নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মতলীয়া ফাগুন : কঢ়িয়াইছে আলি-আয়ে-লৃগাঙৰ বতৰা

📌 থৌকি-বাথৌ হিয়াখন লৈ তাঁতশালত ব্যস্ততা বাঢ়িছে ঢকুৱাখনাৰ মিচিং জীয়ৰী – বোৱাৰীৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : কেইদিনমানৰ পিছতে সলনি হ’ব ঋতু। ঠেঁটুৱৈ ধৰা জাৰ গুচি আহিব ফাগুন। ফাগুন অহাৰ বতৰা লৈ অশান্ত হৈ পৰিছে বতাহজাক। সকলোৰে মন-প্ৰাণ উতলা কৰি ফাগুনে সানিব আকাশত ৰং। ফাগুনৰ বতৰাই উতলা কৰিছে মিছিং ডেকা-গাভৰুৰ মন। ফাগুন মানেই মিচিং জনগোষ্ঠী লোকসকলৰ উৎসৱৰ বতৰ। ফাগুন মানেই যেন ঐনিতম, গুমৰাগৰ সমাহাৰ। মদাৰ-শিমলু ফুলিলেই নামি আহে মিচিং জনগোষ্ঠী সকলৰ হেঁপাহৰ উৎসৱ আলি-আয়ে-লৃগাং। কাৰণ, ফাগুনৰ প্ৰথমটো বুধবাৰতে পালন কৰা হ’ব ভূমিপুত্ৰ মিছিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং। সমাগত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙক কেন্দ্ৰ কৰি এতিয়া ব্যস্ততা বাঢ়িছে মিচিং ডেকা-গাভৰুৰ ৷ৰাজ্যৰ অনান্য প্ৰান্তৰ দৰে ঢকুৱাখনাতো মিচিং জনগোষ্ঠীৰ জনবসতিপ্ৰধান অঞ্চলত এতিয়া গুমৰাগ-ঐনিতমৰ মিঠা সুৰত মুখৰিত হৈছে আকাশ-বতাহ। হেঁপাহৰ লৃগাঙক লৈ তাঁতশালত বাঢ়িছে মিচিং যুৱতীৰ ব্যাপক ব্যস্ততা। বসন্ত উৎসৱৰ অন্যতম আকৰ আলি-আয়ে-লৃগাঙ যিমানেই ওচৰ চাপি আহিছে সিমানেই যেন ব্যস্ততা বাঢ়িছে যুৱতীসকলৰ। তাঁতশালৰ খিট্‌খিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই উঠিছে ঢকুৱাখনাৰ প্ৰত্যেকখন মিচিং বসতিপ্ৰধান অঞ্চল। থৌকি-বাথৌ হিয়াখন লৈ মিচিং জীয়ৰী-বোৱাৰীসকলে চলাইছে লৃগাঙৰ প্ৰস্তুতি।সাতোবন কাটি কৰি এতিয়া ঐনিতম জুৰি তাঁতশালত ব্যস্ত হৈছে মিছিং জীয়ৰী-বোৱাৰী। তাঁতৰ শালত বাৰে বাৰে লাগিছে আউল। লৃগাঙক লৈ এতিয়া দিনে-নিশাই ৪-৫খনকৈ শাল পাতি নানাৰঙী বুটাবছা কাপোৰ বৈছে যুৱতীসকলে। এতিয়া মুৰ তুলিবলৈও আহৰি নাই। হাতত সময় তেনেই কম। কিয়নো, লৃগাঙত যে আপোনজনক যাচিব লাগিব হেঁপাহৰ উপহাৰ। প্ৰাণৰ উৎসৱ লৃগাঙলৈ বুলি কোনোৱে যদি লগাইছে জনগোষ্ঠীটোৰ পৰম্পৰাগত বস্ত্ৰ লেকে এগে, ৰিঃবি, গাচেং অৗৰকগ, দুমৗৰ কোনোৱে লগাইছে মিবু গালুগ, গন্‌ৰ উগনৰ লগতে নানাৰঙী বুতাবচা কাপোৰ। উল্লেখ্য যে আলি-আয়ে-লৃগাঙত জনগোষ্ঠীটোৰ লোকসকলে নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি আহিছে।এই পৰম্পৰা ৰক্ষাৰ বাবেই লৃগাঙৰ প্ৰাকক্ষণত তাঁতশালত ব্যস্ত হৈ পৰিছে জনগোষ্ঠীটোৰ জীয়ৰী-বোৱাৰী।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like