৰ উদ্ভট মন্তব্য
লাহৰীঘাটৰ লেলাইবড়ীত এআইইউডিএফৰ নিৰ্বাচনী সভা
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিত বিজেপি আৰু এ আই ইউ ডি এফে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে। মৰিগাঁও জিলাৰ লাহৰীঘাটত নিৰ্বাচনী প্ৰচাৰ চলায় এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে। কালি সন্ধিয়া লাহৰীঘাটৰ লেলাইবড়ীত অনুষ্ঠিত হয় এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা। এই নিৰ্বাচনী সভাত উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী আমিনুল ইছলাম, পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক চামচুল হুদা, দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, মুখপাত্ৰ চম্পক কলিতা আৰু মৰিগাঁও জিলাৰ সভাপতি ছিদ্দিক আহমেদ আৰু সম্পাদক কল্লোল বৰাকে ধৰি দলীয় বহু কেইজন নেতা। সভাত সাংসদ বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় কয় যে ৩ বছৰ নহয় ৩০০ বছৰতো গুৱাহাটীৰ পৰা মিঞা খেদিব নোৱাৰিব। কাৰণ গুৱাহাটীৰ পৰা মিঞা খেদিলে মহানগৰবাসীয়ে মাছ, মাংস, শাক পাচলি কাৰ পৰা পাব। সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু সাংসদ গৌৰৱ গগৈক তীক্ষ্ণ সমালোচনা কৰি আজমলে কয় যে এই দুয়োজন সাংসদে সমষ্টিবাসীৰ বাবে কোনো উন্নয়নমূলক কাম নকৰিলে। যাৰ বাবে এই দুয়োগৰাকী সাংসদক ৰাইজে প্ৰত্যাখান কৰিছে। আনহাতে প্ৰয়াত দুগৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈক সমালোচনা কৰি কয় যে অসমত ডি ভোটাৰ আৰু ডিটেনশ্বন কেম্প এই দুইগৰাকী মৃখ্যমন্ত্ৰীয়ে সৃষ্টি কৰি মিঞা মানুহক হাৰাশাস্তি কৰিছে। কংগ্ৰেছে মিঞাৰ ভোট লৈ মিঞাৰ বাবে একো কাম কৰা নাই। কংগ্ৰেছে মিঞাক কেৱল প্ৰৱঞ্চনাহে কৰি আহিছে। এইবাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা এজন মিঞা সাংসদ দিল্লীলৈ পঠিয়াবলৈ সকলোকে আহ্বান জনায় বদৰুদ্দিন আজমলে। ৬৫ শতাংশ সংখ্যালঘু ভোটেৰে হাজী আমিনুল ইছলাম সাংসদ সদনত ইংৰাজী হিন্দীৰ লগতে মিঞা ভাষাত ভাষন দিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে। এই নিৰ্বাচনী সভাত এ আই ইউ ডি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী আমিনুল ইছলামে নিজৰ ভাষণ প্ৰসংগত কয় যে এইবোৰ নগাঁও লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ যুঁজ হব বিজেপিৰ লগত। সাংসদ গৌৰৱ গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰি আমিনুল ইছলামে কয় যে সদনত সংখ্যালঘু হকে কোনো এষাৰ মাত মতা নাই সাংসদ গৰাকীয়ে। সভাত বিধায়কদ্বয় চামচুল হুদা আৰু মজিবুৰ ৰহমানে ভাষণ প্ৰদান কৰি কয় এইবাৰ সংখ্যালঘু মানুহৰ সুযোগ আহিছে, এগৰাকী সংখ্যালঘু সাংসদ দিল্লীত পঠাবলৈ। গতিকে সকলোৱে প্ৰাৰ্থী আমিনুল ইছলামক ভোট দিবলৈ বিধায়কদ্বয়ে আহ্বান জনায়।
প্ৰেৰক আবুল কালাম