নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : শেহতীয়াকৈ অহা ভদীয়া বানে তহিলং কৰিলে কৰ্দৈগুৰিৰ বিস্তীৰ্ণ এলেকাৰ খেতিপথাৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কৰ্দৈগুৰি অঞ্চলটোৰ লোকসকলৰ ৯৫ শতাংশই কৃষিৰ ওপৰত নিৰ্ভৰশীল। অঞ্চলটোৰ লোকসকলে বিশেষকৈ চাহ আৰু ধানৰ খেতি কৰিয়েই পৰিয়াল পোহপাল দি আহিছে। চলিত বৰ্ষত কেঁচা চাহপাতৰ উৎপাদন আৰু মূল্য হ্ৰাস পাই অহাৰ মাজতে বানপানীয়ে খেতিপথাৰবোৰ বুৰাই অনিষ্ট কৰা কাৰ্যত দুৰ্ভগীয়া খেতিয়কসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে । গাঁঠিৰ ধন খৰচ কৰি বহু কষ্টৰ বিনিময়ত খেতিয়ক ৰাইজে পথাৰত শালি ধানৰ কঠীয়া ৰোপণ কৰিছিল যদিও কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু নদীৰ বাঢ়নী পানীয়ে কৃষকৰ সকলোবোৰ সপোন নিৰ্বাপিত কৰি পেলালে। দুখীয়া কৃষকসকলে পথাৰত পুনৰ ৰোপণ কৰিবলৈ কঠীয়াও নাই আৰু পুনৰ খৰচ কৰিবলৈ হাতত ধনৰো অভাৱ বুলি দুখেৰে জানিবলৈ দিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই কিদৰে দুৰ্ভগীয়া খেতিয়কসকলক সহায় কৰে, সেয়াহে লক্ষণীয় হ’ব।
প্ৰেৰক নৱজ্যোতি মৰাণ