🔹 যোগীঘোপাত শোকাৱহ ঘটনা
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত দলনি বিলত আজি পুৱা এক শোকাৱহ ঘটনা সংঘটিত হয়। দলনি বিলত মাছ মাৰিবলৈ যোৱা দুই পিতা-পুত্ৰৰ একেলগে ৰহস্যজনকভাৱে সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । সলিল সমাধি ঘটা দুজন ক্ৰমে যোগীঘোপাৰ নিকটৱৰ্তী কুমাৰকাটা দ্বিতীয় খণ্ড (পুৰাণিপাৰা) গাঁৱৰ পুৰেণ চন্দ্ৰ দাস আৰু তেওঁৰ পুত্ৰ অংকুৰ দাস (২১) বুলি চিনাক্ত কৰিছে। জানিব পৰা মতে, দুই পিতা-পুত্ৰই আন দিনাৰ দৰে যোৱানিশাও দলনি বিলত মাছ মাৰিবলৈ যায় । কিন্তু সময় মতে ঘৰলৈ উভতি নহাত দুশ্চিন্তাত পৰে পৰিয়ালৰ লোক । আনকি গোটেই নিশা দুই পিতা-পুত্ৰ ঘৰলৈ উভতি নহাত হাহাকাৰৰ সৃষ্টি হয় পৰিয়ালটোত। ইয়াৰ পাছতে আজি পুৱা স্থানীয় একাংশ লোকে পিতা-পুত্ৰক বিচাৰি সন্ধান চলায় বিলখনত। কিন্তু পিতা-পুত্ৰক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ পৰিৱৰ্তে বিলৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। এই লৈ গাঁওখনত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সম্পৰ্কে যোগীঘোপা আৰক্ষীয়ে খবৰ লাভ কৰাত ঘটনাস্থলীত উপস্থিত হৈ দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে দুয়োৰে মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । একেলগে পিতা-পুত্ৰৰ সলিল সমাধি হোৱা বিষয়টোৱে ৰহস্যৰো সৃষ্টি কৰিছে । উল্লেখ্য যে নিশা বিলৰ নৈশ পহৰাদাৰে বিলৰ পাৰত উদ্ধাৰ কৰিছিল এটি টৰ্চ লাইট আৰু মাছ ধৰা সঁজুলি। ইপিনে, স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বিলত মাছ মাৰিবলৈ যোৱা একাংশ লোকৰ সৈতে নৈশ পহৰাদাৰৰ প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈ আহিছিল। কালি নিশা মাছ মাৰিবলৈ যোৱা পিতা-পুত্ৰৰ টৰ্চ লাইট উদ্ধাৰ কৰা ঘটনাই ৰহস্য সৃষ্টি কৰিছে। আনহাতে, শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা পুৱাই পিতা-পুত্ৰৰ মৃত্যুত গাঁওখনত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস