বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰঃ অৱশেষত নাহৰৰ দেশৰ ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়াৱহ ৰেগিং কাণ্ডত জৰিত বুলি স্পষ্টভাবে প্ৰমানিত হল। বিশ্ববিদ্যালয়খনৰ এন্টি ৰেগিং কমিটিৰ প্ৰতিবেদনত ডিব্ৰুগড় বিশ্ববিদ্যালয় ভয়ংকৰ ৰেগিং কাণ্ডৰ অভিযোগেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ স্বয়ং সাধাৰণ সম্পাদক উজ্বল অংকুৰ বৰা অভিযুক্ত হৈছে। বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দোষী সাব্যস্ত কৰি বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা তাৎক্ষনিকভাবে বহিস্কাৰ কৰিছে সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক। বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্র আছিল উজ্জ্বল অংকুৰ বৰা। উল্লেখ্য যে যোৱা ২৬ নৱেম্বৰত ওৰে নিশা বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰবাসত (পিএনজিবি) সংঘটিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং ঘটনা।আনন্দ শৰ্মা নামৰ ছাত্র জনক পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত ৰেগিঙৰ নামত অকথ্য তথা অমানুসিক নিৰ্যাতন চলোৱাৰ পাছত হোষ্টেলৰ তিনি মহলাৰ ওপৰৰ পৰা জঁপিয়াবলৈ বাধ্য হৈছিল আনন্দ।যোৱা ২৭ নৱেম্বৰ পৰা ডিব্ৰুগড় আদিত্য হাস্পতালত আজি পৰ্যন্ত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ চাঞ্চল্যকৰ ৰেগিং ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ইতিমধ্যে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ৮ জন অভিযুক্ত ছাত্রক গ্ৰেপ্তাৰ কৰাছে ডিব্ৰুগড় আৰক্ষীয়ে।প্ৰাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা, শুভ্ৰজিত বৰুৱা, দিব্যজ্যোতি গগৈ, কল্যাণ দত্ত, ৰাহুল চেত্ৰী আৰু কমলেশ্বৰ চুতীয়াক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আনহাতে ৰেগিং কাণ্ডৰ ঘটনাৰে জড়িত অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ তদন্ত কৰি ১৮জন ছাত্রক হোষ্টেলৰ পৰা বহিস্কাৰ কৰাৰ লগতে আন ৭ জন ছাত্রক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তিনি বছৰৰ বাবে বহিস্কাৰ কৰি দেশৰ কোনো শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিব নোৱাৰাৰ দৰে দৰে এক ঐতিহাসিক শাস্তি ঘোষণা কৰিছিল। আনহাতে স্বয়ং স্নাতকোত্তৰ ছাত্র একতা সভাৰ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থাকি ৰেগিঙৰ দৰে সামাজিক ব্যাধি তথা ভয়ংকৰ ৰেগিং ঘটনাৰে জড়িত হোৱা ঘটনাই স্বাভাৱিকতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ৰষ সোপাঢিলা নীতি স্পষ্টভাৱে উদঙাই দিছে। উল্লেখযোগ্য যে, ইতিমধ্যে স্নাতকোত্তৰ ছাত্র একতা সভাৰ প্ৰাক্তন সভাপতি পৱন গগৈ, সম্পাদক ৰাহুল ছেত্ৰী দোষী সাব্যস্ত হৈছিল।এতিয়া প্ৰশ্ন হয়, এনেধৰণৰ কঠোৰ শাস্তি পোৱাৰ পাছত বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ মানসিক পৰিবৰ্তন সঁচাইকৈয়ে হবনে? সেয়া এক লাখটকীয়া প্ৰশ্ন।
প্ৰেৰক বিভাস দুৱৰা