নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বকতা ভকতগাঁও প্ৰাথমিক বিদ্যালয়ত সাধু কোৱা প্ৰতিযোগিতা

🔹 এছ হেপীনেছ-প্ৰত্যাশাৰ উদ্যোগ
🔹 প্ৰথম প্ৰিন্সিপ্ৰিয়া গগৈ, দ্বিতীয় য়াছমিন হাজৰিকা, তৃতীয় বৃষ্টি ঘৰফলীয়া
বিশেষ বাৰ্তা, ১০ মাৰ্চ : শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিস্থিত বকতা ভকতগাঁও প্ৰাথমিক বিদ্যালয়ত ৮ মাৰ্চত শিক্ষাৰ্থীসকলৰ মাজত প্ৰত্যাশা আৰু এছ হেপীনেছৰ উদ্যোগত সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত বিদ্যালয়খনৰ ২৪গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰীসকলৰ ভিতৰত প্ৰথম পুৰস্কাৰ প্ৰিন্সিপ্ৰিয়া গগৈ, দ্বিতীয় য়াছমিন হাজৰিকা, তৃতীয় বৃষ্টি ঘৰফলীয়াই লাভ কৰে । নিচুকনি বঁটা লাভ কৰে নিয়ৰ ঘৰফলীয়া আৰু নিবিৰ ঘৰফলীয়াই। অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে প্ৰত্যাশা পৰিয়ালৰ সদস্য শিখামণি বৰুৱা, দেৱাহুতি গগৈ, কৃষ্ণা ঘৰফলীয়া, পৰমেশ গগৈ, ধ্ৰুবজিৎ গগৈয়ে । প্ৰতিযোগিতাখন নিয়াৰিকৈ আগবঢ়াই নিয়ে প্ৰদীপ গগৈয়ে। প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী সভাত উপস্থিত থাকে ভকতগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমৰ জিৎ গগৈ, সহকাৰী শিক্ষয়িত্ৰী ক্ৰমে উৰ্বশী ভাগৱতী, পূৰবী বৰুৱা, CRCC মনোৰঞ্জন দিহিঙীয়া আৰু বিদ্যালয়ৰ বিদ্যাঞ্জলিত অন্তৰ্ভুক্ত হৈ থকা দ্বিপেন দত্ত। অনুষ্ঠানটো অনুষ্ঠিত কৰাত বিশেষভাৱে সহায় কৰা স্বৰাজ ফুকনক কৃতজ্ঞতা জনায়  প্ৰত্যাশা পৰিয়ালে ।
You might also like