নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰাকসহ বিলাতী সুৰা জব্দ ফকিৰগঞ্জ আৰক্ষীৰ, আটক ট্ৰাকচালক

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ একাংশ থানাৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে। মঙলবাৰৰ দিনা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰাৰ ২৪ ঘন্টাৰ ভিতৰত জিলাখনৰ ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে অবৈধ বিলাতী সুৰাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আইৰকাটা ফলিমাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। গোৱালপাৰাৰ কাবাইটাৰীৰ পৰা এখন ট্ৰাক ভৰ্তি কৰি ফকিগঞ্জৰ অভিমুখে আহি থকাৰ সময়তে ফকিৰগঞ্জৰ আৰক্ষীয়ে তালাচী চলোৱাত ট্ৰাকখনত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা প্ৰত্যক্ষ কৰাত ট্ৰাকৰ লগতে চালক ইছামুদ্দিনক আটক কৰে। ট্ৰাকখনৰ পৰা বহু সুৰাৰ বটল জব্দ কৰে। আৰক্ষীয়ে আটক কৰা ট্ৰাকখনৰ নম্বৰ AS-25 FC-0618। আটকাধীন চালক ইছামুদ্দিনক ফকিৰগঞ্জ আৰক্ষী থানালৈ লৈ যায় আৰু সম্প্ৰতি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like