নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত অশোকাষ্টমী মেলাৰ ব্যাপক আয়োজনঃ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি পৰিচালনাৰ দায়িত্বত মুছলমান লোক

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ  নামনি অসমৰ ইতিহাসপ্ৰসিদ্ধ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ অশোকাষ্টমী মেলাই যুগ যুগ ধৰি সম্প্ৰতিৰ নিদৰ্শন দাঙি ধৰিছে ।যোগীঘোপাৰ পুৰনী ফেৰী ঘাটৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অহা ৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰ স্নান আৰু মহা মেলাৰ ব্যাপক আয়োজন চলিছে।যোগীঘোপাৰ অশোকাষ্টমী মেলাৰ পৰিচালনা সমিতিত যুগ যুগ ধৰি অঞ্চলটোৰ মুছলমান লোকে সভাপতি-সম্পাদকে ধৰি একাধিক পদত দায়িত্ব গ্ৰহণ কৰি সুকলমে মেলা পৰিচলনা কৰি আহিছে। এইবাৰো ব্যতিক্ৰমী হোৱা নাই । এই মেলা আৰু পৱিত্ৰ স্নান সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ইতিমধ্যে মফিদুল ইছলামক সভাপতি, জগদীন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু চোহৰাব আলীক কাৰ্য্যকৰী সভাপতি , পূৰ্ণানন্দ ৰায়,আয়ুব আলী আৰু ঋষিকেশ চক্ৰৱৰ্তীক উপ সভাপতি, ৰূপক ৰায়ক সম্পাদক, আৰমান হুছেইন, ৰাতুল ৰায়, সৌৰভ দাস আৰু বিশ্বজিৎ দাসক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে ।মেলা পৰিচালনা সমিতিয়ে জনোৱা মতে , ৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া অশোকাষ্টমী মেলাৰ ৮ এপ্ৰিলৰ দিনা আবেলি লোকযাত্ৰা আৰম্ভ হব আৰু ৯ এপ্ৰিলৰ পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ স্নান আৰু মহামেলা অনুষ্ঠিত হব ।ব্ৰহ্মপুত্ৰৰ স্নান আৰু মহা মেলাক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাইছে পৰিচালনা সমিতিয়ে । মেলা পৰিচালনা সমিতিয়ে মেলাস্থলীত নিৰাপত্তাৰ বাবে পৰ্যাপ্ত চি চি টিভি কেমেৰাৰ ব্যৱস্থা,খোৱা পানী ব্যৱস্থা কৰাৰ লগতে দুৰ দুৰনিৰ পৰা অহা ভক্তপ্ৰাণ লোকৰ বাবে থকাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সম্পাদক ৰূপক ৰায়ে জানিব’লৈ দিয়ে ।নামনি অসমৰ বঙাইগাঁও জিলাৰ লগতে গোৱালপাৰা, বৰপেটা,চিৰাং আৰু কোকৰাঝাৰ আদি জিলাৰ পৰা প্ৰায় লক্ষাধিক লোক অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে পৰিচালনা সমিতিয়ে । উল্লেখ্য যে, ইতিহাসপ্ৰসিদ্ধ যোগীঘোপাৰ অশোকাষ্টমী মেলা যুগ যুগ ধৰি পৰম্পৰাগত ভাবে চলি আহিছে । ‘ ত্ৰিবেনী সংগম ‘খ্যাত যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভক্তিপ্ৰাণ লোকে “পিণ্ডদান” কৰি পুণ্যস্নান কৰাৰ লগতে নিজৰ আত্মীয়ৰ বিয়োগৰ পাছত অস্তি বিসৰ্জন দি  মাংগলিক কাৰ্য্য সম্পন্ন কৰে ।ধৰ্মীয় বিশ্বাস মতে-নিদিৰ্ষ্ট সময়ত ব্ৰহ্মপুত্ৰ নৈত স্নান কাৰ্য সম্পন্ন  কৰিলে গংগা স্নানতুল্য পুণ্য লাভ কৰে ।যোগীঘোপাৰ অশোকাষ্টমী মেলাৰ ৮, ৯ আৰু ১০ এপ্ৰিলত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মেলা পৰিচালনা সমিতিয়ে ।

প্ৰেৰক টিকু চন্দ্ৰ দাস

You might also like