নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বজালীৰ এটা পৰিয়াল

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ যি সময়ত চৰকাৰে ৰাজ্যখনৰ একাংশ পৰিয়ালক ৰাজনৈতিক মুনাফা আদায়ৰ বাবে হিতাধিকাৰীত পৰিণত কৰিব বিচাৰিছে সেই সময়তে বজালীৰ এটি নিঃশ্ব পৰিয়াল বঞ্চিত হৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বালা যোজনা, গ্ৰাম্য বৈদ্যুতিকৰণ, অৰুনোদয়কে আদি কৰি গৰীৱ পৰিয়ালৰ বাবে প্ৰৱৰ্তন কৰা সকলো চৰকাৰী সা-সুবিধাৰ পৰা৷ পৰিয়ালটোৰ কোনো অভিজ্ঞ তথা বৰমুৰীয়া ব্যক্তি নোহোৱাৰ বাবে চৰকাৰী বিষয়া, কৰ্মচাৰী, গাওঁ পঞ্চায়ত সদস্য আদি চৰকাৰী প্ৰতিনিধিসকলে বছৰৰ ধৰি ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি আহিছে বজালীৰ ভৱানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰী গাঁওৰ এই দৰিদ্ৰ পৰিয়ালটিক৷ সমষ্টিটোৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পৰিয়ালটিৱে দীৰ্ঘদিন ধৰি এটি গাহৰিৰ গৰাল সদৃশ আওহতীয়া জৰাজীৰ্ণ গৃহত বসবাস কৰি আহিছে৷ উল্লেখ্য যেএই উৰুখা পজাটিত বাস কৰি আহিছিল প্ৰয়াত প্ৰফুল্ল কলিতাৰ পত্নী সুৰুচি কলিতা, জীয়ৰী মাকনী কলিতা আৰু নাতি চম্পক কলিতা৷ এক কদৰ্যময় পৰিৱেশত প্ৰতিপল জীৱন সংগ্ৰাম কৰি অহা এই দৰিদ্ৰ পৰিয়ালটোৱে পৰৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে দুবেলা দুমুঠিৰে জীৱন নিৰ্বাহ কৰি আহিছে৷ কেতিয়াবা কাম বন কৰিবলৈ নাপালে অনাহাৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় এই দুৰ্ভগীয়া পৰিয়ালটোৱে৷ সকলোপিনৰ পৰা বিপৰ্যস্ত পৰিয়ালটোৰ ৭ বছৰীয়া কণমানি শিশুটোও এক জটিল ৰোগত আক্ৰান্ত৷ ইয়াৰ পিছতে পৰিয়ালটোৰ মুৰৰ ওপৰত সৰগ ভাগি পৰে যোৱা কাতি বিহুৰ দিনাখন৷ বৃদ্ধা মাতৃ আৰু সাত বছৰীয়া কণমানি সন্তান চম্পক কলিতাক লৈ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মাকনী কলিতাৰ বিয়োগ ঘটে কাতি বিহুৰ দিনাখন৷ যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটোৰ এতিয়া না-জল না-থল অৱস্থাৰ সৃষ্টি হৈছে৷ এতিয়া ৭০ বছৰীয়া ৰুগীয়া আইতাক সুৰুচি কলিতাৰ ওপৰতে পৰিছে ঘৰখনৰ সমষ্ট দায়িত্ব৷ এতিয়া নাতিয়েকক লৈ বুঢ়ী আইতাকৰ গভীৰ সমস্যা৷ এনেকুৱা পৰিস্থিতিত কি কৰিব, কি নকৰিব আদি বহুতো সমস্যা সন্মুখত লৈ চকুৰ পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে আইতাক সুৰুচিৰ৷ পৰিয়ালটোৰ চলাই নিয়াৰ লগতে ৰোগাক্ৰান্ত শিশুটিৰ বাবে সময়ে সময়ে ঔষধ পাতি যোগান ধৰাটো অতি কষ্টকৰ হৈ পৰিছে৷ উল্লেখ্য যে এখন পথাৰৰ মাজত আওহতীয়াকৈ বস বাস কৰি অহা এই পৰিয়ালটোক ঢুকি পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰদান কৰা কোনো এটা চৰকাৰী আঁচনিয়ে পৰিয়ালটোক স্পৰ্শ কৰিব নোৱাৰাটো অতি পৰিতাপৰ কথা৷ আনকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰি অহা গৃহৰ সুবিধাও এই দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈ লাভ কৰা নাই৷ বিদ্যুত সংযোগ অবিহনে মাটিৰ চাকি জ্বলাই প্ৰতিটো নিশা অতিবাহিত কৰি আহিছে পৰিয়ালটোৱে৷ কাৰণ এক অস্বাস্থ‍্যকৰ পৰিৱেশত বাস কৰা পৰিয়ালটোৱে লাভ কৰা নাই চৰকাৰে যোগান ধৰা চৰকাৰী বিনামূলীয়া বিদ্যুৎ সংযোগ ব্যৱস্থা৷ চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালতে বিদ্যুৎ সংযোগৰ ব্যৱস্থা প্ৰদান কৰি এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও কি কাৰণত এই পৰিয়ালটো বিদ্যুৎ সংযোগ নোহোৱাকৈ দিন কটাব লগা হৈছে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে৷ ইয়াৰ উপৰিও বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আৰু চৰকাৰে যোগান ধৰা অনাময় আঁচনিৰ শৌচালয় আদিৰ লাভ নকৰাত পৰিয়ালটোলৈ নামি আহিছে বিপৰ্যয়৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা উজলা আঁচনি, ৰাজ্য চৰকাৰৰ অৰুনোদয় আচনিৰ পৰাও বঞ্চিত হৈ আহিছ৷ এনেদৰে বিভিন্ন সমস্যাৰ চাকনৈয়াত আৰ্থিক ভাৱে বিধ্বস্ত পৰিয়ালটোক উদ্ধাৰৰ বাবে ৰাইজৰ বাবে সহায়ৰ প্ৰয়োজন । যি সময়ত প্ৰধান মন্ত্ৰী আৱাস যোজনা , উজলা আঁচনি , অনা ময় অভিযান , বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদি দৰিদ্ৰ পৰিয়ালক উপকৃত কৰাৰ যিবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল কাৰ্যক্ষেত্ৰত সেইবোৰ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিছে নাই সেয়া এক সন্দেহৰ বিষয় বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে । আনহাতে গাঁওখনৰ দুখীয়া দৰিদ্ৰ পৰিয়ালটোৰ বাবে অঞ্চলটোৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ পদাধিকাৰী তথা স্থানীয় বিধায়ক ফনীধৰ তালুকদাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে । পৰিয়ালটোৰ এডোখৰ পৈত্ৰিক ভূমি থকাৰ পিছতো জীয়াই থকা নু্ন্যতম সুবিধা সমূহ লাভ নকৰাটো অতি পৰিতাপৰ বিষয় বুলি স্থানীয় ৰাইজে অতি ক্ষোভেৰে ব্যক্ত কৰিছে৷ কিন্তু এনেদৰে দৰিদ্ৰতাৰে যুঁজি থকা পৰিয়ালটোক পৰিবৰ্তনকামী চৰকাৰখন তথা শাসনাধিষ্ঠিত বিজেপি দলৰ স্থানীয় বিধায়ক ফনীধৰ তালুকদাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়হে কব৷

প্ৰেৰক কল্যাণ কলিতা

You might also like