নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপটগ্ৰাম ৰয়েল একাডেমী স্কুলত বিদায়ী সভা-সম্বৰ্ধনা পৰ্ব

নিয়মীয়া বাৰ্তা,  ২৭ জানুৱাৰী : কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী সাপটগ্ৰাম চহৰত অৱস্থিত সাপটগ্ৰাম ৰয়েল একাডেমীত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাকে  ধৰি আগন্তুক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বিদায়ী সভা আৰু এইখন বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। কাৰ্য্যসূচী অনুসৰি, সাপটগ্ৰাম ৰয়েল একাডেমীৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গোবিন্দ আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শিক্ষানুষ্ঠানখনৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাকে ধৰি চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ অভিজ্ঞতাপুষ্ট আৰু আৱেগবিহ্বল পৰিৱেশত বক্তব্য প্ৰদান কৰে। পিছত যোৱা বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তথা চৰকাৰৰ পৰা স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। পিছত উপস্থিত থকা নতুন আৰু পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্য বক্তব্য প্ৰদান কৰে শিক্ষানুষ্ঠানৰ সভাপতি গোবিন্দ আগৰৱালা, শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষা তথা বিশিষ্ট শিক্ষাবিদ ডঃ পদ্মা গুহ আগৰৱালা, সাপটগ্ৰাম মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহিবুল হক চৌধুৰীকে ধৰি শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে উপস্থিত থকা শিক্ষানুৰাগী ব্যাক্তিসকলে।

 

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like