বিজেপিৰ প্ৰদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ নেতৃত্বত ডিমৰীয়াত কৃষক সম্পৰ্ক অভিযান
নিয়মীয়া বাৰ্তা, ১২ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আজি কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ ডিমৰীয়াত এক কৃষক সম্পৰ্ক অভিযান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দেশত মোদী চৰকাৰৰ সু-শাসন আৰু গৰিব কল্যাণৰ বাবে লোৱা কেন্দ্ৰীয় নীতি আৰু যোজনা ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্য ১৫ দিনীয়া কাৰ্য্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত অনুষ্ঠানত প্ৰদেশ বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি তথা গুৱাহাটী মহানগৰৰ প্ৰভাৰী ৰঞ্জিত ভট্টাচাৰ্যই বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ ১৫০ৰ পৰা ২০০ কৃষকক লৈ জনসম্পৰ্ক কৰি বিভিন্ন আঁচনিৰ ওপৰত মত বিনিময় কৰে। সভাত বিজেপি কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ভাস্কৰ দাস, , কৃষক মৰ্চাৰ জিলা সভাপতি সঞ্জীৱ সমৰ ডেকা, কৃষক মৰ্চাৰ মণ্ডল সভাপতি প্ৰিয় নাথ ডেকা, বিজেপিৰ মণ্ডল সভাপতি ৰাজেন মহন্ত, গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী জবা ইংতি প্ৰমুখ্যে দলৰ ভালেসংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে ।