নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা তথ্যৰে এনআৰচিত অন্তর্ভুক্ত মিঞা হুছেইনৰ পৰিয়াল

অবৈধ বাংলাদেশী পৰিয়ালক গ্রেপ্তাৰৰ আর্জিৰে প্রধানমন্ত্রীলৈ পত্র কনিষ্টবলৰ

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ অবৈধ বাংলাদেশী মিঞা হুছেইনৰ পৰিয়ালক এন আৰ চি আৰু ভোটাৰ তালিকাৰ পৰা নাম কর্তন কৰি গ্রেপ্তাৰ কৰাৰ আহ্বান জনাই সোমবাৰে নগাঁও আৰক্ষীৰ এজন কনিষ্টবলে প্রধানমন্ত্রীলৈ এখন পত্র প্রেৰণ কৰে৷ পত্রখনত কনিষ্টবল নজৰুল ইছলামে উল্লেখ কৰিছে যে মিঞা হুছেইনৰ পৰিয়ালে হিন্দু পৰিয়ালৰ ২৫৯ বিঘা মাটি বলপূর্বকভাৱে দখল কৰি, সেই মাটি বিক্রী কৰি সকলোকে নিজৰ হাতত ৰাখি ভাৰতীয় নাগৰিক হ’বলৈ সক্ষম হয়৷ তেওঁ লগতে উল্লেখ কৰে– ‘মই মিঞা হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে মাত মতাৰ কাৰণে মোৰ নিজৰ ম্যাদী পট্টাৰ পৰা ২ কঠা ১০ লেচা মাটি বেদখল কৰাৰ লগতে ভুৱা নথি–পত্র দেখুৱাই পৰিয়ালটো আইনী যুঁজতো জয়ী হয়৷ মই মোৰ ম্যাদী পট্টাৰ মাটিখিনি নিজৰ হাতত ৰাখিবৰ বাবে এই পৰিয়ালটোৰ লগত যুঁজি সর্বস্বান্ত হোৱাৰ লগতে ২৫ লাখ টকা সুদৰ ঋণত ভুগি আছোঁ৷ তদুপৰি এইচ ডি এফ চি বেংকত মোৰ পত্নীৰ গহনা আবদ্ধ হৈ আছে৷ যাৰ বাবে এতিয়া মই মানসিকভাৱে ভাগি পৰিছেছা৷’

পত্রখনত নজৰুল ইছলামে কাইলৈ নিশাৰ ভিতৰত বিষয়টো সন্দর্ভত তদন্ত কৰি পূব পাকিস্তানী মিঞা হুছেইনৰ পৰিয়ালক গ্রেপ্তাৰ কৰাৰ লগতে তেওঁৰ প্রাপ্য সম্পত্তি ঘূৰাই দিয়াৰ বাবে ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়৷ তেওঁ লগতে উল্লেখ কৰে যে তেওঁৰ ল’ৰা–ছোৱালীয়ে কলেজত মাচুল নিদিয়া বাবে কলেজৰ পৰা বঞ্চিত হোৱাৰ পথত অগ্রসৰ হৈছে৷ তদুপৰি তেওঁ পত্রখনত কয়– নির্দিষ্ট সময়ৰ ভিতৰত উচিত তদন্ত নহ’লে গোসাঁইগাঁৱৰ পাল পৰিয়ালৰ দৰে সিদ্ধান্ত ল’বলৈ মই বাধ্য হ’ম৷ ইয়াৰ বাবে দায়ী হ’ব মিঞা হুছেইনৰ পৰিয়াল আৰু তেওঁলোকক সহায় কৰা আৰক্ষী বিষয়া৷ মিঞা হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে উচিত তদন্ত নকৰাকৈ তেওঁৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ নকৰিবলৈ আহ্বান জনায় নজৰুল ইছলামে৷ তদন্তৰ পাছত যদি তেওঁ দোষী প্রমাণিত হয়, তেন্তে তাৰ বাবে যদি তেওঁৰ ফাঁচিও হয়, সেই শাস্তি ল’বলৈ তেওঁ কুণ্ঠাবোধ নকৰে৷ কনিষ্টবলগৰাকীয়ে প্রধানমন্ত্রীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী, অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী, আৰক্ষী সঞ্চালকপ্রধান, অসমৰ নির্বাচন আয়ুক্তলৈ অনুৰূপ পত্র প্রেৰণ কৰি ব্যৱস্থা গ্রহণৰ বাবে দাবী জনায়৷

উল্লেখ্য যে এন আৰ চিৰ চূডান্ত খচৰা তালিকাত নগাঁৱত এটা সন্দেহযুক্ত বাংলাদেশী (পূব পাকিস্তান) পৰিয়ালৰ প্রায় ১৯জন লোকৰ নাম অন্তর্ভুক্ত হোৱাৰ অভিযোগ উঠিছিল৷ প্রাপ্ত তথ্য মতে, নগাঁও জিলাৰ কাছমাৰী মৌজাৰ অন্তর্গত চিলঙনী গাঁৱৰ এই সন্দেহযুক্ত পৰিয়ালটোৱে অতি কৌশলেৰে ভাৰতীয় নাগৰিক হিচাপে পতিয়ন দিয়াৰ চেষ্টাত সফল হৈছে৷ পৰিয়ালটোৰ মুৰব্বী প্রয়াত মিঞা হুছেইন নামৰ লোকজন স্বৰাজোত্তৰ কালৰ পৰা এই অঞ্চলত বসবাস কৰিছিল যদিও নেহৰু–লিয়াকত চুক্তি (দলিল নং ২১৫২/১৯৬৮/ তাৰিখঃ ৭/২/৬৮) অনুসৰি পৰিয়ালটো ১৯৬৮ চনত সেই সময়ৰ পূব পাকিস্তানৰ গোস্বামী, চক্রৱর্তী, শীল পৰিয়ালৰ সৈতে হস্তান্তৰ প্রক্রিয়াৰে ২৫৯ বিঘা মাটি এই তিনিটা পৰিয়ালক চমজাই দি পূব পাকিস্তানত থকা এই হিন্দু পৰিয়ালৰ প্রায় ৭০০ বিঘা মাটি মিঞা হুছেইনৰ পৰিয়ালে চমজি লৈ পূব পাকিস্তানলৈ গুচি যায়৷ এই সন্দর্ভত পৰিয়াল তিনিটাই নগাঁও সদৰ উপ–পঞ্জীয়কৰ কার্যালয়ত একে বর্ষৰ ৭ ফেব্রুৱাৰীত ভূমি হস্তান্তৰ পঞ্জীয়ন সম্পাদন কৰে৷ এই তিনিটা হিন্দু পৰিয়ালে কাছমাৰী মৌজাৰ অন্তর্গত চিলঙনী গাঁৱত এখন গাঁও পাতি বসবাস কৰিছিল৷

নগাঁৱৰ আৰক্ষী কনিষ্টবল নজৰুল ইছলামে ইতিমধ্যে মুখ্যমন্ত্রীলৈ দিয়া এখন পত্রত এই অভিযোগ উত্থাপন কৰিছিল৷ তেওঁ অভিযোগ কৰা মতে, মিঞা হুছেইনৰ পৰিয়ালটো বাংলাদেশ স্বাধীন হোৱাৰ পাছত গোপনে আহি অসমত প্রৱেশ কৰে৷ তেওঁলোক চিলঙনীলৈ আহি হিন্দু পৰিয়ালকেইটাৰ মাটি–সম্পত্তি বলপূর্বকভাৱে দখল কৰি পৰিয়ালকেইটাক তাৰ পৰা খেদি পঠিয়ায়৷ ভুক্তভোগী এই পৰিয়াল দুটাই আজিও ন্যায় নাপালে৷ মিঞা হুছেইন নেহৰু–লিয়াকত চুক্তি অনুসৰি বাংলাদেশলৈ গুচি যোৱাৰ ফলত ১৯৬৮ৰ পৰা ১৯৭১ চনৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তর্ভুক্ত কৰা হোৱা নাছিল৷ আনহাতে, মিঞা হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু হৈ আছে যদিও এই পৰিয়ালটোৰ বিৰুদ্ধে প্রশাসনে আজিলৈকে উপযুক্ত পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ নজৰুল ইছলামে অভিযোগ কৰা মতে মিঞা হুছেইনৰ পৰিয়ালে এই হিন্দু পৰিয়ালৰ মাটি বিক্রী কৰি আহিছে৷ তেওঁ জনোৱা মতে, মিঞা হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে নগাঁও সদৰ থানাত ভাৰতীয দণ্ডবিধিৰ ১২০ (বি) ৪৬৮/৪২০/৪৭১/২১২ ধাৰাৰ অধীনত ১৯৯২/২০১৬ নম্বৰত আৰু ১৪ বিদেশী আইন ১৯৪৬, ১৭ চিটিজেনশ্বীপ এক্ট ১৯৫৫ত গোচৰ ৰুজু হৈ আছে৷ তেওঁ জানিবলৈ দিয়া মতে, কাছমাৰী মৌজাৰ চিলঙনী গাঁৱৰ ২৯৫নং ম্যাদী পট্টাৰ ১৪৮ দাগৰ ২ কঠা ১০ লেচা মাটি ক্রয় কৰিছিল৷ সেই সময়তে নগাঁও জিলাৰ সীমান্ত শাখাৰ আৰক্ষীয়ে চিলঙনী গাঁৱৰ ৫গৰাকী সন্দেহযুক্ত বাংলাদেশী মহিলাক গ্রেপ্তাৰ কৰিছিল৷ তেওঁলোকে ভাৰতীয় নাগৰিক নোহোৱাকৈ ভুৱা পিতৃৰ নামত নথি–পত্র দাখিল কৰিছিল৷

সেই সময়ত তেওঁ সীমান্ত শাখাৰ আৰক্ষী কনিষ্টবল হিচাপে কাম কৰাৰ কথা উল্লেখ কৰি নজৰুল ইছলামে জানিবলৈ দিয়ে যে গ্রেপ্তাৰ হোৱা এই ৫গৰাকী মহিলাক সহায় নকৰা বাবে মই ক্রয় কৰা মাটিখিনিৰ পৰা মিঞা হুছেইনৰ পৰিয়ালে বলপূর্বকভাৱে মোক খেদি পঠিয়ায়৷ এই সন্দর্ভত মই তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিয়া বাবে মোক বহুবাৰ প্রাণেমৰাৰ ভাবুকি দিয়াৰ লগতে বিভিন্ন ধৰণৰ ভয়–ভাবুকি দি আহিছে বুলি তেওঁ পত্রখনত উল্লেখ কৰিছে৷ তেওঁ এই সমষ্ট ঘটনাৰাজিৰ চি আই ডিৰ জৰিয়তে তদন্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্রীক আহ্বান জনায়৷ তেওঁ লগতে কয়– যদি তদন্ত নহয়, মিঞা হুছেইনৰ ৫৯জনীয়া পৰিয়ালটো ভাৰতীয় নাগৰিক নোহোৱা সত্ত্বেও ভাৰতীয় নাগৰিক হোৱাৰ কোনো বাধা নাথাকিব৷ তেওঁ জানিবলৈ দিয়ে যে এই লোকসকলে ভুৱা প্রমাণ–পত্র দিয়াৰ কথা নগাঁৱৰ অতিৰিক্ত উপায়ুক্তক জনোৱাৰ পাছত অতিৰিক্ত উপায়ুক্তই নথি–পত্রৰ ভিত্তিত এই ৫৯জন মানুহৰ নাম এন আৰ চিৰ পৰা কর্তন কৰে যদিও ৰহস্যজনকভাৱে ইয়াৰে প্রায় ১৯জনৰ নাম এন আৰ চিৰ চূডান্ত খচৰাত অন্তর্ভুক্ত হয়৷ তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, মিঞা হুছেইনৰ পৰিয়ালে ভুৱা নথি–পত্রৰে কাছমাৰী মৌজাৰ চিলঙনী গাঁৱৰ ৩৯৫/৩৯৩ দাগৰ ৪ কঠা মাটি আৰিফুল ইছলামক চলিত বর্ষত বিক্রী কৰে৷ এই মাটিখিনিৰ নামজাৰি নাকচ কৰিবৰ বাবে নজৰুল ইছলামে নগাঁও সদৰ ৰাজহ চক্রৰ কার্যালয়ত আবেদন কৰিছিল যদিও কার্যালয়টোৱে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

You might also like