নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানক বৃহত্তম যুদ্ধ জাহাজ প্রদান চীনৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে এলএচিত সেনাৰ শক্তি বৃদ্ধি কৰি থকা ৰঙা চীনে এইবাৰ ভাৰতৰ প্রতি আন এক প্রত্যাহ্বান আনিলে৷ চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ নৌসেনাক শক্তিশালী কৰি তুলিবলৈ চীনে বৃহত্তম আৰু অত্যাধুনিক যুদ্ধ জাহাজ পাকিস্তানক গতাই দিলে৷ পাকিস্তানে এই অত্যাধুনিক যুদ্ধ জাহাজখন আৰব সাগৰ আৰু ভাৰত মহাসাগৰত মোতায়েন কৰিব৷ ভাৰতীয় নৌ বাহিনীৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ চীনে যোগান ধৰা যুদ্ধ জাহাজখন পাকিস্তানে মোতায়েন কৰিব বুলি চীনস্থিত পাকিস্তানী ৰাষ্ট্রদূত মইনুল হকে প্রকাশ কৰিছে৷ ভাৰত মহাসাগৰত পাকিস্তানী নৌসেনাৰ শক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০১৮ চনতেই অত্যাধুনিক যুদ্ধ জাহাজ চীনৰ পৰা বিচাৰিছিল ইছলামাবাদে৷

চীন ষ্টেট শ্বিপবিল্ডিং কর্প’ৰেচন লিমিটেড চমুকৈ চি এছ এছ চিৰ দ্বাৰা ডিজাইন আৰু নির্মাণ কৰা ০৫৪এ/পিৰ অন্যতম সংস্কৰণ পিএনএছ টুঘ্রীল নামৰ বৃহত্তম আৰু অত্যাধুনিক যুদ্ধ জাহাজখন সোমবাৰে পাকিস্তানক গতাই দিয়ে৷ চীনৰ চাংহাইত এক কার্যসূচীৰে এই যুদ্ধ জাহাজখন পাকিস্তানক গতাই দিয়ে৷ সাগৰীয় প্রতিৰক্ষা নিশ্চিত কৰাৰ বাবে এই যুদ্ধ জাহাজখনে পাকিস্তানৰ নৌসেনাক অধিক শক্তিশালী কৰি তুলিব৷ ভাৰত মহাসাগৰ অঞ্চলত অন্য দেশৰ শক্তিৰ ভাৰসাম্য বর্তাই ৰাখিবলৈ এই যুদ্ধ জাহাজখন পাকিস্তানৰ অস্ত্র হৈ উঠিব৷ সাগৰীয় প্রতিৰক্ষাৰ ক্ষেত্রত পাকিস্তানলৈ অহা প্রত্যাহ্বান পি এন এছ টুঘ্রীলৰ দ্বাৰা মোকাবিলা কৰাৰ প্রধান অস্ত্র হ’ব বুলিও চীনস্থিত পাকিস্তানী ৰাষ্ট্রদূতগৰাকীয়ে প্রকাশ কৰিছে৷ এই যুদ্ধ জাহাজখনৰ পৰা স্থলৰ পৰা স্থললৈ, স্থলৰ পৰা আকাশলৈ আৰু পানীৰ তললৈ ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ সক্ষমতা আছে৷ তদুপৰি যুদ্ধ জাহাজখনৰ পৰাই সাগৰীয় অঞ্চলৰ পৰিস্থিতি অধিক সক্ষমতাৰে নিৰীক্ষণ কৰিব পৰাৰ ক্ষমতা আছে৷

পাকিস্তানৰ বিশ্বস্ত সহযোগী ৰাষ্ট্র চীনে দেশখনৰ সেনাক শক্তিশালীকৰণৰ বাবে অনেক যুদ্ধাস্ত্র যোগান ধৰি আহিছে৷ নৌবাহিনীক অত্যাধুনিক পিএনএছ টুঘ্রীল যোগান ধৰাৰ পিছত শীঘ্রেই বায়ুসেনাক অত্যাধুনিক জেএফ–১৭ থাণ্ডাৰ যুদ্ধবিমান যোগান ধৰিব৷ ভাৰতৰ প্রতি আগ্রাসী মনোভাব বর্তাই ৰখা চীনে পাকিস্তানৰ সামৰিক বাহিনীক শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰিকল্পনাও ৰূপায়ণ কৰিছে৷ পাকিস্তানৰ গডৰ বন্দৰ নিজৰ অধীনত ৰখা  চীন–পাকিস্তান ইক’নমিক কৰিড’ৰ (চিপিইচি) নির্মাণ কৰি আছে৷ পাকিস্তানৰ নৌসেনাৰ মুৰব্বী এডমিৰেল এম আমজাদ খান নিয়াজীয়ে প্রকাশ কৰা মতে, দেশখনৰ নৌসেনাক আধুনিকীকৰণৰ বাবে চীনে অত্যাধুনিক ৮খন ছাবমেৰিন যোগান ধৰিব৷

You might also like