বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : মহানগৰীৰ জ্যোতিকুছিত মুন্নাভাই এম বি বি এছ। পৰমেশ চক্ৰৱৰ্তী নামৰ ভুৱা চিকিৎসক এজনক জ্যোতিকুছিৰ শংকৰ হোটেলৰ পৰা ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে মুন্নাভাই এম বি বি এছৰূপী পৰমেশ চক্ৰৱৰ্তীয়ে বিগত ১০ বছৰ ধৰি শংকৰ হোটেলত থকা চাৰুলক্ষ্মী আয়ুস নামৰ ফাৰ্মাচীত বহি চিকিৎসকৰ ৰূপত অৱতীৰ্ণ হৈ আহিছিল। শেষত ডাক্তৰ সন্থাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক পৰমেশ চক্ৰৱৰ্তীক। ভুৱা চিকিৎসক পৰমেশৰ পৰা প্ৰেছক্ৰিপচন, পেইড আৰু বিভিন্ন নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে।