নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ ব্যাপক অভিযান

🔹 তিনি চোৰাং কাঠ মাফিয়াক গ্ৰেপ্তাৰ
🔹 এজাহাৰত সন্নিৱিষ্ট একাধিক বনদস্যু, বন বিষয়া, আৰক্ষীৰ নাম

বিশেষ বাৰ্তা,  ২৮ ছেপ্টেম্বৰ : ৰাজ্যৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ ব্যাপক অভিযান।বিশেষকৈ উজনি অসমত চলিছে এই অভিযান।এনে অভিযানত তিনিজনকৈ বনদস্যু গ্ৰেপ্তাৰ হোৱা ঘটনাই সৰ্বত্ৰ ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰ্বজনবিদিত যে উজনি অসমত পুনৰ বন বিভাগৰ পৃষ্ঠপোষকতাতে সেউজ অৰণ্যৰ অবাধ ধ্বংসযজ্ঞ চলিছে। শেহতীয়াকৈ এই সন্দৰ্ভত ৰাজ্যৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুসন্ধান আৰম্ভ কৰাৰ লগতে উজনিৰ ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত অব্যাহত ৰাখিছে।জানিব পৰা অনুসৰি বি আই ই অ’য়ে ৰুজু কৰা এজাহাৰত বহু গুৰুত্বপূর্ণ তথ্য সন্নিৱিষ্ট হৈ আছে।এজাহৰৰ মতে, উজনিৰ শদিয়া, ডিব্ৰুগড়, তিনিচুকীয়া, ডুমডুমাকে ধৰি কেইবাটাও বন বিভাগৰ কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত উজনি অসমত দীৰ্ঘদিন ধৰি চোৰাং কাঠৰ অবাধ ছিণ্ডিকেট চলি আছে। উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০ বি/৩৭৯/৪১১/১১৯ৰ সৈতে অসম বন বিধি ৩৫/৪১ ধাৰাত ২১/২৩ নম্বৰৰ এটি গোচৰ ৰুজু কৰা অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ এটি দলে গুৱাহাটীৰ পৰা আহি ডিব্ৰুগড়ত বাহৰ পাতি দুজন কাঠ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে পূৰ্বতেও এজনক গ্ৰেপ্তাৰ কৰিছিল। আজি ডিব্ৰুগড়ৰ ৰহমৰীয়াত অভিযান চলাই দলটোৱে পিংকু দাস আৰু ধনটি দাস নামৰ দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে দীপক ওৰাং নামৰ এজনকো পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰাৰ পাছতেই কেউজনকে গুৱাহাটীলৈ লৈ যায় দলটোৱে। জানিব পৰা মতে, অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাত দাখিল কৰা এজাহাৰত উল্লেখিত অনুসৰি ৰাষ্ট্রীয় পথৰ লগতে নদীপথক চোৰাং কাঠৰ ব্যৱসায়ীসকলে দীৰ্ঘ সময় ব্যৱহাৰ কৰি আহিছে। অতি গুৰুত্বপূৰ্ণ কথা যে ব্ৰহ্মপুত্ৰ নদীৰ মাজত উক্ত চোৰাং কাঠ মাফিয়াই অবৈধ কাঠ ফলা মিল স্থাপন কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল। এই অপৰাধ চক্ৰৰ বাবেই ডিব্ৰু-চৈখোৱা অভয়াৰণ্য, লক্ষীপথাৰ বনাঞ্চল, লাইকা-দধিয়াৰ বহু মূল্যৱান গছ নি:শেষ হৈ পৰিল। তাৎপর্যপূর্ণ যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বন বিভাগৰ কাৰ্যালয়ৰ বহু বিষয়া-কৰ্মচাৰী জড়িত থকাৰ বাবেই নিৰ্বিঘ্নে চলি গৈছিল অবৈধ চোৰাং কাঠৰ ব্যৱসায়। যাৰ বাবে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাব লগা হৈছিল। আমাৰ হাতত পৰা তথ্য মতে, দণ্ডীনাথ মিছং, নিপুণ মিছং, চন্দ্ৰ মিছং, মনা মিছ্য, প্রদীপ মুডী, ৰিজিদ খান, ঋতুৰাজ বুঢ়াগোহাঁই, সন্তোষ দত্ত, ধৰণী গগৈ, সঞ্জয় শৰ্মা, ৰাজু মেধি, কল্যাণ সোণোৱাল, মোহন সোণোৱাল, সীমান্ত মৰাণ, গুণীন গগৈকে ধৰি একাধিক বন বিষয়া, আৰক্ষী আদিৰ নাম এজাহাৰত সন্নিৱিষ্ট আছে। অৱশ্যে এই তিনিজনৰ গ্ৰেপ্তাৰ পাছত বৰ্তমানে কোনো গোপন স্থানত আত্মগোপন কৰি অন্তৰ্ৱৰ্তী জামিনৰ বাবেও যো-জা কৰা বুলিও জানিব পৰা গৈছে। এইসকলৰ পাছত এনে চক্ৰৰ লগত জড়িত আনসকল কেতিয়ালৈ জালত পৰিব বা চোৰাং কাঠৰ চক্ৰ কেনেকৈ উৎখাত হ’ব, সেয়া সময়তহে স্পষ্ট হ’ব।

প্ৰেৰক বিভাস দুৱৰা

You might also like