নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰীহ চালকক নির্বিচাৰে গুলীয়াই পেট্র’ল ঢালি ট্রাক জ্বলাই দিছিল উগ্রপন্থীয়ে

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  উগ্রপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেচন আর্মী (ডি এন এল এ)ৰ নৃশংস আক্রমণ আৰু ইয়াৰ পাছত সৃষ্টি হোৱা আতংকই ৰাজ্যৰ সর্বত্র জোকাৰণি সৃষ্টি কৰিছে৷ বিশেষকৈ কালি সংঘটিত ঘটনাৰ পাছত পাহাৰীয়া জিলা ডিমা হাছাওত এতিয়া বিৰাজ কৰিছে তীব্র শংকাৰ৷ উল্লেখ্য যে কালি নিশা উমৰাংছ’–লংকা পথৰ ৰেঞ্জাৰ বিলত ডি এন এল এৰ ভয়ংকৰ আক্রমণত নিহতৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে৷ উগ্রপন্থীৰ নির্বিচাৰ গুলীচালনাত নিহত হৈছে উত্তৰ প্রদেশৰ প্রতাপগড়ৰ ধর্মেন্দ্র কুমাৰ পাৰস (৩৫), লংকাৰ ১০নং ৱার্ডৰ গৌৰ মজুমদাৰ (৪২), লংকাৰ উদালিৰ দিলোৱাৰ হুছেইন (২৪), পূব উদালিৰ আজগৰ আলী (৩৭) আৰু ডাবলঙৰ ছিকন্দৰ আলী (৩২)৷ ইয়াৰে দিলোৱাৰ হুছেইন হেণ্ডিমেন হোৱাৰ বিপৰীতে বাকীকেইজন চালক৷ উগ্রপন্থীৰ গুলীত আহত হৈ চালক প্রণৱ সিন্হা আৰু ফাৰুক আহমেদ সম্প্রতি চিকিৎসাধীন অৱস্থাত মৃত্যুৰে যুঁজি আছে৷

ডালমিয়া চিমেণ্ট কোম্পানীৰ চিমেণ্ট উৎপাদনৰ বাবে প্রয়োজনীয় কেঁচা সামগ্রী ক্লিংকাৰ আৰু কয়লা ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ পৰা হোজাই জিলাৰ লংকালৈ কঢ়িয়াই আনি থকা অৱস্থাতে ট্রাকচালক–হেণ্ডিমেন্ লক্ষ্য কৰি ডি এন এল এৰ ১০–১২জনীয়া দলে ডিয়ুংমুখ আৰক্ষী থানাৰ পৰা প্রায় ৪ কিলোমিটাৰ নিলগৰ ৰেঞ্জাৰ বিল এলেকাত এই আক্রমণৰ ঘটনা সংঘটিত কৰিছিল৷ ক্লিংকাৰ–কয়লা কঢ়িয়াই আনি থকা ট্রাককেইখনক ৰ’বলৈ নির্দেশ দিয়েই উগ্রপন্থীৰ দলটোৱে নির্বিচাৰে গুলীবর্ষণ কৰে৷ অকল গুলীবর্ষণ কৰাতেই ক্ষান্ত নাথাকি পেট্র’ল ঢ়ালি জ্বলাই দিয়ে পাঁচখনকৈ ট্রাক৷ এই ঘটনাত নিহত হয় ৫জনকৈ চালক–হেণ্ডিমেন৷ নিহত চালক–হেণ্ডিমেনকেইজ্ দেহ ট্রাকৰ ভিতৰতে জ্বলি ছাই হৈ যোৱা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে এই ঘটনাত ডি এন এল এ জড়িত বুলি দাবী কৰাৰ বিপৰীতে উগ্রপন্থী সংগঠনটোৰ তৰফৰ পৰা বর্তমান পর্যন্ত এই সন্দর্ভত স্থিতি স্পষ্ট কৰা নাই৷

কালিৰ ঘটনাৰ পাছতে শুকুৰবাৰে দুপৰীয়াৰ ভাগত অসম আৰক্ষীৰ মহাপৰিদর্শক দীপক কেডিয়াই ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্রনীল বৰুৱাসহ ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে৷ এই সন্দর্ভত আৰক্ষী অধীক্ষক সিঙে কয় যে ঘটনাত ৫জন লোক নিহত হোৱাটো নিশ্চিত হৈছে৷ এই আক্রমণৰ সৈতে উগ্রপন্থী সংগঠন ডি এন এল এ জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ কিমানজন উগ্রপন্থীয়ে আক্রমণ চলাইছিল, সেই কথা স্পষ্ট হোৱা নাই যদিও আমাৰ অভিযান অব্যাহত আছে৷ অসম ৰাইফলছেও অভিযানত সহযোগিতা কৰিছে৷

