নিজ কন্যাক যৌন নিৰ্যাতন চলাই ৰঙাঘৰত অধ্যক্ষ
নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ নিজ কন্যাক দীর্ঘদিন ধৰি যৌন নির্যাতনৰ লগতে ভয়ংকৰ শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱা লম্পট তথা কুলাংগাৰ পিতৃ আশুতোষ কুণ্ডুক অৱশেষত মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰে৷ মহানগৰীৰ ৰিহাবাৰীৰ মাধৱপুৰত থকা বাসগৃহৰ পৰা ক্রাইম ব্রাঞ্চে পাণবজাৰ মহিলা থানাৰ আৰক্ষীৰ সহযোগত অসভ্য আশুতোষ কুণ্ডুক গ্রেপ্তাৰ কৰে৷ ক্রাইম ব্রাঞ্চৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰ’জী তালুকদাৰে জনোৱা মতে, মহানগৰীৰ পাঞ্জাবাৰীস্থিত বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ আশুতোষ কুণ্ডুৰ বিৰুদ্ধে তেওঁৰ কন্যাই যোৱা ৩০ নৱেম্বৰত পাণবজাৰৰ সদৌ মহিলা থানাত যৌন নির্যাতন তথা শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ কৰি এজাহাৰ দাখিল কৰে৷ এই অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৩৫২/৫০৬/২৯৪ আৰু ৩৭৬ সংযুক্ত ধাৰাত আশুতোষ কুণ্ডুৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত ১৮৫/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়৷ এই গোচৰ ৰুজু কৰাৰ পিছতে চৰিত্রহীন অধ্যক্ষজনক থানাত হাজিৰ হ’বলৈ দিছিল যদিও হাজিৰ হোৱাৰ পৰিৱর্তে পলাতক হৈ আছিল৷ ইয়াৰ মাজতে দেওবাৰে নিশা ক্রাইম ব্রাঞ্চে পাণবজাৰ মহিলা থানাৰ আৰক্ষীৰ সহযোগত ৰিহাবাৰীত থকা ৪২নং বাসগৃহৰ পৰা আশুতোষ কুণ্ডুক গ্রেপ্তাৰ কৰে৷
উল্লেখ্য যে আৰক্ষীৰ প্রৱেশত বাধা দিবলৈ কুৎচিত চৰিত্রৰ লোক আশুতোষ কুণ্ডুই দুৱাৰত বাহিৰৰ পৰা তলা লগাই থৈছিল৷ আৰক্ষীয়ে দুৱাৰ খুলিবলৈ বাৰম্বাৰ কোৱাৰ পিছতো কুণ্ডু দম্পতীয়ে খুলি দিয়া নাছিল দুৱাৰ৷ পিছত আৰক্ষীয়ে জখলাৰে ওপৰলৈ উঠি গৈহে ঘৰৰ ভিতৰত সোমাবলৈ সক্ষম হয়৷ আৰক্ষী বিষয়া ৰ’জী তালুকদাৰে জনোৱা মতে, ২০০৪ চনৰ পৰা ২০১১ চনলৈ সুদীর্ঘ ৭ বছৰ ধৰি পিতৃ আশুতোষ কুণ্ডুই যৌন নির্যাতন চলোৱা বুলি এজাহাৰখনত স্পষ্টকৈ উল্লেখ কৰিছে৷ যৌন নির্যাতন চলোৱাৰ বিৰুদ্ধে প্রতিবাদ কৰিলে সেই সময়ৰ কিশোৰীগৰাকীক অকথ্য শাৰীৰিক নির্যাতন চলাইছিল লম্পট পিতৃয়ে৷ তদুপৰি এই জঘন্য ঘটনা ফাদিল নকৰিবলৈ আশুতোষ কুণ্ডুই ভুক্তভোগী কিশোৰীগৰাকীক ভাবুকি দি আহিছিল৷ বর্তমান ২৬ বছৰত ভৰি দিয়া যুৱতীগৰাকীয়ে সেই সময়ত ভয় আৰু সমাজত মর্যাদা লাঘৱ হোৱাৰ আশংকা কৰি সমগ্র ঘটনা গোপনে ৰাখিছিল৷ আনহাতে ২০১১ চনৰ পৰা আশুতোষ কুণ্ডুই সমগ্র ঘটনা গোপনে ৰাখিবলৈ শাৰীৰিক আৰু মানসিক নির্যাতন চলাই অহা বুলিও ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰত গুৰুতৰ অভিযোগ কৰিছে৷
অৱশ্যে ইয়াৰ মাজতে যুৱতীগৰাকীয়ে এবছৰ বাংগালুৰুত পঢ়িবলৈ গৈছিল৷ আৰক্ষীয়ে ঘটনা সংক্রান্তত ভুক্তভোগী যুৱতীগৰাকীৰ দুবাৰকৈ জবানবন্দী গ্রহণ কৰে৷ এই জঘন্য ঘটনা সংক্রান্তত লম্পট অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে টেকনিকেল এভিডেন্স পোৱা বুলিও ৰ’জী তালুকদাৰে জানিবলৈ দিয়ে৷ উল্লেখ্য যে ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃ গীতা কুণ্ডু হ’ল ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ–সচিব৷ আশুতোষ কুণ্ডুৰ জঘন্য দুষ্কার্যৰ বিষয়ে অৱগত হোৱাৰ পিছতো ইমানদিনে স্বামীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ পৰিৱর্তে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি অহা গীতা কুণ্ডুকো নিজ কন্যাৰ অভিযোগ সন্দর্ভত আৰক্ষীয়ে সোধা–পোছা কৰিছে৷ ঘটনা সংক্রান্তত সোধা–পোছা কৰিবলৈ উচ্চ শিক্ষা বিভাগৰ শীর্ষ বিষয়াগৰাকীক পুনৰ থানাত হাজিৰ হ’বলৈ জাননী দিয়া হৈছে বুলি ৰ’জী তালুকদাৰে জানিবলৈ দিয়ে৷ ইপিনে, অসভ্য আশুতোষ কুণ্ডুক আজি আৰক্ষীয়ে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্রেৰণ কৰে৷