নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ লম্পটৰ অশ্লীল ফোনত আতংকিত শিৱসাগৰৰ মহিলা-যুৱতী

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ মহিলা-যুৱতীৰ মবাইললৈ এটা মহা লম্পট চক্ৰই হিন্দী ভাষাত ফোন কৰি অশ্লীল বাৰ্তালাপ কৰাৰ লগতে নিৰন্তৰ অশ্লীল ভিডিঅ, অশ্লীল অডিঅ প্ৰেৰণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অতি পৰিকল্পিতভাৱে মবাইল ফোনৰ পৰা অহৰহ ফোন কৰি অশ্লীল বাৰ্তালাপ কৰিবলৈ ভাবুকি প্ৰদান কৰাৰ লগতে বিভিন্ন ধৰণৰ অশ্লীল কথা কৈ প্ৰেৰিত ভিডিঅ চাবলৈ আৰু অডিঅ শুনিবলৈ ভাবুকি প্ৰদান কৰাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ ইতিমধ্যে বিগত প্ৰায় তিনিটা দিন ধৰি শতাধিক মহিলালৈ অনুৰূপ ধৰণে ফোন, মেচেজ, হোৱাটছএপত অশ্লীল ভিডিঅ, অডিঅ প্ৰেৰণ কৰাৰ পিছতেই আতংকিত মহিলা যুৱতীসকলে মবাইল ফোন চুইচ অফ কৰিবলৈ বাধ্য হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে শিৱসাগৰত ৷ প্ৰফাইলত আৰক্ষী বিষয়াৰ ফটো লগাই এক প্ৰকাৰৰ মানসিক নিৰ্য্যাতন চলাই অহা বহিঃৰাজ্যৰ এই লম্পট চক্ৰটোৰ বিৰুদ্ধে তাৎক্ষনিক ব্যৱস্থা গ্ৰহণৰ দাবীত সমগ্ৰ ঘটনা উল্লেখেৰে সামাজিক মাধ্যমতো একাংশই তীব্ৰ ক্ষোভ উজাৰি ৰাজ্যৰ আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবীত সৰৱ হৈ উঠিছে ৷জানিব পৰা মতে ৪৮৪৫৯২৬২১৩৭ নম্বৰটোৰ লগতে অনুৰূপ কুৰিটামান নম্বৰৰ পৰা অহৰহ শিৱসাগৰ জিলাখনৰ বিভিন্ন অঞ্চললৈ আহিছে ফোন ৷ নিজকে ভাৰতীয় আৰক্ষী সেৱাৰ দিল্লীস্থিত এগৰাকী বিষয়া বুলি মৌ- মিঠা মাতেৰে চিনাকি হোৱা মহা লম্পটটোৱে প্ৰথমতে বিভিন্ন প্ৰক্ৰিয়াৰে মহিলা সকলক ব্লেক মেইলিঙৰ চেষ্টা চলাই ৷ প্ৰথমবাৰ ফোন কৰিয়েই হিন্দী ভাষাত চা-চিনাকি হোৱাৰ পিছতেই ঘনিষ্ঠতাৰে অশ্লীল প্ৰস্তাৱ দিয়াৰ চেষ্টা চলাই ৷ইয়াৰ পিছত ব্লেক মেইলিঙৰ উদেশ্যে ভাবুকি দিয়াৰ লগতে অহৰহ অশ্লীল ভিডিঅ, অশ্লীল অডিঅ প্ৰেৰণ কৰে ৷ হোৱাটচএপযোগে প্ৰেৰণ কৰা অডিঅ-ভিডিঅসমুহ ৰিচিভ নকৰিলেও পুনৰ ভাবুকিপুৰ্ণ কল কৰা বহিঃৰাজ্যৰ এই লম্পট বাহিনীৰ ভয়ত এতিয়া বহু যুৱতী-মহিলাই মবাইল ফোনৰ ওচৰলৈ যাবলৈও ভয় কৰা পৰিৱেশৰ সৃষ্টি হৈছে ৷ আনহাতে এই চক্ৰটোৰেই মহিলাসকলে পুৰুষলৈ ফোন কৰিও অনুৰূপ ধৰণে ফোন কৰি, অশ্লীল বাৰ্তালাপ কৰি অৱশেষত নিজৰ চক্ৰ বেহুত বন্দী কৰি ধন আদায় দিবলৈ বাধ্য কৰোৱাৰো বহু কেইটা ঘটনা সংঘটিত হৈছে শিৱসাগৰত ৷ প্ৰফাইলত সুন্দৰী যুৱতীৰ ফটো লগাই চলনাময়ী কথাৰে ঘনিষ্ঠতা বৃদ্ধি কৰি দুৰ্বলতাৰ সুযোগ লৈ ভিডিঅ ক’লৰ যোগেদি শৰীৰৰ গোপন স্থানৰ দৃশ্য সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত বিয়পাই দিয়াৰ ভাবুকিৰেও আদায় কৰিছে ধন ৷সম্প্ৰতি শিৱসাগৰত ভয়ংকৰ ৰূপত চলিবলৈ ধৰা বহিঃৰাজ্যৰ লম্পট বাহিনীৰ এই পৰিকল্পিত জাল চক্ৰটোৰ বাবে এক লাভজনক ব্যৱসায়ত পৰিণত হৈছে ৷ আনহাতে এই চক্ৰটোৰ জালত অজানিতেই সোমাই পৰা বহুজনে নিজৰ সাঁচতীয়া ধন হেৰুৱাৰ লগতে বহু সাধাৰণ মহিলা-যুৱতী মানসিকভাৱে ভাগি পৰাৰ দৰে ঘটনা সংঘটিত হৈছে ৷ সাধাৰণতে দিনৰ ১০ বজাৰ পৰা বিয়লি দুই বজাৰ ভিতৰত অৰ্থাত পুৰুষ সকল ঘৰত নথকাৰ সময়ত অহা লম্পট বাহিনীৰ অশ্লীল ভিডিঅ- অডিঅৰ লগতে ভাবুকিপুৰ্ণ ফোন ক’লৰ বাবেই চৰম নিৰাপত্তাহীনতাই বিৰাজ কৰিছে ৷ ইতিমধ্যে সামাজিক মাধ্যম তথা বিভিন্ন উৎসৰ যোগেদি সংবাদ মাধ্যমৰ কাষ চপা ভূক্তভোগী মহিলাসকলে তাৎক্ষনিক ভাৱে লম্পট চক্ৰটোক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনৰ প্ৰতি দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like