ইফালে বুধবাৰে ঘটনাস্থলী পৰিদর্শন কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তয়ো৷ এই ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়– এইটো এটা অতি দুর্ভাগ্যজনক ঘটনা৷ এনে ঘটনাত লিপ্ত হোৱাসকলক আমি শান্তিৰে থাকিব নিদিওঁ৷ আমাৰ তদন্ত অব্যাহত আছে৷ এতিয়ালৈকে যিখিনি শুংসূত্র লাভ কৰিছোঁ সেয়া আমি ক’ব নোৱাৰিম৷ ইয়াৰ বিৰুদ্ধে শক্তিশালী একচন লোৱা হ’ব৷ কোন উগ্রপন্থী সংগঠন জড়িত বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত আৰক্ষী সঞ্চালকপ্রধান মহন্তই কয় যে উগ্রপন্থী জড়িত বুলি ক’ব নিবিচাৰোঁ৷ গোটেইখিনি এতিয়াই কৈ নিদিওঁ৷ এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে আমাৰ প্রচেষ্টা অব্যাহত থাকিব৷ ঘটনাস্থলী পৰিদর্শনৰ সময়ত আৰক্ষী সঞ্চালকপ্রধান মহন্তক সংগ দিছিল বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙেও৷

আৰক্ষী সঞ্চালকপ্রধান মহন্তই ঘটনাস্থলী পৰিদর্শন কৰাৰ পূর্বে লংকাৰ দুই নং পিপল পুখুৰীস্থিত ডালমিয়া চিমেণ্টৰ উৎপাদন গোটত উপস্থিত হৈ চিমেণ্ট কোম্পানীটোৰ কর্তৃপক্ষৰ সৈতেও আলোচনাত মিলিত হয়৷ ইফালে আৰক্ষীৰ অৱহেলাৰ বাবেই কালিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে ভীষ্ম নামৰ ১০ চকীয়া ট্রাকচালক এজনে সন্ধিয়া প্রায় ৭.৩০ বজাত উমৰাংছ’–লংকা পথেৰে পাৰ হৈ যোৱাৰ সময়ত পথৰ কাষৰ পৰা উগ্রপন্থীয়ে গুলীয়াবলৈ উদ্যত হৈছিল৷ তীব্র বেগেৰে পাৰ হৈ কোনোমতে প্রাণৰক্ষা কৰি চালকজনে ঘটনাৰ বিষয়ে ডিয়ুংমুখ আৰক্ষী থানাত এই বিষয়ে জনাইছে৷ অৱগত কৰাৰ আধা ঘণ্টা পাছতো আৰক্ষী সেই নির্দিষ্ট ঠাইত উপস্থিত নহ’ল৷ তদুপৰি ঘটনা সংঘটিত হৈ যোৱাৰ পাছত নিশা ১১ বজাতহে আৰক্ষী উক্ত স্থানত উপস্থিত হোৱা বুলি অভিযোগত প্রকাশ৷

ইফালে কালিৰ বর্বৰোচিত আক্রমণৰ ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্রী যোগেন মহনে৷ কালিৰ ঘটনাক দুর্ভাগ্যজনক আখ্যা দি ইয়াৰ যাতে পুনৰাবৃত্তি নঘটে, তাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে উগ্রপন্থীৰ এনেধৰণৰ কার্যকলাপ কোনোপধ্যেই সহ্য কৰা নহ’ব বুলি মন্তব্য কৰি মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে সন্ত্রাসবাদ কঠোৰ হাতেৰে দমন কৰা হ’ব৷ সকলোৱে শান্তি বিচৰাৰ সময়তে উগ্রপন্থীৰ এনে বর্বৰ আক্রমণে পর্যটন খণ্ডত ব্যাপক ক্ষতি কৰিব৷ ডালমিয়া চিমেণ্ট কর্তৃপক্ষই কালিৰ ঘটনাত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি এক বিবৃতিত কয় যে শোকসন্তপ্ত পৰিয়ালবর্গলৈ আমি যথাযথ সমর্থন আগবঢ়াম৷ আমি আমাৰ কর্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু আমাৰ অংশীদাৰ–সহযোগীসক্ প্রয়োজনীয় সমর্থন আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ৷

You might also like