নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ সদৌ তাই আহোম ছাত্র সন্থাৰ ডিব্রুগড় জিলা সমিতিয়ে ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা তদর্থ সমিতিৰ অন্যতম সদস্য বিমল সন্দিকৈক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিছে। আজি এক বিবৃতিত উল্লেখ কৰা অনুসৰি বিগত কিছুদিনৰ পৰা বিমল সন্দিকৈয়ে চ’চিয়েল মিডিয়া তথা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য কৰাৰ লগতে জিলা সমিতিৰ নেতৃত্বৰ প্ৰতি অসন্মান জনক মন্তব্য আগবঢ়াই আটাছুৰ পৱিত্র সংবিধান উলংঘা কৰিছে। সেয়েহে আজিৰে পৰা কাৰ্য্যকৰী হোৱাকৈ বিমল সন্দিকৈক আটাছু প্রাথমিক সদস্যৰ পৰাও বহিস্কাৰ কৰি জিলা প্রশাসন তথা স্থানীয় দল সংগঠন আৰু সকলো সংবাদ মাধ্যমক আটাছু যিকোনো ধৰণৰ বিষয়ৰ ক্ষেত্ৰত সন্দিকৈৰ সৈতে যোগাযোগ নাৰাখিবলৈ অনুৰোধ জনাইছে।
প্ৰেৰক কৃষ্ণা গগৈ