বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো অব্যাহত আছে খ্ৰীষ্টিয়ান ধৰ্মৰ আগ্ৰাসন৷ বিভিন্ন প্ৰলোভনেৰে সহজ সৰল লোকসকলক ধৰ্মান্তৰকৰণ কৰি হিন্দু ধৰ্মৰ লগতে থলুৱা ভাষা-কৃষ্টি-সংস্কৃিতলৈ ভাবুকি কঢ়িয়াই আনিছে এটা চক্ৰই৷ বিশেষকৈ কৃষিজীৱী তিৱা জনজাতীয় লোকসকলক প্ৰলোভনৰ জালত বন্দী কৰি খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত উঠিপৰি লাগিছে এটা দুষ্টচক্ৰ৷ ফলত তিৱা ভাষা-কৃষ্টি-সংস্কৃতিলৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে এই ধৰ্মান্তৰকৰণে৷ কিন্তু শেহতীয়াকৈ এইক্ষেত্ৰত কঠোৰ হৈছে জাগীৰোডৰ একাংশ সমাজ সচেতন ব্যক্তি ৷ পূৰ্বে ধৰ্মান্তৰিত হোৱা ব্যক্তিসকলক পুনৰ নিজ ধৰ্মলৈ উভতাই অনাৰ প্ৰয়াস চলাইছে এইসকল সচেতন ব্যক্তিয়ে৷ তাৰেই পৰিপ্ৰেক্ষিতত খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা ১১টা পৰিয়ালৰ মুঠ ৪৩গৰাকী সদস্যক হিন্দু ধৰ্মলৈ উদ্ধাৰ কৰা হয় ৷ গোভা দেউৰজা ৰাজপাৰিষদে জাগীৰোডস্থিত গোভা ৰজাৰ ৰাজভৱনত আয়োজন কৰে তিৱা পৰম্পৰাগত ধৰ্ম সংস্কৃতি সভা আৰু উদ্ধাৰ পৰ্ব ৷ য’ত প্ৰলোভনৰ বলি হৈ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা জাগীৰোডৰ তিৱাচং গাঁৱৰ ১১টা পৰিয়ালৰ মুঠ ৪৩গৰাকী সদস্যক পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে পুনৰ হিন্দু ধৰ্মলৈ উদ্ধাৰ কৰা হয়৷ পৰিয়ালসমূহৰ সদস্যসকলৰ অনুমতি সাপেক্ষে গোভা দেউৰজাৰ পৰম্পৰাগত পূজাঅৰ্চনা আৰু ৰীতিনীতিৰ অন্তত খ্ৰীষ্টিয়ান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্মলৈ উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে গোভা দেউৰজা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে৷ উক্ত ধৰ্ম সংস্কৃতি সভা আৰু উদ্ধাৰ পৰ্বত গোভা দেউৰজা দিপসিং দেউৰজা, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি, তিৱা স্বায়ত্ব পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাস, তিৱা নেতা ৰিমল আমচিৰ লগতে গোভা ৰজাৰ বা-বিষয়া আৰু প্ৰায় দুই শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷ উল্লেখ্য যে, গোভা দেউৰজা পৰিচালনা সমিতৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত এই উদ্ধাৰ পৰ্ব অধিক শক্তিশালী কৰিবলৈ উপস্থিত সকলোৱে আহ্বান জনায় ৷ ধৰ্মান্তৰকৰণে যি সময়ত সমগ্ৰ দেশ তথা ৰাজ্যত সামাজিক সংকটৰ সৃষ্টি কৰিছে সেই সময়তে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ খীষ্ট্ৰীয়ান জনগোষ্ঠীয় পৰিয়াল উভতি আহিল হিন্দু ধৰ্মলৈ। বহু বছৰ পূৰ্বে খীষ্ট্ৰান ধৰ্মত দীক্ষিত হোৱা এই সকলৰ লোকে অৱশেষত ভাৰতীয় ধৰ্ম সংস্কৃতিৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰি উভতি আহিছে নিজ ধৰ্মীয় পন্থালৈ। এক কথাত শিপাৰ সন্ধানত কেইবাটাও তিৱা জনগোষ্ঠীয় পৰিয়াল। সৰ্বত্ৰে ধৰ্মান্তৰকৰণৰ চৰ্চা চলি থকাৰ সময়তে জাগীৰোডৰ তিৱাচোং গাঁৱৰ ১১ টা পৰিয়ালৰ আদৰ্শনীয় পদক্ষেপ। পিতৃ-মাতৃ তথা পূৰ্বপুৰুষৰ দিনৰে পৰা দিক্ষিত হৈ অহা খ্ৰীষ্টিয়ান ধৰ্ম ত্যাগ কৰি পুনৰ উভতিল হিন্দু ধৰ্মলৈ। তিৱা ভাষা-সংস্কৃতি সভাৰ উদ্যোগত ১১ টা পৰিয়ালৰ মুঠ ৪৩ গৰাকী লোকে উভতি আহিল স্ব-ধৰ্মলৈ। সম্পূৰ্ণ তিৱা জনগোষ্ঠীয় ৰীতি নীতিৰে তিৱা ৰাজ পৰিষদে সম্পন্ন কৰিলে উদ্ধাৰ পৰ্ব। নিজৰ ধৰ্মলৈ উভতি আহি অত্যন্ত সুখী এইসকল তিৱা জনগোষ্ঠীয় পৰিয়াল।এতিয়াৰে পৰা এই পৰিয়ালসমূহে স্বধৰ্ম ৰক্ষা কৰি চলিব বুলিও মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত। ধৰ্মান্তৰিত হোৱা এইসকল পৰিয়ালক ওভোটাই অনাৰ ক্ষেত্ৰত তিৱা ৰাজপৰিষদে লোৱা যোগাত্মক ভূমিকাৰো শলাগ লৈছে সচেতন মহলে।