নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা বিত্তীয় প্রতিষ্ঠানে লুটিলে লাখ লাখ টকা

🔹 বৰদুৱাৰ বাগানত গ্রাহক ৰাইজৰ হাহাকাৰ

নিয়মীয়া বার্তা, ২২ আগষ্ট : ৰাজ্যখনত সময়ে সময়ে একাংশ ভুৱা প্ৰতিষ্ঠানে সঞ্চয়ৰ নামত সৰ্বসাধাৰণ লোকৰ কষ্টোপাৰ্জিত ধন আত্মসাত কৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ তেনে এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ ভয়ংকৰ বিত্তীয় খেলিমেলিৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পলাশবাৰী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত বিগত প্ৰায় পাঁচ বছৰ পূৰ্বে ছলমান মাৰাক নামৰ যুৱক এজনে গ্ৰামীণ সেৱা নিধি নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিছিল ৷ আনকি উক্ত প্ৰতিষ্ঠানটোত ধন জমা কৰি লাভান্বিত হোৱাৰ প্ৰলোভন দিয়ে। উক্ত প্ৰতিষ্ঠানটোৰ ছলমান মাৰাকৰ নেতৃত্বত কেইবাগৰাকীও এজেণ্টে গ্ৰাহকসকলৰ পৰা দৈনিক তথা বিভিন্ন পৰ্যায়ত সঞ্চয়ৰ বাবে নগদ ধন জমা লোৱাৰ ব্যৱস্থা কৰিছিল বুলিও অভিযোগত প্ৰকাশ ৷ প্ৰায় দুবছৰ গ্ৰাহকসকলৰ সৈতে ঋণ প্ৰদানকে ধৰি যাৱতীয় লেনদেন সুচাৰুৰূপে পৰিচালনা কৰে ৷ কিন্তু সময় বাগৰাৰ লগে লগে গ্ৰাহকসকলৰ সঞ্চয়ৰ নিৰ্ধাৰিত ম্যাদ উকলি যোৱাৰ পিছতো গ্ৰাহক ৰাইজৰ প্ৰাপ্য ধন ওভতাই দিয়াৰ পৰিৱৰ্তে ছলমান মাৰাকে কৌশলেৰে বৰদুৱাৰ বাগানস্থিত কাৰ্যালয়টো বন্ধ কৰে ৷ তেনেক্ষেত্ৰত গ্ৰাহকসকলে নিজৰ জমা কৰা ধনৰাশি বিচৰাত এক আলোচনাত মিলিত হৈ তিনি মাহৰ ভিতৰত সকলো ধন ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ পিছে উক্ত সময় উকলি যোৱাৰ পিছতো ধন ঘূৰাই দিয়াতো দূৰৰে কথা, ছলমান মাৰাকে পলায়ন কৰি গ্ৰাহকসকলৰ সঞ্চিত সমূদায় ধন আত্মসাৎ কৰি আত্মগোপন কৰাৰ অভিযোগ তুলিছে গ্ৰাহকসকলে ৷ উল্লেখ্য যে সীমান্তৱৰ্তী বৰদুৱাৰ বাগান, লোহাৰঘাট, গাড়ীলিককে ধৰি বৃহত্তৰ অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ী, কৃষক তথা সৰ্বসাধাৰণ লোকসকলে নিজৰ প্ৰাপ্য ধন ঘূৰাই নোপোৱাত সম্প্ৰতি হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ভুক্তভোগী গ্ৰাহকসকলে পলাশবাৰী থানাত এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে ৷ আনকি অঞ্চলটোত আন একাংশয়ো এনেকুৱা ভুৱা বিত্তীয় কাৰবাৰ চলাই থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সচেতন ৰাইজে ৷ তেনে ক্ষেত্ৰত উক্ত সেৱা নিধিটোৰ উপৰি অঞ্চলটোত গঢ়ি উঠা এনে ভুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে প্ৰশাসনক যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগীসকলৰ উপৰি সচেতন ৰাইজে ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like