নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি যাব ভুৱা চার্টিফিকেটেৰে নিযুক্তিপ্রাপ্ত শিক্ষকৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ টেট শিক্ষকৰ নিযুক্তিৰ নামত শেহতীয়াকৈ এচাম দালাল চক্রই ভুৱা নথি পত্ৰ প্রস্তুত কৰি লক্ষ লক্ষ টকাত বিক্রী কৰা ঘটনাই ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰাৰ সময়তে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ভুৱা নথিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিছে৷ মন্ত্রীগৰাকীৰ স্পষ্ট ভাষ্য– এখন এখনকৈ নথি স্ক্রীনিং কৰা হ’ব৷ সকলো নথি পৰীক্ষা কৰাৰ বাবে বিভাগে প্রয়োজন হ’লে এবছৰ সময় ল’ব৷ কিন্তু কোনো নথি পৰীক্ষা নকৰাকৈ গ্রহণ নকৰে৷ উল্লেখ্য যে ভুৱা নথিপত্র দাখিল কৰি টেট শিক্ষকৰ চাকৰি লোৱা ৭৩জনৰো অধিক টেট শিক্ষক, দালাল আৰু সর্বশিক্ষাৰ বিষয়াক অলপতে গ্রেপ্তাৰ কৰিছিল চিআইডিয়ে৷ এই সন্দর্ভত চিআইডিয়ে ৰুজু কৰা ১০/২০২১ নম্বৰৰ গোচৰতে ৮জনকৈ টেট শিক্ষক, দুজন সর্বশিক্ষাৰ জিলা পর্যায়ৰ বিষয়া আৰু এজন দালালৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে৷ এই অভিযুক্তসকলৰ জামিন আৰু শুনানিতে উন্মোচিত হয় কিদৰে নিযুক্তিৰ ক্ষেত্রত এক দালাল চক্রই প্রস্তুত কৰি আহিছে ভুৱা নথিপত্র৷

এই বিষয়টো সন্দর্ভত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে কয়– অকল টেট শিক্ষকৰ ক্ষেত্রতে নহয়, আন শিক্ষক পদৰ লগতে বি এডৰ প্রমাণ–পত্রৰো জালিয়াতি পোহৰলৈ আহিছে৷ বিভাগৰ পৰা এখন এখনকৈ সকলো নথি স্ক্রীনিং কৰিছে, য’তেই বিসংগতি অথবা ভুৱা বুলি ধৰা পৰিছে, তাৰ বিৰুদ্ধে গ্রহণ কৰা হৈছে কঠোৰ ব্যৱস্থা৷ ভৱিষ্যতেও টেট শিক্ষকৰ নিযুক্তিয়েই হওক বা আন শিক্ষক পদৰ নিযুক্তিয়েই হওক, নথিপত্র পৰীক্ষা কৰাৰ ক্ষেত্রত বিভাগ অধিক কঠোৰ হ’ব৷

শিক্ষামন্ত্রীগৰাকীয়ে  এইবুলিও সকীয়াই দিয়ে যে যিসকলে ভুৱা নথি দি নিযুক্তি লাভ কৰিছে, তেওঁলোকে স্ব–ইচ্ছাই চাকৰিৰ পৰা আঁতৰি যাওক৷ অন্যথা বিভাগে এইক্ষেত্রত অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ ইফালে, টেটক লৈ খেলিমেলি সৃষ্টি হোৱা বুলি উত্থাপিত অভিযোগক আজি নস্যাৎ কৰি মন্ত্রীগৰাকীয়ে কয়– টেটত কোনো খেলিমেলি হোৱা নাই৷ শেহতীয়াকৈ শিক্ষা বিভাগে বিশেষ টেট অনুষ্ঠিত কৰিছে, সেয়াও সুকলমে হৈ গৈছে৷ তদুপৰি অলপতে সম্পন্ন হোৱা সাধাৰণ টেটৰ ফলাফলো অচিৰেই ঘোষণা কৰা হ’ব৷ তদুপৰি শিক্ষকৰ খালী হোৱা পদত টেট উত্তীর্ণসকলে আবেদন কৰিব পৰাৰ ব্যৱস্থাও সুচল কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে টেটৰ মার্কশ্বীট জালিয়াতি বিষয় সন্দর্ভত কয় যে মার্কশ্বীট জালিয়াতিটো বিভাগৰ খেলিমেলি অথবা বিভাগৰ ভিতৰৰ বিষয় নহয়৷ এয়া বাহিৰৰ পৰা এটা দুষ্টচক্রই সংঘটিত কৰি আছে৷

উল্লেখ্য যে মার্কশ্বীট জালিয়াতিৰ লগতে শেহতীয়াকৈ সম্পন্ন হোৱা সাধাৰণ টেটৰ একাংশ প্রশ্ণক লৈও সৃষ্টি হৈছিল বিতর্ক৷ শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– যিবোৰ প্রশ্ণৰ উত্তৰক লৈ বিতর্কৰ সৃষ্টি হৈছে, তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ক দায়িত্ব দিয়া হৈছে৷ এই বিশ্ববিদ্যালয় দুখনে প্রশ্ণসমূহৰ উত্তৰ প্রস্তুত কৰিব আৰু সেই অনুসৰিয়েই নম্বৰ দিয়া হ’ব৷ ক’ভিডৰ সংক্রমণ সন্দর্ভতো আজি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বর্তমান পজিটিভিটী ৰেট নিয়ন্ত্রণৰ ভিতৰত৷ স্বাস্থ্য বিভাগে বিদ্যালয় খোলা অথবা শ্রেণীৰ পাঠদান সন্দর্ভত যি এছ’পি জাৰি কৰিছে, তাক শিক্ষা বিভাগে অনুকৰণ কৰিব৷ তেওঁ কয়– ১৮ বছৰৰ তলৰ কিশোৰ–কিশোৰী, শিশুৰ প্রতিৰোধ ক্ষমতা যথেষ্ট বেছি৷ যদি কোনো শিশু বা কিশোৰ–কিশোৰী ক’ভিডত আক্রান্ত হৈছে পৰীক্ষা নকৰাকৈ তেওঁ হয়তো সুস্থ হৈ উঠিছে৷ বিদ্যালয়ৰ ছাত্র–ছাত্রী আক্রান্ত হোৱা বিষয়টো এতিয়াও উদ্বেগজনক হোৱা নাই৷

You might also like